নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱেম্বৰৰ মাজভাগৰ পৰা মৰাণ ফুটবল লীগ; ৩০ অক্টোবৰৰ ভিতৰত নাম পঞ্জীয়ন কৰিব লাগিব অসম ফুটবল সন্থাত

নিয়মীয়া বাৰ্তা ১৬ অক্টোবৰঃ নৱেম্বৰৰ মাজভাগৰ পৰা অনুষ্ঠিত হ’ব মৰাণ ফুটবল লীগ প্রতিযোগিতাখন৷ প্রতিযোগিতা–খনৰ পূর্বে আটাইকেইটা স্তৰৰ ফুটবলাৰে জিলা ক্রীড়া সংস্থাৰ জৰিয়তে অসম ফুটবল সন্থাত নাম পঞ্জীয়ন কৰিব লাগিব৷ অলপতে মৰাণৰ ৰিভেলি হোটেলত অনুষ্ঠিত মৰাণ জিলা ক্রীড়া সন্থাৰ সাধাৰণ সভাত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ মৰাণ জিলা ক্রীড়া সন্থাৰ উপ–সভাপতি, ক্রীড়া সংগঠক অজয় কুমাৰ মহনৰ সভাপতিত্বত অনুষ্ঠিত সভাত বহুকেইটা সিদ্ধান্ত গ্রহণ কৰা হয়৷

সভাই মৰাণ ফটিকাচোৱা বঙালী গাঁৱত নির্মীয়মাণ অভয়পুৰ গ্রাম্য ষ্টেডিয়ামৰ নির্মাণকার্য সম্পূর্ণ কৰা, ষ্টেডিয়ামখন তদাৰকৰ দায়িত্ব আৰু কর্তৃত্ব মৰাণ জিলা ক্রীড়া সন্থাক অর্পণ কৰা, হেণ্ডবল, ভলীবল আৰু ক্রিকেটৰ স্বীকৃতি মৰাণ জিলা ক্রীড়া সন্থাক প্রদান কৰিবলৈ সংশ্লিষ্ট সংস্থাসমূহৰ লগত প্রয়োজনীয় প্রস্তুতি সম্পন্ন কৰাৰ বিষয়ে সিদ্ধান্ত গ্রহণ কৰা হয়৷ ইফালে, নৱেম্বৰৰ মাজভাগৰ পৰা আৰম্ভ হ’বলগীয়া মৰাণ ফুটবল লীগৰ পূর্বে ফুটবলাৰসকলে ৩০ অক্টোবৰৰ ভিতৰত নিজৰ নাম মৰাণ জিলা ক্রীড়া সন্থাৰ জৰিয়তে ফুটবল সন্থাত পঞ্জীয়ন কৰিব লাগিব৷

প্রতিগৰাকী ফুটবলাৰে ২০০ টকা আৰু বয়সৰ প্রমাণ–পত্র, পঞ্জীয়নৰ প্র–পত্রৰ লগত জমা দিব লাগিব৷ পঞ্জীয়ন কার্য অনলাইন পদ্ধতিৰে কৰা হ’ব আৰু পঞ্জীয়নভুক্ত খেলুৱৈয়ে যিকোনো বাছনিত অংশ ল’ব পাৰিব৷ পঞ্জীয়নৰ প্র–পত্র মৰাণ জিলা ক্রীড়া সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীৱ বৰুৱা, অথবা ফুটবলৰ সম্পাদক দিগন্ত গগৈৰ পৰা সংগ্রহ কৰিব পাৰিব জিলা ক্রীড়া সংস্থাৰ অধীনস্থ উপ–ক্রীড়া সন্থা বা সংঘসমূহে৷

You might also like