নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিচ্ছেদৰ পাছত ৰাখী সাৱন্তে আমিৰক দিলে বিবাহৰ প্রস্তাব, ক’লে “মই এতিয়াও কুমাৰী”

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ শেহতীয়াকৈ আমিৰ খান আৰু কিৰণ ৰাওৰ বিবাহ বিচ্ছেদৰ প্ৰসংগই বলীউডত চৰ্চা চলি আছে। এই কথা ৰাখী সাৱন্তে জনাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ৰাখীয়ে দাবী কৰিছে যে তেওঁ এতিয়াও কুমাৰী। অৰ্থাৎ তৃতীয় বিবাহৰ বাবে যোগ্য।

ৰাখী সাৱন্তে প্ৰথমে এই বিষয়ে জনা নাছিল। কিন্তু সাংবাদিকে এই বিষয়ে কোৱাত তেওঁ আশ্চয্য প্ৰকাশ কৰে। লগতে তেওঁ আমিৰৰ এই সিদ্ধান্তক পুনৰ বিবেচনা কৰিবলৈও অনুৰোধ কৰে।

ইপিনে সাংবাদিকৰ সৈতে বাৰ্তালাপত ৰাখীয়ে এক সাক্ষাৎকাৰৰ জৰিয়তে ১৫ বছৰ পূৰ্বে আমিৰ খানক তেওঁৰ প্ৰথম পত্নী ৰীনা দত্তক এৰি নিদি কিৰণক বিয়া নকৰাবলৈ কৈছিল। আৰু ধেমালীতে ৰাখীয়ে কয় যে তেওঁ এতিয়াও কুমাৰী। গতিকে আমিৰে ৰাখীৰ কথাও এবাৰ ভাবি চাব পাৰে।

উল্লেখ্য যে আমিৰ আৰু কিৰণে যোৱা শনিবাৰে এটা জাননীৰ জৰিয়তে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল। দুয়োৰে ১৫ বছৰীয়া বৈবাহিক সম্পৰ্ক আছিল। হঠাতে পৃথকীকৰণৰ বাতৰিটোৱে সামাজিক মাধ্যমত এক হুলস্থূলৰ সৃষ্টি কৰিছিল। বহুতে আমিৰৰ বিবাহ ভংগ কৰাৰ বাবে অভিনেত্ৰী ফাতিমা ছানা শ্বেখক (Fatima Sana Shaikh) দোষাৰোপ কৰিছে।

You might also like