নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্ৰ-ছাত্ৰীলৈ সুখবৰ শিক্ষামন্ত্ৰীৰঃ আৱাসৰ মাচুল ,হাত খৰচো যোগান ধৰিব চৰকাৰে

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ ‘ব্ৰহ্মপুত্ৰৰ পানী যিহেতু আমি বাধা দি ৰাখিব নোৱাৰো , ঠিক তেনেদৰে ছাত্ৰ-ছাত্ৰী সকলৰ চিন্তা আৰু কল্পনাকো আমি বাধা দিব নোৱাৰো । তেওঁলোকক মুক্ত আকাশত উৰিবলৈ দিব লাগে । ছাত্ৰাৱস্থাত যিহেতু আমিও আন্দোলন কৰিছিলোঁ অথবা ছাত্ৰৰ মনত চৰকাৰবিৰোধী এটা ভাৱ থাকিব পাৰে । তেওঁলোকৰ আন্দোলন কৰাৰ অধিকাৰ আছে । কিন্তু মহাবিদ্যালয়ৰ অধ্যাপক এজনে যেতিয়া আন্দোলনত জপিয়াই পৰে, কি কাৰণে জপিয়াই পৰিছোঁ তাৰ প্ৰতিও যদি সম্যক জ্ঞান নাথাকে তেতিয়া আমি নিজক কৰবাত নহয় কৰবাত অন্যায় কৰা হয় ।’ – বুধবাৰে বিত্ত তথা শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এইদৰে ছাত্ৰ আৰু শিক্ষকক উদ্দেশ্যে নিজৰ বক্তব্য প্ৰদান কৰে ।

বুধবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীৰ মাজত উদ্বোধন কৰে জ্ঞান দীপিকা জলপানি আঁচনিৰ লগতে হিন্দুস্তান কৰ্পৰেচনৰ অধীনৰ কৰ্মচাৰীৰ সন্তানৰ বাবে এককালীন শিক্ষা অনুদান বিতৰণ অনুষ্ঠান । দীৰ্ঘদিন ধৰি অচল হৈ থকা নগাঁও আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীৰ অধ্যয়নৰত সন্তানৰ বাবে চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে এককালীন সাহাৰ্য । প্ৰাক প্ৰাথমিক ৰ পৰা দশম শ্ৰেণী পৰ্যন্ত ১০,০০০ টকা, উচ্চতৰ মাধ্যমিক আৰু সমসাময়িক পাঠ্যক্ৰমৰ বাবে ২৫,০০০ টকা , স্নাতক , পলিটেকনিক আৰু অন্যান্য অনুৰূপ শিক্ষানুষ্ঠানত গ্ৰহণ কৰা স্নাতক পাঠ্যক্ৰমৰ বাবে ৫০,০০০ টকা, বিশ্ববিদ্যালয় আৰু অন্যান্য অনুৰূপ শিক্ষানুষ্ঠানত গ্ৰহণ কৰা স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে ৭৫,০০০ টকা আৰু পি.এইচ.ডি , চিকিৎসাবিদ্যা , কাৰিকৰী আৰু অন্যান্য অনুৰূপ বৃত্তিমূলক পাঠ্যক্ৰমৰ বাবে চৰকাৰৰ তৰফৰ দিয়া হ’ব ১,০০,০০০ টকা ।

এই সভাত উপস্থিত থাকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ কলেজীয়া জীৱনৰ অভিজ্ঞতা আৰু হোষ্টেলৰ মাচুল সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দেখা দিয়া অস্বত্বিৰ কথাও উল্লেখ কৰে । কিয়নো মধ্য়বিত্ত পৰিয়াল এটাই হোষ্টেলৰ নামভৰ্তিৰ লগতে মাহিলী মাচুলৰ ক্ষেত্ৰত বিমোৰত পৰিব লগা হোৱা বুলি কৈ মন্ত্ৰীগৰাকীয়ে প্ৰতিমাহে ৭০০ টকাকৈ মুঠ ১০ মাহৰ ৭০০০ টকা ছাত্ৰ বা ছাত্ৰীগৰাকীক বেংক একাউণ্টৰ জৰিয়তে দিয়াৰ কথা ঘোষণা কৰে । আগন্তুক বাজেট অধিৱেশনত শিক্ষা বিভাগৰ ক্ষেত্ৰত বহুকেইখন অভিলাষী আঁচনি আনি পৰৱৰ্তী পৰ্যায়ত হোষ্টেলৰ নামভৰ্তিৰ লগতে দিয়া মাহিলী মাচুলো বিনামূলীয়া হ’ব বুলি কয় মন্ত্ৰীগৰাকীয়ে । এই বিশেষ অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে পিতৃ-মাতৃয়ে নিজৰ সন্তানক শিক্ষানুষ্ঠানলৈ যাওতে দিব লগা দৈনিক খৰচো চৰকাৰে বহন কৰাৰ কথা ভাবিছে বুলি প্ৰকাশ কৰে ।

উল্লেখ্য যে, শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে আৰু কেতবোৰ গুৰুত্বপূৰ্ণ আঁচনি অচিৰেই গ্ৰহণ কৰাৰ লগতে আগন্তুক বৰ্ষত অসমত বহুকেইখন নতুন শিক্ষানুষ্ঠান আৰম্ভ হোৱাৰ লগতে ঠিকাভিত্তিক শিক্ষকসকলকো চৰকাৰী আওতালৈ অনাৰ প্ৰসংগ উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে । কাকপথাৰ, ডুমডুমা, কাৰ্বিআংলঙৰ দেওথৰ , বোকাখাতত নতুন স্নাতক মহাবিদ্যালয় আৰম্ভ হোৱাৰ লগতে গোলাঘাটত এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

You might also like