অহাবছৰ প্ৰকাশ পাব মুখ্যমন্ত্ৰীৰ নতুন গ্ৰন্থ ‘মুখ্যমন্ত্ৰীৰ ডায়েৰী’
নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ অহাবছৰ প্ৰকাশ পাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নতুন গ্ৰন্থ। মুখ্যমন্ত্ৰীৰ ডায়েৰী শীৰ্ষক গ্ৰন্থত লিপিবদ্ধ হ’ব মুখ্যমন্ত্ৰীৰ প্ৰতিটো দিনৰ কাৰ্মসূচী। প্ৰত্যেক দিনা কিদৰে ব্যস্ত হৈ আছে, সকলো লিখি গৈছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। অহা গ্ৰন্থমেলাৰ সময়তে প্ৰকাশ পাব ‘মুখ্যমন্ত্ৰীৰ ডায়েৰী’। ১০ মেত মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ এটা বছৰ সম্পূৰ্ণ হ’ব। আৰু এই এটা বছৰত এদিনৰ বাহিৰে সদায়ে মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে ডায়েৰী। ৫ বছৰত পৰ্যায়ক্ৰমে প্ৰকাশ পাব মুখ্যমন্ত্ৰী ৫ খনকৈ ডায়েৰী। আজি গ্ৰন্থমেলাত উপস্থিত হৈ এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।