নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাৰ হ’ল শিক্ষাবর্ষৰ দুমাহঃ ছাত্র–ছাত্রীয়ে নাপালে অভ্যাসন আৰু মূল্যায়ন বহী

নিয়মীয়া বাৰ্তা,৫ জুনঃ  ক’ভিড মহামাৰীয়ে বিকল কৰা দুটা শিক্ষাবর্ষৰ অন্তত চলিত শিক্ষাবর্ষ আৰম্ভ হোৱাৰ দুমাহ পাৰ হোৱাৰ পাছতো ছাত্র–ছাত্রীসকলে অভ্যাসন আৰু মূল্যায়ন বহী লাভ নকৰাত অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনী সৰৱ হৈ পৰিছে৷ সন্মিলনীৰ সভাপতি অখিল চন্দ্র নাথ আৰু প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামী স্বাক্ষৰিত এখন স্মাৰক–পত্র শনিবাৰে প্রাথমিক শিক্ষা বিভাগৰ সচিবলৈ প্রেৰণ কৰে৷ স্মাৰক–পত্রযোগে প্রথম সাময়িকী মূল্যায়ন সন্দর্ভতো স্পষ্ট নির্দেশনা প্রকাশৰ আহ্বান জনায়৷

উল্লেখ যে চলিত শিক্ষা বর্ষৰ বাবে প্রস্তুত কৰা দীনপঞ্জী অনুসৰি যোৱা ১ জুনৰ পৰা ৯ জুনলৈ প্রথম সাময়িকী মূল্যায়ন অনুষ্ঠিত হ’ব লাগিছিল৷ কিন্তু শিক্ষা বিভাগে দিনপঞ্জীক পিঠি দি গুণোৎসৱৰ দিন নির্ধাৰণ কৰাত মূল্যায়নৰ কি হ’ব, তাৰ কোনো নিশ্চয়তা নোহোৱা হ’ল৷ মূল্যায়নৰ বাবে নির্ধাৰণ কৰা দিনটোৰ পৰা ৰাজ্যৰ দহখন জিলাত তৃতীয় পর্যায়ৰ গুণোৎসৱ চলিল৷ কিন্তু বাকী জিলাসমূহত প্রথম সাময়িকী মূল্যায়ন কি হ’ব, তাৰ একো নির্দেশনা প্রকাশ নকৰাত বিমোৰত পৰিছে শিক্ষক সমাজ৷ সন্মিলনীৰ নেতাদ্বয়ে কয় যে শিক্ষা বিভাগত সামঞ্জস্যহীন আদেশ–নির্দেশে সঘনে জটিলতাৰ সৃষ্টি কৰিছে৷ এনে অৱস্থাৰ পৰা পৰিত্রাণ বিচাৰি শীঘ্রে প্রথম সাময়িকী মূল্যায়নৰ স্পষ্ট নির্দেশনা প্রকাশৰ লগতে শীঘ্রে প্রতি বিষয়ত কমেও দুখনকৈ অভ্যাসন আৰু মূল্যায়ন বহী প্রদানৰ দাবী জনাইছে৷

You might also like