নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লেকমী ফেশ্বন উইকঃ সংযুক্তা দত্তৰ ‘শুকুলা’ৰে ৰেম্পত লাৰা দত্ত

নিয়মীয়া বাৰ্তা ২২ মাৰ্চঃ মেখেলা–চাদৰক অনন্য ৰূপ প্রদান কৰি প্রখ্যাত হোৱা ডিজাইনাৰ সংযুক্তা দত্তই এইবাৰ লেকমী ফেশ্বন উইকত তেওঁৰ নতুন সংগ্রহ ‘শুকুলা’ দেওবাৰে প্রদর্শন কৰে৷ ফেশ্বন তথা বলীউড সুন্দৰী লাৰা দত্তক সংযুক্তাৰ নতুন সংগ্রহৰ পৰিধানেৰে ৰেম্পত অতি মোহময়ী আৰু আকর্ষণীয় দেখা যায়৷ এই সম্পর্কত সংযুক্তা দত্তই কয় যে লেকমী ফেশ্বন উইকত তেওঁৰ নতুন সংগ্রহখিনি প্রদর্শন কৰি তেওঁ অতিকৈ উৎসাহিত আৰু আনন্দিত হৈছে৷

সকলো প্রতিষ্ঠিত তথা প্রখ্যাত ডিজাইনাৰসকলৰ বাবে তেওঁলোকৰ সৃষ্টিৰাজি প্রদর্শন কৰাৰ বাবে লেকমী ফেশ্বন উইক এক উত্তম প্লেটফর্ম৷ তেওঁলোকৰ মাজত মোৰ সংগ্রহখিনি প্রদর্শন কৰিব পৰাটো মোৰ বাবে যেনেদৰে গৌৰৱৰ কাৰণ, ঠিক তেনেদৰে এক প্রত্যাহ্বানো৷ লাৰা দত্তৰ সৈতে কাম কৰাটো এক আনন্দদায়ক অভিজ্ঞতা বুলি উল্লেখ কৰি তেওঁ কয়– ‘মোৰ নতুন সংগ্রহ ‘শুকুলা’ অর্থাৎ উজ্জ্বল শুধ বগা যেন শান্তি আৰু পৱিত্রতাৰ এক বাংময় প্রকাশ৷’

ইপিনে, লাৰা দত্তই নিজৰ অনুভৱ ব্যক্ত কৰি কয়– ‘এই কার্যসূচীত অংশগ্রহণ কৰাটো সঁচাকৈ অতি আনন্দদায়ক আৰু সংযুক্তাৰ ৰঙৰ খেল আৰু ধাৰণা বিৰল তথা অনন্য৷’ সংযুক্তাৰ এই সংগ্রহ ‘শুকুলা’ যেন সূতাৰে বোৱা এক কবিতা, য’ত অলেখ কাহিনী গাঁঠি থোৱা আছে৷ সেয়া যেন পৱিত্র, শান্ত যদিও উজ্জ্বল এক প্রকাশ৷

You might also like