নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত শীঘ্রেই ৰাজ্যৰ প্রথমটো ছ’লাৰ পাৱাৰগ্রিডঃ বিধায়ক সিংহী

নিয়মীয়া বার্তা, ২৩ জানুৱাৰীঃ ৰাজ্যৰ ভিতৰত প্রথমটো সৌৰশক্তি গ্রীড নির্মাণ কৰা হ’ব বিলাসীপাৰা মহকুমাত ৷ –এই ঘোষণা বিলাসীপাৰাৰ বিধায়কগৰাকীৰ ৷ বুধবাৰে পুৱা বিলাসীপাৰা সমষ্টিৰ অন্তর্গত শাশাৰগাঁৱত এটা গড়কাপ্টানী পথৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ এইদৰে মন্তব্য কৰিছে বিধায়ক সিংহীয়ে ৷ বিলাসীপাৰা টেৰিটৰিয়েল পথ সংমণ্ডলৰ অধীনস্থ শাশাৰগাঁৱৰ পৰা পাৰউৰা গাঁৱলৈ জৰাজীর্ণ পথটো মেৰামতিৰ বাবে চৰকাৰে এছ অ’ পি ডি–এফ ডি আৰ আঁচনিৰ অধীনত ১৯ লাখ ৭৭ হাজাৰ টকা মঞ্জুৰি দিয়ে ৷

সেই মতে বুধবাৰে পথছোৱাৰ মেৰামতিৰ কামৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে ৷ বিভাগীয় বিষয়া–অভিযন্তাৰ লগতে স্থানীয় বহুসংখ্যক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত পথছোৱা মেৰামতিৰ আধাৰশিলা আনুষ্ঠানিকভাৱে স্থাপন কৰাৰ পিছতে বিধায়কগৰাকীয়ে অংশগ্রহণ কৰে আধাৰশিলা স্থাপন উপলক্ষে আয়োজিত এখন সভাত ৷ বিজেপি দলৰ জ্যেষ্ঠ নেতা ভদ্রেশ্বৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়কগৰাকীয়ে কয়– আধাৰশিলা স্থাপন কার্যসূচীসমূহত মই এইবাবে উপস্থিত থাকোঁ যে সেই অঞ্চলৰ সকলোধৰণৰ অভাৱ–অভিযোগবোৰ মই পোনপটীয়াকৈ প্রত্যক্ষ কৰিব পাৰোঁ আৰু এটা সমিধান কৰিবলৈ চেষ্টা কৰোঁ ৷

এই সভাতে বিধায়কগৰাকীয়ে মন্তব্য কৰে যে পূব বিলাসীপাৰাৰ অধীনস্থ খুদিগাঁৱত থকা চৰকাৰী খাচ মাটিত অতি শীঘ্রে নির্মাণ কৰা হ’ব ছ’লাৰ পাৱাৰগ্রীড ৷ ফলত শীঘ্রেই দূৰ হ’ব পাৱাৰৰ অভাৱ ৷ বিধায়কগৰাকীয়ে বিগত এবছৰ ধৰি ছ’লাৰ পাৱাৰগ্রীড প্রকল্পটো নির্মাণৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিছে ৷ অহা ২৮ জানুৱাৰীত এ পি ডি চি এলৰ অধ্যক্ষই বিলাসীপাৰাৰ খুদিগাঁৱত উপস্থিত হৈ প্রকল্পটোৰ ভূমি পর্যবেক্ষণ কৰিব আৰু তেওঁৰ পর্যবেক্ষণত ভূমি বিবেচিত হ’লে শীঘ্রে নির্মাণ হ’ব প্রকল্পটো ৷ তদুপৰি বিলাসীপাৰাত আন এটা বৃহৎ প্রকল্প নির্মাণৰ চেষ্টা অব্যাহত ৰাখিছে বিধায়কগৰাকীয়ে ৷ এইক্ষেত্রত বিধায়ক সিংহীয়ে জানিবলৈ দিয়া মতে, চৰকাৰী সেউজ ইংগিত পালে বিলাসীপাৰাত অচিৰেই নির্মাণ হ’ব এছ পি চি এলৰ পেড্র’লিয়াম হাব৷ বিধায়কগৰাকীৰ এনে প্রচেষ্টাৰ শলাগ লৈছে মহকুমাবাসীয়ে ৷

You might also like