নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কুকুৰৰ বেল্টেৰে ডিঙি চেপি হত্যা কৰা হৈছিল সুশান্ত সিং ৰাজপুতক’

নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ কুকুৰ বন্ধা বেল্টেৰে ডিঙি চেপি হত্যা কৰা হৈছিল সুশান্তক। তেওঁৰ পোহনীয়া কুকুৰৰ বেল্টৰে হত্যা কৰা হৈছিল। এই অভিযোগ অভিনেতা শেখৰ চুমন আৰু সুশান্তৰ প্ৰাক্তন ব্যক্তিগত সহায়ক অংকিত আচাৰ্যৰ। ৰিয়া চক্ৰবৰ্তী মূল অভিযুক্ত, এই হত্যাকাণ্ডত বহু ৰথী-মহাৰথী জড়িত আছে বুলিও অভিযোগ শেখৰ চুমনৰ।

 

দিনক দিনে ৰহস্যঘন হৈ পৰিছে সুশান্তৰ মৃত্যু। তদন্তৰ আওতালৈ সোমাই পৰিছে প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তী। CBI-এ তদন্ত কৰিব সমগ্ৰ মৃত্যুৰ ঘটনা। সুশান্ত সিং ৰাজপুতৰ দৰে এজন প্ৰতিভাশালী অভিনেতাই আত্মহত্যাই কৰিব নোৱাৰে বুলি দাবী কৰা পাছতে পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল এজাহাৰ। প্ৰাক্তন প্ৰেমিকা অংকিতা লোখন্দেই কেইবাটাও সাক্ষাতকাৰত দাবী কৰিছিল যে সুশান্তই কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে তেওঁক হত্যা কৰা হৈছে।

মুম্বাই আৰক্ষীৰ ডিচিপিৰে ঘনিষ্ঠ সম্পর্ক ৰিয়াৰ 

উল্লেখযোগ্য যে সুশান্ত সিং ৰাজপুতৰ একাউণ্টৰ পৰা কেইবাকোটি টকা লেনদেনৰ সন্দৰ্ভত ৰিয়া চক্ৰবৰ্তীক প্ৰায় ৯ ঘণ্টা জেৰা চলাইছিল ED-এ। ৰিয়া চক্ৰবৰ্তীৰ পিতৃ-ভাতৃ আৰু সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন মেনেজাৰক জেৰা চলোৱা হৈছে। ৰিয়া চক্ৰৱৰ্তীৰ ফোনকলৰো সবিশেষ তথ্য উলিওৱা হৈছে। চলচিত্ৰ পৰিচালক মহেশ ভাটলৈ ১৬ বাৰকৈ ফোন কৰিছিল ৰিয়াই। লগতে সুশান্ত সিং ৰাজপুতৰ ব্যক্তিগত মেনেজাৰকে ধৰি মুম্বাই আৰক্ষীৰ এজন তদন্তকাৰী DCPৰ সৈতে ৰিয়াই বহু কেইবাৰ ফোন কৰাৰ তথ্য পোহৰলৈ আহিছে।

এজন প্ৰভিভাৱান অভিনেতাক হেৰুৱাই শোকস্তব্ধ হৈ পৰা বলীউদৰ লগতে দেশবাসীয়ে বিচাৰিছে ন্যায়।

অধিক পঢ়কঃ

আপোনাৰ N-95 মাস্ক আছে যদি কৰক এই কাম…

নেপালৰ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ কেপি অলীৰ 

 

সময় এতিয়া ক’ৰোনাৰ… চিগাৰেট এৰিবলৈ পালন কৰক এই অভ্যাস

You might also like