নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Colors টিভিত অভিনয় কৰিব অসমৰ অভিনেত্ৰী সুৰভি দাসে…

নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ  অতি সোনকালেই অসমৰ জীয়াৰী সুৰভি দাসে  Colors টিভিৰ   ধাৰাবাহিকত অভিনয় কৰিব ।    কালাৰ্ছ ছেনেলৰ উদ্যোগতাই এই কথা জানিবলৈ দিছে। অসম জীয়াৰী সুৰভি দাসে ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ যুৱতীৰ কাহিনীৰ ওপৰত আধাৰিত এখন ধাৰাবাহিকত অভিনয় কৰিব। ধাৰাবাহিক খনৰ নাম হৈছে  – ‘নিমা ডেনজংপা’।

সুৰভি দাস হৈছে অসমৰ  এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। সুৰভিয়ে অসমৰ  ধাৰাবাহিক পৰিণীতাত অভিনয় কৰি জনপ্ৰিয় হৈছিল।

এই সন্দৰ্ভত সুৰভিয়ে নিজৰ মনৰ কথা ইনষ্টাগ্ৰামৰ যোগেদি কয় যে সপোন বোৰ দেখিছিলো কেতিয়াবা সঁচা হব বুলি , কিন্তু এনেকৈ যে ভগৱানে উপহাৰ দিব ভবাই নাছিলোঁ। শুনিছিলো কিবা এটা বস্তু মনৰ পৰা বিচাৰিলে তাক পোৱা যায় আজি অনুভৱ কৰিছো ।
মৰম আৰু আশীৰ্বাদ কৰিব সদায় চেষ্টা কৰি যাম ।
জয় আই অসম ❤️।

 

 

View this post on Instagram

 

A post shared by Surabhi Das (@surabhi_das22)

You might also like