নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতম ন্যায়ালয়ত মনীষ ছিছোদিয়াৰ মুখথেকেচা

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ :  ক’ভিডকালীন সময়ত পি পি ই কিট যোগানক লৈ অনিয়ম সংঘটিত হোৱা বুলি ভিত্তিহীন অভিযোগেৰে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক দুর্নাম কৰিবলৈ চেষ্টা কৰা দিল্লীৰ উপ–মুখ্যমন্ত্রী মনীষ ছিছোদিয়াই মুখথেকেচা খাবলগীয়া হ’ল উচ্চতম ন্যায়ালয়ত৷ তেওঁৰ বিৰুদ্ধে ড০ শর্মাই ৰুজু কৰা গোচৰ খাৰিজ কৰাৰ প্রার্থনাৰে দাখিল কৰা আবেদন গ্রহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে অস্বীকাৰ কৰিছে৷ পূর্বে এই একেই প্রার্থনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদন খাৰিজ কৰি প্রদান কৰা ৰায়ক প্রত্যাহ্বান জনাই দিল্লীৰ উপ–মুখ্যমন্ত্রীগৰাক্ দাখিল কৰা আবেদন আজি উচ্চতম ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে নাকচ কৰে৷ এই আবেদনৰ শুনানিৰ সময়তে সমগ্র বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে ছিছোদিয়াক ককর্থনা কৰাৰ পাছত তেওঁৰ অধিবক্তাই আবেদন প্রত্যাহাৰ কৰিবলৈ বাধ্য হয়৷

উল্লেখ্য যে ২০২২ চনৰ ৪ জুনত এখন সংবাদ মেলত ছিছোদিয়াই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু তেওঁৰ পত্নী ৰিণিকি ভূঞা শর্মাৰ বিৰুদ্ধে কেতবোৰ ভিত্তিহীন অভিযোগ উত্থাপন কৰিছিল৷ সেই সময়ত স্বাস্থ্যমন্ত্রীৰ দায়িত্বত থকা বর্তমানৰ মুখ্যমন্ত্রীগৰাকীয়ে তেওঁৰ পত্নীক বক্রপথেৰে পি পি ই কিট যোগানৰ ঠিকা আবণ্টন দিয়া বুলি ভুৱা অভিযোগ ছিছোদিয়াই উত্থাপন কৰিছিল৷ যি সময়ত মুখ্যমন্ত্রীগৰাকীৰ পত্নীৰ মালিকানাধীন এটা প্রতিষ্ঠানে কর্প’ৰেট সামাজিক দায়বদ্ধতাৰ অধীনতহে ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমলৈ পি পি ই কিট দান হিচাপে আগবঢ়াইছিল৷ ইয়াৰ পাছতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ফৌজদাৰী বিধিৰ কেইবাটাও ধাৰাৰ অধীনত দিল্লীৰ উপ–মুখ্যমন্ত্রী তথা আম আদমী পার্টীৰ শীর্ষ নেতা মনীষ ছিছোদিয়াৰ বিৰুদ্ধে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এটা ফৌজদাৰী মানহানি গোচৰ ৰুজু কৰে৷ এই গোচৰটোত ন্যায়িক দণ্ডাধীশৰ আদালতে ছিছোদিয়াক সোঁশৰীৰে হাজিৰ হ’বলৈ নির্দেশ জাৰি কৰে৷ কিন্তু আদালতত হাজিৰ হোৱাৰ বিপৰীতে ছিছোদিয়াই তেওঁৰ বিৰুদ্ধে জাৰি কৰা চমন আৰু মুখ্যমন্ত্রীগৰাকীয়ে ৰুজু কৰা গোচৰ খাৰিজ কৰাৰ প্রার্থনাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে৷ এই আবেদন খাৰিজ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে নির্ধাৰিত সময়ত আদালতত ছিছোদিয়াক হাজিৰ হ’বলৈ নির্দেশনা দিয়ে৷

উচ্চ ন্যায়ালয়ৰ এই নির্দেশনাক প্রত্যাহ্বান জনাই তেওঁ পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও কোনো সকাহ লাভ নকৰিলে৷ বৰঞ্চ উচ্চতম ন্যায়ালয়ৰ ককর্থনাৰহে সন্মুখীন হ’বলগীয়া হয় দিল্লীৰ উপ–মুখ্যমন্ত্রীগৰাক্৷ উচ্চতম ন্যায়ালয়ত গোচৰটোৰ শুনানি গ্রহণ কৰা খণ্ড বিচাৰপীঠখনৰ এগৰাকী ন্যায়াধীশ এছ কে কৌলে কয়– ‘সেই সময়ত দেশখন কি বিপর্যয়ৰ মাজেৰে পাৰ হৈছিল, সেয়া আপুনি অনুভৱ কৰিব নোৱাৰে নেকি? সেই আপদকালীন সময়ত এখন চৰকাৰে ৰাইজৰ সহায়ৰ বাবে পদক্ষেপ গ্রহণ কৰিলে তাত সহযোগিতা কৰাৰ বিপৰীতে আপুনি অভিযোগ উত্থাপন কৰাটোহে প্রয়োজনীয় বুলি বিবেচনা কৰিছে৷’ একে সময়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সমালোচনা কৰিবলৈ গৈ ছিছোদিয়াই প্রয়োগ কৰা ভাষাকো উচ্চতম ন্যায়ালয়ে সমালোচনা কৰে৷ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে এই প্রসংগত কয় যে ৰাজহুৱা বিতর্ক তেওঁ যি পর্যায়লৈ লৈ গৈছে, তাৰ পৰিণাম ছিছোদিয়াই ভোগ কৰিব লাগিব৷ নিজৰ ব্যৱহাৰৰ বাবে ছিছোদিয়াই চর্তহীনভাৱে ক্ষমা খুজিব লাগিছিল বুলিও উচ্চতম ন্যায়ালয়ে মন্তব্য কৰিছে৷

লক্ষণীয় যে ইতিমধ্যে গোচৰটো বিচাৰাধীন হৈ কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত মনীষ ছিছোদিয়াই আন এখন আবেদন দাখিল কৰিছে৷ তেওঁ উপস্থিত নথকাকৈয়ে এই গোচৰটোৰ শুনানি গ্রহণ কৰিব পাৰে নেকি সেই বিষয়টো বিবেচনা কৰিবলৈ ছিছোদিয়াই আবেদন দাখিল কৰিছে৷ এই আবেদনখনৰ শুনানি অহা ৭ জানুৱাৰীত আদালতে গ্রহণ কৰিব৷ ইয়াৰ পাছত তেওঁ সোঁশৰীৰে আদালতত হাজিৰ হ’ব লাগিব নে নালাগে সেয়া স্পষ্ট হৈ পৰিব৷

You might also like