নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খিলাড়ী অক্ষয় কুমাৰৰ সৈতে বিচ্ছেদৰ পাছতে অশ্লীল ছবি নিৰ্মাতা ৰাজ কুন্দ্রাৰ সৈতে বিয়াত বহিছিল অভিনেত্রী শিল্পা ছেট্টী

নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ  শিল্পা ছেট্টীয়ে যদিও ৰাজ কুন্দ্ৰাৰ সৈতে বিবাহ পাশত আবদ্ধ হ’ল কিন্তু এটা সময় আছিল যেতিয়া মোহময়ী অভিনেত্ৰীগৰাকীয়ে অক্ষয় কুমাৰক পাগলৰ দৰে ভাল পাইছিল।

অক্ষয় কুমাৰ আৰু শিল্পা ছেট্টীৰ প্ৰথম দেখাদেখি ১৯৯৪ চনত মুক্তি লাভ কৰা ছবি Main Khiladi Tu Anariৰ যোগেদি হৈছিল। কিন্তু সেই সময়ত খিলাড়ী অক্ষয়ৰ প্ৰেম চলি আছিল ৰবিনা তেণ্ডেলৰ লগত। পিছে শিল্পা ছেট্টীৰ বাবেই অক্ষয়ৰ ৰবিনাৰ সৈতে প্ৰেম বিচ্ছেদ হৈছিল।

অৱশ্যে সময়ৰ সৈতে দুয়োৰে প্ৰেম ভালকৈ চলি থকাৰ মাজতে কিছু মনোমালিন্য হোৱাৰ বাবে অক্ষয় কুমাৰে টুইংকল খান্নাৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। ইপিনে প্ৰেম বিচ্ছেদ হোৱাৰ পাছত শিল্পাই অক্ষয়ৰ ওপৰত অভিযোগ তুলি এটা সাক্ষাৎকাৰত কৈছিল, “অক্ষয় কুমাৰে মোক ব্যৱহাৰ কৰিলে। যেতিয়া বেলেগ এগৰাকীক পালে মোক অতি সহজে এৰি দিছিল। তেওঁ একমাত্ৰ এনে এজন ব্যক্তি, যাক মই বেয়া পাওঁ। কিয়নো তেওঁ মোক প্ৰৱঞ্চনা কৰিলে। মোৰ বিশ্বাস সময়ে ইয়াৰ হিচাপ ল’ব।”

আনহাতে এই সাক্ষাৎকাৰতে শিল্পাই কৈছিল যে তেওঁ অক্ষয়ৰ সৈতে একেলগে কোনো ছবিতে কাম নকৰে। সঁচাকৈয়ে ২০০০ চনত মুক্তি লাভ কৰা Dhadkan ছবিৰ পাছত দুয়োগৰাকী অভিনেতা-অভিনেত্ৰীক পুনৰ একেলগে ছবিজগতত দেখা যোৱা নাই।

উল্লেখ্য যে যোৱা ১৯ জুলাইত মুম্বাই আৰক্ষীয়ে অশ্লীল ছবি তথা পর্ন ছবি নির্মাণ কৰাৰ অভিযোগত ৪৫ বছৰীয়া ৰাজ কুন্দ্রাক গ্রেপ্তাৰ কৰিছিল৷ অভিনেত্রী শিল্পাৰ স্বামী ৰাজ কুন্দ্রাৰ বিৰুদ্ধে ইতিমধ্যে পর্ন ছবি নির্মাণত জড়িত থকাৰ অনেক তথ্য মুম্বাই আৰক্ষীয়ে লাভ কৰিছে৷

You might also like