নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত আলফাৰ হৈ ধন সংগ্ৰকাৰী আটক

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: অসমত আলফাৰ হৈ ধন দাবী কৰাৰ অভিযোগত নগা যুৱক আটক।চৰাইদেউ জিলাৰ সোণাৰিৰ অসম নগালেণ্ডৰ সীমান্ত নামতোলাত আলফা (স্বা)ৰ হৈ ধন দাবী কৰা এজন নগা যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা নগা যুৱকজনৰ নাম টিংমন কণ্যা আৰু ধৃত যুৱকৰ ঘৰ মন জিলাৰ টিজিত বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আৰক্ষী সূত্ৰৰ জানিবলৈ দিয়া মতে ধৃত নগা যুৱক জনক সোণাৰিৰ অসম নগালেণ্ড সীমান্তৰ নামতোলা অঞ্চলৰ কেইবাজনো প্ৰতিষ্ঠিত ব্যৱসায়ীৰ পৰা আলফাৰ দ্বাৰা দাবীকৃত ধন সংগ্ৰহ কৰিবলৈ নিয়োগ কৰা হৈছিল । বিষয়টোৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

সোণাৰিৰ পৰা দীপাংকৰ পাল।

You might also like