নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনত পুনৰ নির্মাণ পৰমাণু ক্ষেপণাস্ত্রৰ ভাণ্ডাৰ

নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ আমেৰিকাই দেশখনৰ পশ্চিম প্রান্তত নির্মাণ কৰিছে পাৰমাণৱিক ক্ষেপণাস্ত্র ছাইলো ক্ষেত্র৷ আমেৰিকাৰ বিজ্ঞানীসকলে এই অভিযোগ কৰিছে৷ ঝিনজিয়াং প্রদেশত এই পাৰমাণৱিক ক্ষেপণাস্ত্রৰ এক বৃহৎ ক্ষেত্র গঢ়ি তোলাৰ তথ্য উপগ্রহৰ ছবিৰ পৰা লাভ কৰিছে আমেৰিকাই৷ আমেৰিকাৰ প্রতিৰক্ষা বিষয়াসকলে চীনৰ এই পাৰমাণৱিক ক্ষেপণাস্ত্র ভাণ্ডাৰ নির্মাণৰ বিষয়টোক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে৷

স্মর্তব্য যে ইয়াৰ পূর্বেও বৃহৎ পাৰমাণৱিক ক্ষেপণাস্ত্রৰ ভাণ্ডাৰ গঢ়ি তুলিছিল চীনে৷ শেহতীয়াকৈ নির্মাণ কৰা এই বৃহৎ ক্ষেত্রত পাৰমাণৱিক ক্ষেপণাস্ত্রত কমপক্ষেও ১১০টা ভাণ্ডাৰ ৰখাটো সম্ভৱ হ’ব বুলি ধাৰণা কৰিছে মার্কিন প্রতিৰক্ষা বিভাগে৷ বিগত দুমাহ ধৰি এই নির্মাণকার্য চলি থকা বুলি দাবী কৰিছে বিজ্ঞানীসকলে৷

You might also like