নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজবাট আৰক্ষীৰ অভিযানত ১০৫ কেজি ভাং জব্দ

নিয়মীয়া বাৰ্তা, ৭ মে’ : ওদালগুৰি জিলাৰ মাজবাটৰ অসম-অৰুণাচল সীমান্ত এলেকাত আৰক্ষীয়ে পুনৰ জব্দ কৰে এক কুইন্টলৰো অধিক ভাং । জানিব পৰা মতে, এক গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় কুমাৰ ডুবে আৰু লালপানী আৰক্ষী চকীৰ আই চি প্ৰণৱ বৰুৱাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অসম-অৰুণাচল সীমান্ত এলেকাৰ বগৰীবাৰী অঞ্চলত ভাঙৰ সন্ধানত যোৱানিশা অভিযান চলায় । উক্ত অভিযানত বগৰীবাৰী অঞ্চলত হাবিৰ মাজত লুকুৱাই থোৱা অবস্থাত ১০৫ কিলোগ্রাম ভাং জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে । পিছত মাজবাট আৰক্ষীয়ে জব্দ কৰা ভাংখিনি মাজবাট থানালৈ লৈ আনে । এই সংক্রান্তত মাজবাট আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । জব্দ কৰা ভাংখিনিৰ আন্তর্জাতিক বজাৰ মূল্য প্ৰায় ৫২ লাখ ৫০ হাজাৰ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like