নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোক–সংস্কৃতিৰ সাধক খগেন গগৈলৈ সন্মান

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্রলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ স্বীকৃতিস্বৰূপে লোককৃষ্টিৰ সাধক খগেন গগৈক প্রদান কৰা হ’ব গোৱালপাৰীয়া লোকগীতৰ সম্রাজ্ঞী পদ্মশ্রী প্রতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা৷ সদৌ অসম ছাত্র সন্থা (আছু)–এ প্রতিবছৰে প্রদান কৰি আহিছে এই স্মাৰক বঁটা৷ অহা ২৭ ডিচেম্বৰত গুৱাহাটীৰ চানমাৰিৰ শ্বহীদ উদ্যানত থকা প্রতিমা বৰুৱা পাণ্ডেৰ প্রতিমূর্তিস্থলীত দিনৰ ১০.৩০ বজাত গগৈক এই বঁটা প্রদান কৰিব৷   এক বিবৃতিৰ জৰিয়তে এই কথা সদৰী কৰিছে আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই৷ অহা ২৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া বঁটা প্রদান অনুষ্ঠানত শুভাকাংক্ষীৰ উপস্থিতি কামনা কৰিছে আয়োজক আছুৱে৷

You might also like