নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: কর্মক্ষেত্রত জটিলতাৰ উদয় হ’ব পাৰে৷ কোনো কাৰণে মনটো মনটো গধুৰ হ’ব পাৰে৷ ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ শৰীৰ বৰ উন্নত নাথাকিব৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১৷
বৃষ: ৰাজহুৱা কর্মত থকাসকলে সহানুভূতি লাভৰ সংবাদ৷ শৰীৰ কিছু উন্নত৷ দুই–এটা কামত বাধাৰ কাৰকতা৷ দিনৰ দুই বজাৰ পৰা কিছু উন্নত৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
মিথুন: কর্মক্ষেত্রত শান্তিৰে কাম কৰিব পাৰিব৷ আর্থিকত ভালেই দেখা যায়৷ আয়ৰ ক্ষেত্রত অনুকূল৷ বিদ্যাত শুভাশুভ ফল৷ স্বাস্থ্যৰ প্রতি নজৰ দিয়ক৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৪৷
কর্কট: চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন৷ কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ ব্যয়ৰ মাত্রা বৃদ্ধি পাব৷ দাম্পত্যত শুভ৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ৮৷
সিংহ: ব্যৱসায়ত লাভৰ কাৰকতা৷ সমাজসেৱীসকলৰ সন্মান বৃদ্ধিৰ কাৰক৷ উচ্চ বিষয়াৰ লগত শুভ যোগাযোগ বজাই থাকিব৷ ভ্রমণত কষ্ট পাব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৫৷
কন্যা: আর্থিক দিশত অর্থপ্রাপ্তিৰ সম্ভাৱনা৷ প্রযুক্তিবিদ আৰু কম্পিউটাৰ বিজ্ঞানীৰ সাফল্য উল্লেখযোগ্য৷ বন্ধুভাব দুর্বল৷ পাৰিবাৰিক জীৱনত অশান্তিৰ সূচনা৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷
তুলা:  উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ যোগ৷ দেহভাব ভাল বুলি ক’ব পাৰি৷ হেৰোৱা সম্পদ পুনৰ প্রাপ্তি৷ অবাধ্য সন্তান–সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে৷ প্রেমত বাধা৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৭৷
বৃশ্চিকঃ পুৰণা মামলা–মোকর্দমাৰ নিষ্পত্তি হ’ব পাৰে৷ বাধা–বিঘিনিৰ মাজেদি কর্মত সাফল্য৷ আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য৷ প্রেমত আৱেগ৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৩৷
ধনু:  পৈতৃক সম্পত্তি লাভৰ ক্ষেত্রত বিলম্ব৷ অভিজ্ঞ ব্যক্তিৰ পৰামর্শত সংকট মুক্তি আৰু প্রয়োজনীয় ধনাগম৷ গৱেষকসকলৰ সাফল্য লাভ৷ ভ্রমণ কৰিব পাৰে৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১১৷
মকৰ: বৈষয়িক অৱস্থাৰ স্বপ্লাধিক উন্নতি সম্ভৱ৷ নতুন নিযুক্তিৰ বাবে দূৰ যাত্রা৷ শিল্পীসকলৰ প্রাপ্য সন্মান লাভে আনন্দৰ কাৰকতা৷ পত্নীৰ লগত মতবিৰোধ৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ১৷
কুম্ভ: গুৰুজন ব্যক্তিক অৱজ্ঞা নকৰিব৷ সম্পত্তি ক্রয়ৰ যোগ৷ আর্থিক দিশত অসুবিধা পাব পাৰে৷ ফুৰা–চকাত সতর্ক হ’ব৷ চিকিৎসকসকলৰ দায়িত্ব বৃদ্ধি পাব৷ শুভ ৰং কমলা, শুভ সংখ্যা ২৷
মীন: অপ্রত্যাশিতভাৱে ধন লাভৰ যোগ আছে৷ কর্মসূত্রত ভ্রমণ যোগ৷ বিবাহ প্রার্থীৰ বিবাহৰ যোগ৷ নতুন উৎসাহজনক খবৰে আনন্দিত কৰিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৬৷

You might also like