নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুধাকণ্ঠ বন্দনাৰে উদ্বেলিত ৰাজ্যৰ আকাশ–বতাহ :বর্ণিল আয়োজনেৰে আজি ড০ ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ

ডিজিটেল ডেস্ক, ৮ ছেপ্টেম্বৰ : অসমৰ সাংস্কৃতিক ঐতিহ্যক বিশ্ব দৰবাৰত প্রতিষ্ঠিত কৰি অসমীয়া জাতিক সমৃদ্ধ কৰা ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ আজি ওপজা দিন৷ মানৱতা আৰু সমন্বয়ৰ বার্তাৰে বিশ্বৰ বুকুত সাঁচ ৰাখি যোৱা সুধাকণ্ঠৰ শততম ওপজা দিন উদযাপন কৰিবলৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ব্যাপক প্রস্তুতি৷ ইতিমধ্যে শদিয়াৰ পৰা ধুবুৰীলৈ সুধাকণ্ঠৰ গীত–মাতেৰে আকাশ–বতাহ গুঞ্জৰিত হৈ পৰিছে৷ ৰাজ্যৰ লগতে দেশৰ সাংস্কৃতিক জগতক সমৃদ্ধ কৰা সুধাকণ্ঠৰ নিজস্ব শৈলী তথা অমল সৃষ্টিৰাজিৰ অৱদানক কৃতজ্ঞ জাতি হিচাপে আজি স্মৰণ কৰিব অসমীয়াই৷ কায়িকভাৱে আমাৰ মাজৰ পৰা হেৰাই গ’লেও প্রতিগৰাকী অসমীয়াৰ হূদয়ত সুকীয়া স্থান দখল কৰি থকা ড০ ভূপেন হাজৰিকাৰ সমন্বয়ৰ বার্তা বিলাই বছৰজোৰা কার্যসূচীৰে জন্ম শতবার্ষিকী উদযাপন কৰা হ’ব৷

ৰাজ্য চৰকাৰৰ লগতে সদৌ অসম ছাত্র সন্থা, ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু অসম সাহিত্য সভাৰ উদ্যোগত গাম্ভীর্যপূর্ণ কার্যসূচীৰে শতবর্ষ উদযাপনৰ পৰিকল্পনা কৰা হৈছে৷ ইয়াৰ অংশ হিচাপে কালি ড০ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত জালুকবাৰীত থকা ভূপেন হাজৰিকা সমন্বয় তীর্থত পূর্বোত্তৰ প্রাদেশীয় মাৰোৱাৰী যুৱ মঞ্চৰ সহযোগত চাইকেল ৰেলীৰ আয়োজন কৰা হয়৷ ন্যাসৰ সম্পাদিকা মঞ্জুলা হাজৰিকাই চাইকেল ৰেলী উদ্বোধন কৰি কয় যে ড০ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু মাৰোৱাৰী যুৱ মঞ্চই এই ৰেলীৰ আয়োজন কৰিছে৷ ভূপেনদাৰ প্রতীক আছিল চাইকেল৷ নাওবৈচাৰ পৰা যেতিয়া বিধানসভালৈ গৈছিল তেতিয়াও ভূপেনদাৰ প্রতীক আছিল চাইকেল৷ ভূপেনদাই চাইকেল মাৰি মাৰি ভোট বিচাৰি গৈছিল৷ আজি সেই প্রতীক চাইকেল ৰেলীৰে ভূপেনদাৰ জন্ম শতবার্ষিকীৰ আমি শুভাৰম্ভণি কৰিলোঁ৷

এই অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটীৰ আৰক্ষী আয়ুক্ত পার্থসাৰথি মহন্তই কয় যে ক্রীড়াক লৈ ড০ ভূপেন হাজৰিকাই লিখিছিল– এই পৃথিৱী এক ক্রীড়াংগন, ক্রীড়া শান্তিৰ প্রাংগণ৷ ইয়াত কেৱল খেল নহয়, ইয়াত লুকাই আছে এক ডাঙৰ দর্শন৷ ইমান সৰল ভাষাৰে আমি উপলব্ধি নকৰাকৈয়ে অন্তৰপৰশা সুৰেৰে যেতিয়া ড০ ভূপেন হাজৰিকাই ইমান ডাঙৰ ডাঙৰ কথা সৰু সৰু মানুহে উপলব্ধি কৰিব পৰাকৈ কৈ গৈছিল, এয়াই শিল্পীৰ মহানতা, সফলতা আৰু সার্থকতা৷

