নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰং মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ দুদিনীয়া কাৰ্যসূচীৰ সফল সমাপ্তি

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰদ্বাৰা মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান মূল্যায়ন কোষ আৰু অসম প্ৰাণীবিজ্ঞান সমিতিৰ সহযোগত আয়োজিত ‘Recent Advances in Biological Sciences: Biodiversity and Human Welfare’ শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰখনৰ আজিৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ সফল পৰিসমাপ্তি ঘটে। মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰদ্বাৰা পৰিবেশিত মহাবিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা আলোচনাচক্ৰখন তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড: বীৰেণ দাসে উদ্বোধন কৰে। শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, প্ৰাণীবিজ্ঞান সমিতি, অসমৰ সভাপতি   প্ৰিয়ব্ৰত লহকৰ, মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড: জয়শংকৰ হাজৰিকা, প্ৰাক্তন অধ্যাপক পৰেশ গোস্বামী আৰু তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড: জ্যোতিকমল হাজৰিকা আৰম্ভণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্হিত থাকে।

আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক ড: পৰিমল চন্দ্ৰ ভট্টাচাৰ্যই মূল ভাষণ আৰু প্ৰাক্তন মুৰব্বী অধ্যাপক তথা বিজ্ঞানগুৰু ড: প্ৰশান্ত কুমাৰ শইকীয়া আৰু বৰ্তমানৰ মুৰব্বী অধ্যাপক ড: যোগেন চন্দ্ৰ কলিতাই নিমন্ত্ৰিত ভাষণ আগবঢ়ায়। বক্তাকেইগৰাকীৰ চমু পৰিচয় আগবঢ়ায় ক্ৰমে ইতিহাস বিভাগৰ সহকাৰী অধ্যাপিকা ড: শ্বেতা মহন্ত, প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ৰিতু শৰ্মা আৰু জুলি বৈৰাগীয়ে। বিশিষ্ট অতিথি আৰু নিৰ্দিষ্ট বক্তাসকলক প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা বিনীতা দাস, সহযোগী অধ্যাপক অভিজিৎ দাস, সহকাৰী অধ্যাপক ক্ৰমে ড: ৰবীন্দ্ৰ হাজৰিকা, ড: চিত্তৰঞ্জন বৰুৱা, ড: নৱনীতা মেধি, জুলি বৈৰাগী, ৰিতু শৰ্মা, পৰিস্মিতা দেৱী, ড: মমী দাস আৰু ড: সংগীতা বৰুৱাই সম্বৰ্ধনা জনায়।

অনুষ্ঠানটোৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰাক্তন অধ্যাপক উপেন্দ্ৰ নাথ শৰ্মাই। বন্তি প্ৰজ্বলন অনুষ্ঠানত গণেশ বন্দনা পৰিবেশন কৰে মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা জুলি বৈৰাগীয়ে। দৰং মহাবিদ্যালয় আভ্যন্তৰীণ মান মূল্যায়ন কোষৰ সমন্বয়ক ড: স্বপ্নালী কাকতিয়ে আঁত ধৰা অনুষ্ঠানটোত অধ্যক্ষ ড: পলাশমনি শইকীয়াই আদৰণি ভাষন আগবঢ়ায়। আলোচনাচক্ৰখনৰ সমন্বয়ক ড: চিত্তৰঞ্জন বৰুৱাই আলোচনাচক্ৰৰ মূল বিষয়বস্তুক সামৰি বক্তব্য ৰাখে। আলোচনাচক্ৰৰ সাৰগ্ৰন্থখন উন্মোচন কৰি USTM ৰ উপ উপাচাৰ্য ড: বলেন্দ্ৰ কুমাৰ দাসে তেখেতৰ সাৰুৱা ভাষণ আগবঢ়ায়। মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা পৰিস্মিতা দেৱীয়ে উন্মোচকগৰাকীৰ চমু পৰিচয় দাঙি ধৰে। একেদৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই আলোচক্ৰৰ স্মৰণিকাখন উন্মোচন কৰি তেখেতৰ বহুমূলীয়া বক্তব্য ৰাখে। আৰম্ভণি অনুষ্ঠানৰ শেষত প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা জুলি বৈৰাগীয়ে শলাগৰ শৰাই আগবঢ়ায়। প্ৰথম দিনটোত অসম তথা ভাৰতৰ বিভিন্ন প্ৰদেশৰ পৰা অহা গৱেষকসকলে গৱেষণাপত্ৰ পাঠ কৰে। USTM ৰ উপ উপাচাৰ্য ড: বলেন্দ্ৰ কুমাৰ দাস, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক ড: প্ৰশান্ত কুমাৰ শইকীয়া, তেজপুৰ বিশ্ববিদ্যালয়ৰ আণৱিক জীৱবিজ্ঞান আৰু জৈৱপ্ৰযুক্তি বিভাগৰ মুৰব্বী অধ্যাপক ড: ৰবীন দলে আৰু দৰং মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক পংকজ হাজৰিকাই গৱেষণাপত্ৰ পাঠ অনুষ্ঠানসমূহত পৌৰোহিত্য কৰে। অনুষ্ঠানৰ মাজতে প্ৰাক্তন দৰঙিয়ান তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড: যোগেন চন্দ্ৰ কলিতা দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংস্হাৰ সাধাৰণ সম্পাদক ড০ মনোজ কুমাৰ হাজৰিকাই আজীৱন সদস্য পদৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ আৰু বিজ্ঞান আৰু অভিযান্ত্ৰিক পৰিষদৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা আলোচনাচক্ৰখনত দেশৰ বিভিন্ন অগ্ৰণী শিক্ষানুষ্ঠান যেনে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, দিল্লী বিশ্ববিদ্যালয়, কলিকতা বিশ্ববিদ্যালয়, পঞ্জাৱ বিশ্ববিদ্যালয়, ছিকিম বিশ্ববিদ্যালয়, উত্তৰ ওড়িশা বিশ্ববিদ্যালয়, উৎকল বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আদিৰ অধ্যাপক, গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু তামিলনাডু বন বিভাগৰ গৱেষকসকলে এশৰো অধিক গৱেষণাপত্ৰ পাঠ কৰে। অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে ইতিমধ্যে শুভেচ্ছাবাণী প্ৰেৰণ কৰিছে । সামৰণি অনুষ্ঠানত দৰং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰী সকলে এক আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠান পৰিবেশনৰে অনুষ্ঠানৰ সফল সমাপ্তি ঘটায়।

You might also like