নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম–মেঘালয় সীমান্তৰ ঘটনাক লৈ অসমক দোষাৰোপ মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ

  •  অকর্তৃত্বশীলভাৱে মেঘালয়ত সোমাইছিল অসম আৰক্ষী–বনৰক্ষী: কনৰাড চাংমা
  • ঘটনাস্থলী পৰিদর্শন মেঘালয়ৰ গৃহমন্ত্রীৰ অসমৰ বিৰুদ্ধে গোচৰ দাখিল

 

নিয়মীয়া বাৰ্তা, ২৩নৱেম্বৰ: পশ্চিম কার্বি আংলং জিলাৰ জিৰিকিডিং থানাৰ অন্তর্গত মক্রুঙত আজি সংঘটিত গুলীচালনাৰ ঘটনাক লৈ গভীৰ উদ্বিগ্ণতা প্রকাশ কৰে মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই৷ চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্রীগৰাকীয়ে এনে ঘটনাৰ বাবে অসম প্রশাসনক দোষাৰোপ কৰি অকর্তৃত্বশীলভাৱে অসম আৰক্ষী আৰু বনৰক্ষী মেঘালয়ত প্রৱেশ কৰাৰ অভিযোগ তোলে৷ উল্লেখ্য যে মক্রুঙত চোৰাংভাৱে কাঠ সৰবৰাহ কৰা এখন ট্রাক অসম আৰক্ষীয়ে জব্দ কৰাৰ পাছতে সৃষ্টি হৈছিল ভয়ংকৰ ঘটনা৷ প্রায় ৩০০ খাচী লোকে দা–যাঠী–জোং লৈ আক্রমণ কৰি আহত কৰিছিল অসম আৰক্ষী আৰু বনৰক্ষীৰ বহুকেইজন জোৱানক৷ প্রতিৰোধৰ বাবে অসম আৰক্ষীয়ে গুলীচালনা কৰাত ঘটনাস্থলীত নিহত হয় চাৰিজন খাচী লোক আৰু চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় আন দুজন লোকৰ৷ এনে ঘটনাৰ পাছতে কালি শ্বিলঙত এখন সংবাদ মেল সম্বোধন কৰি মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই সমগ্র ঘটনাক দুর্ভাগ্যজনক বুলি মন্তব্য কৰাৰ লগতে অসম আৰক্ষীয়ে অকর্তৃত্বশীলভাৱে গুলীচালনা কৰাৰো অভিযোগ কৰে৷

অৱশ্যে মেঘালয়ৰ মুখ্যমন্ত্রীয়ে উক্ত স্থানত বহু খাচী লোক সমৱেত হোৱাৰ কথাটো স্বীকাৰ কৰাৰ লগতে এখন কাঠভর্তি ট্রাক জব্দ কৰাক লৈ ঘটনাৰ সূত্রপাত হোৱা বুলি উল্লেখ কৰে৷ মুখ্যমন্ত্রীগৰাকীয়ে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে বিষয়টোক লৈ বার্তালাপ কৰাৰ কথাও উল্লেখ কৰে৷ মেঘালয়ৰ মুখ্যমন্ত্রীয়ে নিহত পাঁচজন লোকৰ আত্মীয়লৈ পাঁচ লাখ টকাকৈ এককালীন আর্থিক সাহায্যৰ কথাও আজি ঘোষণা কৰে৷

উল্লেখ্য যে  গুলীচালনাৰ পাছতেই ঘটনাস্থলীত চাৰিজন লোক নিহত হোৱাৰ পাছত গুৰুতৰভাৱে আহত হোৱা লোক দুজনক জোৱাইৰ স্থানীয় চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়তে তেওঁলোকৰ মৃত্যু হয়৷ ইফালে, সন্ধিয়াৰ ভাগত ঘটা উক্ত ঘটনাৰ পাছত ঘটনাস্থলীত উপস্থিত হয় মেঘালয়ৰ গৃহমন্ত্রী লাকমেন ৰিম্বুই৷ স্থানীয় প্রশাসনৰ সৈতে ঘটনাস্থলীত উপস্থিত হোৱা গৃহমন্ত্রীগৰাকীয়ে স্থানীয় লোক আৰু প্রশাসনৰ সৈতেও বার্তালাপ কৰে৷ মেঘালয় আৰক্ষীয়ে সমগ্র ঘটনা সন্দর্ভত ইতিমধ্যে এটা গোচৰো ৰুজু কৰিছে৷

You might also like