ইপিনে, আজি ৰাজ্য চৰকাৰৰ উদ্যোগত জালুকবাৰীত থকা ড০ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্রত স্মৃতি তর্পণ আৰু সাংস্কৃতিক কার্যসূচীৰ আয়োজন কৰা হৈছে৷ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত এই স্মৃতি তর্পণ কার্যসূচী অনুষ্ঠিত হোৱাৰ লগতে জন্ম শতবার্ষিকীৰ শুভ উদ্বোধন কৰা হ’ব৷ তদুপৰি ৰাজ্য চৰকাৰৰ উদ্যোগত অহা ১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এক বিশাল অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ য’ত ৰিজার্ভ বেংকে প্রস্তুত কৰা ১০০ টকা মূল্যৰ সুধাকণ্ঠৰ স্মাৰক বিশেষ মুদ্রা প্রধানমন্ত্রীগৰাকীয়ে উন্মোচন কৰিব৷ এই অনুষ্ঠানতে এখন বিশেষ গ্রন্থও উন্মোচন হ’ব৷ তদুপৰি কিশোৰ–কিশোৰীৰ পৰা ৭০ ঊর্ধ্বৰ ব্যক্তিলৈকে এহেজাৰ শিল্পীয়ে এই গাম্ভীর্যপূর্ণ অনুষ্ঠানত সুধাকণ্ঠৰ ১৪টা কালজয়ী গীত পৰিৱেশন কৰিব৷ বিভিন্ন প্রজন্মৰ শিল্পীৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ শিল্পীয়ে অংশগ্রহণ কৰিবলগীয়া গীত পৰিৱেশন অনুষ্ঠানৰ বাবে আখৰা পূর্ণগতিত চলি আছে৷ ৰাজ্য চৰকাৰে অনুষ্ঠানত অংশগ্রহণৰ বাবে ১,১০০জন বিশেষ ব্যক্তিকো আমন্ত্রণ জনাইছে৷ তদুপৰি পৰৱর্তী সময়ত মুম্বাইকে ধৰি দেশৰ ভিন্ন প্রান্তত সুধাকণ্ঠৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি আন কেইবাটাও অনুষ্ঠান অনুষ্ঠিত কৰাৰ কথাও ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে৷

সেইদৰে সদৌ অসম ছাত্র সন্থাৰ উদ্যোগত আজিৰ পৰা সুধাকণ্ঠৰ জন্ম শতবার্ষিকীৰ বছৰজোৰা কার্যসূচী আৰম্ভ কৰা হ’ব৷ এই উপলক্ষে দীঘলীপুখুৰীপাৰত উদ্দীপনা শীর্ষক এক কার্যসূচী অনুষ্ঠিত হ’ব৷ য’ত মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ শ্রেষ্ঠ শিল্পীসকলে সুধাকণ্ঠৰ গীত পৰিৱেশন কৰিব৷ জিলা পর্যায়তো উদ্দীপনা শীর্ষক অনুষ্ঠান ছাত্র সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’ব৷ ইয়াৰ লগত সংগতি ৰাখি ছাত্র সন্থাই বত্তৃণতা অনুষ্ঠান, কুইজ প্রতিযোগিতা, চিত্রাংকন প্রতিযোগিতা আদি বিভিন্ন কার্যসূচীৰ আয়োজন কৰিছে৷

ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ বাবে ৰাজ্যিক বিজেপিৰ কার্যালয়তো আজি এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ সুধাকণ্ঠৰ সৈতে একেলগে গীত পৰিৱেশন কৰা তথা বাদ্যযন্ত্রী হিচাপে সহযোগিতা কৰা কেইবাগৰাকীও জ্যেষ্ঠ শিল্পীক ৰাজ্যিক বিজেপিয়ে সম্বর্ধনা জ্ঞাপন কৰিব৷

ইফালে, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জীৱনভিত্তিক ‘ভূপেনদা আনকাট’ নামৰ এখন তথ্যচিত্রৰ কালি প্রিমিয়াৰ শ্ব’ মহানগৰীৰ অনুৰাধা চিনে প্লেক্সত অনুষ্ঠিত হৈ যায়৷ তথ্যচিত্রখনৰ পৰিচালনা তথা পৰিকল্পনা হৈছে ববিতা শর্মাৰ৷ প্রিমিয়াৰ শ্ব’ৰ এই অনুষ্ঠানত উপস্থিত থাকি শর্মাই কয় যে তথ্যচিত্রখনৰ ফুটেজসমূহ ভিণ্টেজ মানৰ৷ কিয়নো এই তথ্যচিত্রখন ১৯৯৯ চনত ইংলেণ্ডত শ্বুটিং কৰা হৈছিল৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি আমেৰিকা নিবাসী সুধাকণ্ঠৰ পুত্র তেজ হাজৰিকা, বোৱাৰী কেডেনছ হাজৰিকা আৰু নাতি চেজ আকাশ হাজৰিকাক সম্বর্ধনা জ্ঞাপন কৰা হয়৷ সুধাকণ্ঠৰ ভাতৃ সমৰ হাজৰিকাকে ধৰি পৰিয়ালৰ আন সদস্যসকলকো এই অনুষ্ঠানতে সম্বর্ধনা জ্ঞাপন কৰা হয়৷

