নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অকল চৰকাৰী বিদ্যালয়তে নহয়, ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমতো হৈছে শূন্য ফলাফলঃ ৰণোজ পেগু

বাৰ্তা বুৰ’; ১১ জুন : অকল চৰকাৰী বিদ্যালয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাত শূন্যৰ পৰা ১০ শতাংশ ফল হোৱা নাই, ৰাজ্যখনৰ ১৪৯ খন ব্যক্তিগত ইংৰাজী মাধ্যমৰ বিদ্যালয়য়তো শূন্যৰ পৰা ১০ শতাংশ ফল হৈছে বুলি আজি তেজপুৰত মন্তব্য কৰে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে ।উল্লেখ্য যে, আজি তেজপুৰত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত অংশ গ্ৰহণ কৰিবলৈ উপস্থিত হোৱাৰ সময়তে শিক্ষা মন্ত্ৰী গৰাকীয়ে শেহতীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত চৰকাৰী ১৪০ খন বিদ্যালয়ৰ ফল শোচনীয় হোৱাৰ বাবে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰি চৰকাৰী ১৪০ খন বিদ্যালয়ৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ ১৪৯ খন বিদ্যালয়ৰ ফল শূন্যৰ পৰা ১০ শতাংশ যদিও সেই কথা তল পৰি ৰৈছে বুলি কয়। আনহাতে এনে বিদ্যালয় সমূহৰ প্ৰধান সকলক ইয়াৰ কাৰণ জানিবৰ বাবে ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে শুধৰণিৰ ব্যৱস্থা কৰি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও শিক্ষা মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে শিক্ষক সকলক, এন আৰ চি, আধাৰ কাৰ্ডত জড়িত কৰাৰ অভিযোগৰ সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন উত্থাপন কৰাত কেতিয়াবা বিশেষ পৰিস্থিতিত চৰকাৰী কৰ্মচাৰী হিচাপে শিক্ষক সকলক নিয়োগ কৰিবলৈ বাধ্য হয় বুলি কয়।

You might also like