নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীতকালত গোৰোহা নাফাটিবলৈ ঘৰুৱাভাৱে কিদৰে যত্ন ল’ব?

শীতকালত হোৱা এটা প্রধান সমস্যা হৈছে গোৰোহা ফটা৷ গোৰোহা ফটাটো কেতিয়াবা বৰ কষ্টদায়ক হৈ পৰে৷ বহু সময়ত গোৰোহা ফটা লোকে পৰিস্থিতিত পৰি লজ্জাবোধ কৰাও দেখা যায়৷ বিশেষকৈ, মহিলাসকলৰ ক্ষেত্রত গোৰোহা ফটা সমস্যাটো বৰ অস্বস্তিদায়ক লগতে কেতিয়াবা আত্মসন্মানতো আঘাত হানে৷ কেতিয়াবা গোৰোহা ফটা ৰোগ ইমান ভয়াৱহ হয় যে ফাটবোৰৰ মাজেদি ৰক্তক্ষৰণ হৈ খোজকঢ়াত ব্যাঘাত জন্মায়৷ সাধাৰণতে গোৰোহা ফটাৰ কাৰণবোৰ বিশ্লেষণ কৰিলে দেখা যায় যে আর্দ্রতাহীনতা বা পুষ্টিহীনতা, পৰিষ্কাৰ–পৰিচ্ছন্ন অভাৱ, শৰীৰৰ ওজন বৃদ্ধি, জোতা বা চেণ্ডেলৰ বাবেও গোৰোহা ফাটিব পাৰে৷ ইয়াৰ প্রতিকাৰৰ উপায় হিচাপে এটা চৰিয়াত কুহুমীয়া গৰম পানী লৈ তাত দুচামুচ নিমখ আৰু অলপ ছেম্পূ মিহলাই ভৰিখন দহ মিনিট সময় জুবুৰিয়াই থ’ব লাগে৷ এনে কৰাৰ ফলত গোৰোহাৰ ফাটত সোমাই থকা ধূলি–বালি, জীৱাণু আদি ওলাই পৰে আৰু গোৰোহাৰ ফটা ছালবোৰ কোমল হয়৷ তাৰ পাছত পৰিষ্কাৰ কাপোৰেৰে মচিব লাগে৷ দুই চামুচ মিঠাতেলত এক ইঞ্চি মম মিহলাই গৰম কৰি তৈয়াৰ কৰা মলম কুহুমীয়া অৱস্থাত লগাব লাগে৷ ডেৰ চামুচ ভেচলিনত এচামুচ বৰিক মিহলাই প্রস্তুত কৰা মিশ্রণ লগালেও সুফল পাব পাৰি৷ মৌ আৰু চালকুঁৱৰীৰ ৰসৰ মিশ্রণ লগালেও গোৰোহা ফটা সমস্যা ভাল হয়৷ কেষ্টৰ অইলৰ লগত হালধি গুডি ভালকৈ মিহলাই তুলাত লগাই দিনে দুবাৰকৈ লগাব লাগে৷ বিশ মিনিটমান পিছত গোৰোহাটো ভালদৰে ধুই ল’ব লাগে৷ ধূলি–বালিৰ পৰা ৰক্ষা পাবলৈ মোজা পিন্ধি থাকিব লাগে৷ কেঁচা গাখীৰৰ লগত পিঠাগুডিৰ মিশ্রণ অথবা অথবা পকা কল ফেনেকি আক্রান্ত অংশত লেপন দি লাহে লাহে ১৫ মিনিটমান মালিচ কৰি তাৰ পিছত পানীৰে ধুই দিব লাগে৷ ৰাতি শোৱাৰ আগতে গোৰোহাত নাৰিকল তেল বা গ্লিচাৰিন সানিব লাগে৷ আনহাতে প্রচুৰ পৰিমাণে পানী খোৱাটো আৱশ্যক৷ এনেদৰে বিভিন্ন পদ্ধতি প্রয়োগ কৰি আমি শীতকালত গোৰোহাটো ফটাৰ পৰা বচাই ৰাখিব পাৰোঁ৷

You might also like