তথ্যচিত্রখন প্রদর্শনৰ পিছত ভাষণ দি সমৰ হাজৰিকাই কয় যে তথ্যচিত্রখনত ভূপেনদাক আকৌ জীৱন্ত ৰূপত দেখাৰ নিচিনা মোৰ অনুভৱ হৈছে৷ তথ্যচিত্রখন উপভোগ কৰি তেজ হাজৰিকা আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকল অভিভূত হৈ পৰে৷ প্রিমিয়াৰ শ্ব’ত বিশিষ্ট পৰিচালক মঞ্জু বৰা, সঞ্জীৱ সভাপণ্ডিত, অভিনেত্রী ৰুণু দেৱী, বিশিষ্ট গায়ক লোকনাথ গোস্বামী, মালবিকা বৰা, প্রাক্তন সাংস্কৃতিক মন্ত্রী হেমপ্রভা শইকীয়া, সাংসদ প্রদ্যুৎ বৰদলৈ, প্রাক্তন সাংসদ কুইন ওজাকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে৷ ১৯৯৯ চনত অসম চিকিৎসা মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র গোটৰ দ্বাৰা আয়োজিত এক সাংস্কৃতিক কার্যসূচীত অংশগ্রহণ কৰিবলৈ ইংলেণ্ড ভ্রমণ কৰাৰ সময়ত তথ্যচিত্রখন শ্বুটিং কৰা হৈছিল৷ শৈশৱৰ বহু স্মৃতিৰ লগতে পত্নী প্রিয়ম্বদা পেটেলৰ সৈতে সম্পর্কলৈকে বিভিন্ন বিষয়ৰ ওপৰত সুধাকণ্ঠই মতামত প্রকাশ কৰিছিল৷

ইপিনে, আজি ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু সাংবাদিক হিৰণ্য কুমাৰ বর্মনৰ সাঁচতীয়া বাতৰিকাকতৰ এখন বিশেষ প্রদর্শনী সুধাকণ্ঠ সমন্বয় ক্ষেত্রত অনুষ্ঠিত হ’ব৷ য’ত সুধাকণ্ঠৰ মহাপ্রয়াণ, অন্ত্যেষ্টিক্রিয়া, আদ্যশ্রাদ্ধ সম্পর্কত ইংৰাজী, হিন্দী, বাংলা আৰু অসমীয়া ভাষাৰ ৩০খন বাতৰিকাকতত প্রকাশ পোৱা প্রতিবেদনসমূহ প্রদর্শন কৰা হ’ব৷ তদুপৰি আন বিভিন্ন দল–সংগঠন, অনুষ্ঠান–প্রতিষ্ঠান, শিক্ষানুষ্ঠান আদিয়েও আজি সুধাকণ্ঠৰ জন্ম শতবার্ষিকীত বিভিন্ন কার্যসূচীৰ আয়োজন কৰিছে৷ নিয়ম ভঙাৰ হেঁপাহ বুকুত বান্ধি লৈ সংগীতৰ মায়াৰে গীত–মাত–কথাৰে মানুহৰ জয়গান গোৱা, নতুন দিনৰ বুৰঞ্জী লিখিবলৈ উদাত্ত আহ্বান জনোৱা ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী শদিয়াৰ পৰা ধুবুৰীলৈ, মুম্বাইৰ পৰা জাপানৰ ওছাকালৈ বিশ্বজুৰি উদযাপন কৰা হৈছে৷ উল্লেখ্য যে দেশৰ সাংস্কৃতিক ক্ষেত্রখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ১৯৯২ চনত দাদা চাহেব ফাল্কে বঁটাৰে ড০ ভূপেন হাজৰিকাক সন্মানিত কৰা হৈছিল৷ ২০১৯ চনত তেওঁক মৰণোত্তৰভাৱে দেশৰ সর্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্রদান কৰা হয়৷

You might also like