নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাৰ শংকৰঘোলা কমলা বাগানত পৰ্যটকৰ পৰা অবৈধ গুণ্ডাটেক্স সংগ্ৰহ; বনভোজস্থলীত চলিছে সুৰাৰ আড্ডাঃ নীৰৱ প্ৰশাসন

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত শংকৰঘোলা কমলা বাগান বনভোজস্থলীত স্থানীয় একাংশ লোকে পৰ্যটকৰ পৰা অবৈধভাৱে গুণ্ডাটেক্স সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে । পৰ্যটকৰ পৰা গুণ্ডাটেক্স সংগ্ৰহ কৰি বনভোজস্থলীত মুকলিকৈ মদৰ আড্ডা বহুওৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এই ক্ষেত্ৰত নীৰৱ ভূমিকা গ্ৰহণ কৰিছে উত্তৰ শালমাৰা মহকুমা প্ৰশাসন । প্ৰাপ্ত অভিযোগ মতে, যোগীঘোপাৰ শংকৰঘোলা কমলা বাগান পৰ্যটনস্থলীত স্থানীয় একাংশ লোকে ‘শংকৰঘোলা ডেভলপমেন্ট কমিটি” নামৰ এক অখ্যাত সন্থা খুলি পৰ্যটকস্থলীৰ প্ৰৱেশদ্বাৰত গেট বহুৱাইছে ।সন্থাটোৰ কেইজনমান কৰ্মীয়ে অবৈধ চান্দাৰ ৰচিদ লৈ গেটত বহি পৰ্যটকস্থলীলৈ অহা পৰ্যটকক গেটত ৰখাই পৰ্যটকৰ পৰা বলপূৰ্বক ধন সংগ্ৰহৰ কৰা অভিযোগ উত্থাপিত হৈছে ।আজি স্থানীয় সাংবাদিকৰ এটা দল উক্ত স্থানত বাতৰি সংগ্ৰহ কৰিব’লৈ গৈ এই দৃশ্য প্ৰত্যক্ষ কৰে । সন্থাটোৱে প্ৰতিগৰাকী ব্যক্তিৰ পৰা ১০ টকা,সৰু চাৰিচকীয়া বাহনৰ বাবদ ৫০ টকা ,ডাঙৰ বাহনৰ ১০০ টকা, বাছ গাড়ীৰ ২০০ টকা সংগ্ৰহ কৰে ।সন্থাটোৰ কোনো ধৰণৰ চৰকাৰী পঞ্জীয়ন নথকাকৈ অবৈধ ৰচিদৰে গুণ্ডাটেক্স সংগ্ৰহ কৰি আহিছে। বনভোজ কাৰী তথা পৰ্যটক সকলে সন্থাক গুণ্ডাটেক্স আদায় নিদিলে ভিতৰলৈ প্ৰৱেশত বাধা প্ৰদান কৰে । আনহাতে সন্থাটোৰ একাংশ লোকৰ ছত্ৰছায়াত বনভোজস্থলীত চলিছে অবৈধ সুৰাৰ আড্ডা। স্থানীয় একাংশ লোকে উক্ত স্থানত দোকান খুলি বিলাতী সুৰা বিক্ৰী কৰি আহিছে ।আনহাতে মদাপীয়ে উক্ত স্থানত মুকলিকৈ মদ সেৱন কৰা পৰিলক্ষিত হৈছে ।একাংশ মদাপীয়ে মদৰ নিচাত মাতাল হৈ এক বিশৃংখল পৰিৱেশৰ সৃষ্টি কৰে। ফলত বিভিন্ন অঞ্চলৰ পৰা বনভোজকাৰী দলে অস্বস্তিত ভোগা পৰিলক্ষিত হয় । একাংশ বনভোজকাৰী দলৰ একাংশ মদাপীৰ মুক্তভাবে এনে আচৰণে আগন্তুক দিনত প্ৰকৃতিৰ ৰাণী শংকৰঘোলা কমলা বাগানত বিৰূপ প্ৰভাৱ পেলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি সচেতন মহলে মন্তব্য কৰে ।বঙাইগাঁও জিলা প্ৰশাসনে সঠিক সময়ত এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে বনভোজস্থলী তথা পৰ্যটনস্থলীটো মদৰ আড্ডাস্থলীলৈ যে পৰিনিত হোৱাটো নিশ্চিত । মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নাম বিজৰিত শংকৰঘোলাৰ ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে পৰবৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব ।

You might also like