নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৌন্দর্য চর্চাত আইচ কিউব

প্রখৰ উত্তাপে সকলোৰে দৈনন্দিন জীৱনত প্রভাৱিত কৰিছে৷ এই সময়ছোৱাত ছালৰ যতন লোৱাটো খুবেই গুৰুত্বপূর্ণ৷ ঘৰতে থকা কিছুমান সামগ্রীৰে আমি সহজে ছাল আৰু মুখমণ্ডলৰ যত্ন ল’ব পাৰোঁ৷ আজি ক’ব খোজা হৈছে সৌন্দর্য চর্চাত আইচ কিউবৰ ব্যৱহাৰৰ বিষয়ে৷
rবিলাহী আৰু নেমুৰ ৰস আইচ ট্রেট থৈ আইচ কিউব বনাই ল’ব৷ এতিয়া এই আইচ কিউবটো প্রতিদিনে দুবাৰকৈ আপোনাৰ ডার্ক ছার্কলৰ ওপৰত ঘঁহিব৷ কপাহী কাপোৰেৰে আইচ কিউবটো বান্ধি লৈহে ব্যৱহাৰ কৰিব৷ আইচ কিউবে ক্লীনজাৰ আৰু ট’নাৰৰ কাম কৰে আৰু ছালখন শুকান হোৱাৰ পৰা ৰক্ষা কৰে৷ ইয়াৰ ফলত ডার্ক ছার্কলৰ সমস্যা নোহোৱা হ’ব৷
rধূলিৰ বাবে মুখমণ্ডলৰ নোম ছিদ্রত ময়লা জমা হয়৷ এনেক্ষেত্রত কপাহী কাপোৰত বান্ধি লোৱা আইচ কিউব লাহে লাহে মুখত ঘঁহিলে সেই ময়লাসমূহ ওলাই যায় আৰু মুখমণ্ডল পৰিষ্কাৰ হয়৷
rচকুৰ তলত ক’লা দাগ পৰিলে আইচ ট্রেট আলুৰ ৰস জমা কৰি পটেট’ আইচ কিউব প্রস্তুত কৰি আক্রান্ত অংশত লাহে লাহে ঘঁহিব৷ ইয়াৰ ফলত অতি সোনকালে চকুৰ তলৰ ক’লা দাগ নোহোৱা হ’ব৷ ইয়াৰ উপৰি শৰীৰৰ অন্যান্য অংশত ক’লা পৰিলেও এই আইচ কিউব ঘঁহি দিলে পূর্বৰ ৰং ঘূৰি আহিব৷ নিয়মীয়াকৈ আইচ কিউবেৰে নিজৰ যত্ন ল’লে আপুনি এখন সতেজ ছালৰ গৰাকী হ’ব পাৰে৷

You might also like