নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডলাৰৰ বিপৰীতে টকাৰ মূল্য অভাৱনীয় ৰূপত হ্রাস: নতুন অভিলেখেৰে প্রতি মার্কিন ডলাৰৰ বিপৰীতে ৮০.১৩ টকা

  • নতুন অভিলেখেৰে প্রতি মার্কিন ডলাৰৰ বিপৰীতে ৮০.১৩ টকা
  • ছেনছেক্সতো পতন, ১২০০ পইণ্ট নিম্নগামী
  • বিনিয়োগকাৰীয়ে হেৰুৱালে ৮ লাখ কোটি টকা

 

নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট: মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য অভাৱনীয় ৰূপত হ্রাস পাই আছে৷ যোৱা ১৯ জুলাইত প্রতি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্যই সর্বকালৰ সর্বনিম্নৰ অভিলেখ গঢ়াৰ পাছত বিগত কেইবাদিন ধৰি ভাৰতীয় টকাৰ মূল্য ডলাৰৰ বিপৰীতে উত্থান–পতন চলি আছে৷ ইয়াৰ মাজতে বিগত চাৰি দিন ধৰি ক্রমাগতভাৱে মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য পতন চলি আছে৷ আজি বজাৰ আৰম্ভ হোৱাৰ পাছতে মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য ৩১ পইচা নিম্নগামী হৈ সর্বকালৰ সর্বনিম্নৰ নতুন অভিলেখ গঢ়ে৷ প্রতি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য নতুন অভিলেখ ৮০.১৩ টকা হৈছে৷ ইয়াৰ পূর্বে যোৱা ১৯ জুলাইত ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য আছিল ৮০.০৬ টকা৷ ইউ এছ ফেডাৰেল ৰিজার্ভৰ সুতৰ হাৰ উচ্চ হোৱাৰ পৰিপ্রেক্ষিততেই আন্তর্জাতিক বজাৰত মার্কিন ডলাৰ শক্তিশালী হৈ উঠে আৰু ইয়াৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্য হ্রাস পায়৷ ইউ এছ ফেডাৰেল ৰিজার্ভৰ অধ্যক্ষ জেৰ’মি প’ৱেলে প্রকাশ কৰা মতে ভাৰতীয় মুদ্রাৰ মূল্য ডলাৰৰ বিপৰীতে ৮১ টকা হোৱাৰ সম্ভাৱনা আছে৷

আনপিনে, দেশৰ শ্বেয়াৰ বজাৰতো আজি অভাৱনীয় পতন ঘটে৷ ছেনছেক্স ১২০০তকৈ অধিক পইণ্টৰ পতন ঘটাৰ বিপৰীতে নিফ্টিৰ ৩৬১ পইণ্ট নিম্নগামী হৈছে৷ তথ্য মতে, বিএছই ছেনছেক্সৰ বজাৰ পুৱা আৰম্ভ হোৱাৰ পাছতেই নিম্নগামী হ’বলৈ ধৰে আৰু ১২১০.৬২ পইণ্ট তথা ২.০৬ শতাংশ নিম্নগামী হৈ ৫৭৬২৩.২৫ত বজাৰ সামৰণি পৰে৷ তেনেদৰে এনএচি নিফ্টিৰ ৩৬১.৫০ পইণ্ট তথা ২.০৬ শতাংশ নিম্নগামী হৈ ১৭১৯৭.৪০ত বজাৰ সামৰণি পৰে৷ আজি দেশীয় বজাৰৰ ছেনছেক্স নিম্নগামী হোৱাৰ পৰিপ্রেক্ষিতত বিনিয়োগকাৰীয়ে প্রায় চাৰি লাখ কোটি টকা লোকচানৰ সন্মুখীন হয়৷ লোকচানৰ সন্মুখীন হোৱা কোম্পানীসমূহৰ ভিতৰত টেক মহেন্দ্র, ইনফ’ছিচ, হিণ্ডালকো ইণ্ডাষ্ট্রীজ, এইচ চি এল টেক, উইপ্রো আদি প্রধান৷ আনপিনে, নিফ্টিৰ ক্ষেত্রত ৩–৬ শতাংশ নিম্নগামী হয় নেছলে ইণ্ডিয়া, ব্রিটেনিয়া, এপ’লো হাস্পতাল আদি৷ বিনিয়োগকাৰীয়ে অনাগত কিছুদিন ধৰি শ্বেয়াৰ বজাৰত বৃহৎ লোকচানৰ সন্মুখীনৰ সম্ভাৱনা আছে বুলি শ্বেয়াৰ বজাৰ বিশেষজ্ঞই প্রকাশ কৰিছে৷ পৰৱর্তী তিনি সপ্তাহলৈ বিনিয়োগকাৰীৰ ক্ষেত্রত লোকচানৰ সম্ভাৱনাই অধিক৷

You might also like