নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত অসম সাহিত্য সভাৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱসঃ ধূতি পাইজামা এৰি পেণ্ট পিন্ধিয়েই পতাকা উত্তোলন সভাপতি কুলধৰ শইকীয়াৰ

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ আজি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ থলীতে সাহিত্য সভাৰ মধ্যমণি স্বৰূপ স্বয়ং সভাপতিৰ কাণ্ডত চৌপাশে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । জাকজমকতাৰে আৰম্ভ হোৱা অসম সাহিত্য সভাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনতে ঘুণে ধৰিলে অসম সাহিত্য সভাৰ ১০৫ বছৰীয়া গৰিমাত। গোলাঘাট জিলা সাহিত্য সভাৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলনত স্বয়ং সাহিত্য সভাৰ সভাপতিয়ে জাতীয় সাজ-পোছাকক অৱহেলিত কৰি লং পেণ্ট পৰিধানেৰে অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ অসম সাহিত্য সভাৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ পতাকা উত্তোলন কৰে। সভাপতি গৰাকীৰ এনে কাণ্ডৰ পিছতে সাহিত্যনুৰাগীৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। সভাপতিগৰাকীৰ এনে কাণ্ডৰ পাছতে সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিধায়ক পৰমানন্দ ৰাজবংশীয়ে একপ্ৰকাৰ সকিয়নী সূচক মন্তব্য কৰি কয় যে, ভৱিষ্যতে অসমীয়া সংস্কৃতিৰ ওপৰত সভাপতিয়ে লক্ষ্য ৰখা উচিত। অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আমাৰ প্ৰতিটো কাৰ্যসূচীত জীপাল হৈ থাকিব লাগিব। এনে ক্ষেত্ৰত অসম সাহিত্য সভাৰ সভাপতি গৰাকী সতৰ্ক থকা উচিত।

আনহাতে সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীয়ে সমগ্ৰ বিষয়টোৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে, সাহিত্য সভাৰ কাৰ্যসূচীত জাতীয় সাজ পোছাক পৰিধান কৰাটো বাঞ্ছনীয়। সাহিত্য সভাৰ সংবিধানটো সাহিত্য সভাৰ কাৰ্যসূচীত জাতীয় সাজ পোছাক পৰিধান কৰিব লাগে বুলি উল্লেখ আছে। এই সম্পৰ্কত সাহিত্য সভাৰ আন এগৰাকী কৰ্মী তথা বিশিষ্ট লেখক নুৰুল চুলতানেও সভাপতি গৰাকীৰ এনে কাণ্ডক তীব্ৰ বিৰোধিতা কৰি কয় যে, অসম সাহিত্য সভাৰ পূৰ্বৰে পৰা দেখি আহিছোঁ যে, পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি পতাকা উত্তোলন কৰে । ইয়াৰোপৰি প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ দ্বাৰা প্ৰকাশিত চিঠিত পৰম্পৰাগত সাজ পৰিধান কৰিব লাগিব বুলিও প্ৰকাশ কৰিছিল। সেইদৰে আদৰণি সমিতিয়ে ও সভাপতিগৰাকীক ধূতি পিন্ধিবলৈ আহ্বান জনাইছিল যদিও সভাপতিগৰাকীয়ে আদৰণি সমিতিৰ আহ্বানক ভ্ৰক্ষেপে নকৰিলে বুলি মন্তব্য কৰি অসম সাহিত্য সভাই এগৰাকী শিষ্টাচাৰ নজনা সভাপতি পালে বুলি ক্ষুভেৰে প্ৰকাশ কৰে । দিনৰ ভাগত অসম সাহিত্য সভাৰ গীতেৰে আৰম্ভ হোৱা সভাখনিত সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই সভাপতিত্ব কৰে । বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে আৰম্ভ হোৱা সভাখনিত সভাপতি কুলধল শইকীয়াই মঞ্চত আসন অলংকৃত কৰাৰ পাছত আধাতে সভা এৰি গুচি যায় । এগৰাকী সাহিত্য সভাৰ সভাপতি আসন অলংকৃত কৰাৰ পাছত যদিহে আধাতে কিবা কাৰণত সভাৰ পৰা আতৰি থাকিব লগা হয় তেনে সভাত উপস্থিত থকা জ্যেষ্ঠ অথবা সাহিত্য সভাৰ উপ সভাপতিক সভাৰ পাছৰ খিনি পৰিচালনাৰ বাবে দায়িত্ব প্ৰদান কৰিব লাগে যদিও সাহিত্য সভাৰ এইগৰাকী সভাপতিয়ে কোনো লোককে দায়িত্ব নিদিয়াকৈয়ে আধাতে সভা ত্যাগ কৰে বুলি নৰুল চুলতানে প্ৰকাশ কৰি এয়া এক অশুভ সময় বুলি উল্লেখ কৰে।

আনহাতে গোলাঘাট জিলা সাহিত্য সভাই অতি আড়ম্বপূৰ্ণভাৱে উদযাপন কৰা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰথমৰে পৰা শেষলৈকে হোৱা ঘটনা পৰিঘটনাই সাহিত্যনুৰাগীৰ মন সেমেকাই তোলে।

প্ৰেৰক – ভৰত দত্ত গোলাঘাট

You might also like