নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কহুঁৱা-বিৰিণাই চানি ধৰিছে বিধায়ক মানৱ ডেকাৰ সপোনৰ আঁচনিত

  • ৩১ লাখ টকীয়া বৃক্ষ ৰোপণ আঁচনিৰ নামত চূড়ান্ত প্ৰহসন
  • ১৪ লাখ টকা ওলাই যোৱাৰ পিছতো ৰাজগড় বঙালীত নাই গছপুলি
নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: অসম-অৰুণাচল সীমান্তৱৰ্তী কাকৈৰ ৰাজগড় বঙালীত যোৱা ২৭-০৭-২০২১ তাৰিখে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই এখন বৃক্ষ ৰোপণ আঁচনি শুভ উদ্বোধন কৰিছিল৷ লখিমপুৰউন্নয়ন খণ্ডৰ জৰিয়তে ৰূপায়ণ কৰিবলৈ লোৱা এই  বাউণ্ডেৰী ফেনচিং এণ্ড ৱাটাৰ কনজাৰভেচন এচ ৰাজগড় বঙালী’ নামৰ আঁচনিখন এতিয়া একপ্ৰকাৰে প্ৰহসনত পৰিণত হৈছে৷ সেইদিনা বিধায়কজনে এই আঁচনিখনৰ কামৰ শুভাৰম্ভ কৰি এই আঁচনিখন তেওঁৰ সপোনৰ আঁচনি হ’ব বুলি উল্লেখ কৰিছিল৷ পৰিতাপৰ কথা যে এই আঁচনিখনত এতিয়া গছ বনে চানি ধৰাৰ লগতে বৃক্ষৰোপণ স্থলীত কঁহুৱা-বিৰিণাই আৱৰি ধৰিছে৷ আঁচনিখন ৰূপায়ণৰ নামত তিনিটা পুখুৰী খন্দা হ’ল যদিও এই পুখুৰীকেইটাৰ পাৰত সৌন্দৰ্য বৰ্ধনৰ কোনো ব্যৱস্থা নকৰাত এতিয়া পুখুৰীৰ পাৰত গছ গছনি, কঁহুৱা-বিৰিণাই আৱৰি ধৰাৰ লগতে বৃক্ষৰোপণৰ অস্তিত্ব নাই বুলি কব পাৰি৷

উল্লেখনীয় কথা যে উক্ত আঁচনিৰ নামত বৃক্ষৰোপণ তথা জব কাৰ্ড শ্ৰমিকৰ নামত প্ৰায় ১৪  লাখ টকা ওলাই যোৱাৰ বিপৰীতে চৌহদ বেৰাৰ নামতো প্ৰায় ৬ লাখ টকা ওলাই যায়৷ এনে বৃহৎ ধনৰাশি ওলাই যোৱাৰ পিছতো অদ্যাপি চৌহদ বেৰা নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ’ল৷ এমৰেগা আঁচনিৰ অধীনত ৰূপায়ণ হোৱা এই আঁচনিখন এতিয়া একপ্ৰকাৰে প্ৰহসনত পৰিণত হৈছে৷ এইক্ষেত্ৰত লখিমপুৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সংশ্লিষ্ট বিষয়া কৰ্মচাৰীৰ ভূমিকাও ৰহস্যজনক৷ দুয়োখন ৰাজ্যৰ সীমান্তত নিৰ্মাণ কৰিবলৈ লোৱা এনে এখন অভিলাষী আঁচনি বিধায়কে শুভাৰম্ভ কৰা পিছতো উক্ত আঁচনি ৰূপায়ণৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ নোলোৱা কাৰ্যইয়ো একাংশ স্থানীয় লোকক অসন্তুষ্ট কৰি তুলিছে৷ ইফালে কথা যে বাউণ্ডেৰী ৱাল তথা চৌহদ বেৰাৰ নিৰ্মাণ কাৰ্যও আঁচনি ৰূপায়ণৰ লগত জড়িত সকলে সম্পূৰ্ণ নকৰিলে৷ সন্মুখৰ অংশত চৌহদ বেৰাৰ ওপৰত ফেনচিং দিলে যদিও পিছফালৰ তথা নদী কাষৰ অংশৰ ফালে চৌহদ বেৰা তেনেই চাপৰ হৈ থকাৰ লগতে সেই অংশত এই পৰ্যন্ত ফেনচিঙৰ ব্যৱস্থা নকৰিলে৷ বৰ্তমান  ৰাজগড় বঙালীত  এই অভিলাষী আঁচনিখন একপ্ৰকাৰে বগা হাতীত পৰিণত হ’ল৷ সেয়েহে উক্ত আঁচনিখন ৰূপায়ণত জড়িত লোক সকলক তদন্তৰ আওতালৈ আনি ব্যৱস্থা গ্ৰহণ কৰিবলৈ  জিলা উপায়ুক্ত গৰাকী স্থানীয় ৰাইজে দাবী জনাইছে।

 

 

You might also like