নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ বিশিষ্ট শিক্ষাবিদ শিশিৰ কুমাৰ ভট্টাচাৰ্যৰ বিয়োগ

নিয়মীয়া বাৰ্তা, ৭ মে’ : বজালীৰ সমাজ জীৱনৰ অন্যতম কাণ্ডাৰী, এগৰাকী বিশিষ্ট শিক্ষাবিদ, ইংৰাজী ভাষাৰ পণ্ডিত, অভিনেতা তথা বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ শিশিৰ কুমাৰ ভট্টাচাৰ্যৰ (৮৭) আজি পুৱা প্ৰায় ৪:৩০ বজাত বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটা খবৰে সমগ্ৰ বজালীতে শোকৰ ছাঁ পেলাইছে৷ পাঠশালাৰ শৈক্ষিক দিশৰ এগৰাকী পুৰোধা হিচাপে পৰিচিত ভট্টাচাৰ্যই নলবাৰী জিলাৰ মাখিবাহা গাঁৱত প্ৰয়াত হংস নাথ ভট্টাচার্য্য আৰু লক্ষ্মী দেৱীৰ গৃহত ১৯৩৭ চনত জন্মগ্ৰহণ কৰি পিতৃৰ চাকৰি সূত্ৰে তেতিয়াৰ অসমৰ ৰাজধানী শ্বিলঙত থাকিবলৈ লৈ প্ৰথমতে লাইটুমখ্রা এল পি স্কুল আৰু পিছত শ্বিলঙৰ চৰকাৰী হাইস্কুলত পঞ্চম শ্রেণীলৈ পঢ়ি শিক্ষা জীৱনৰ পাতনি মেলে৷ পৰৱৰ্তী সময়ত ভট্টাচাৰ্যৰ পিতৃ গুৱাহাটীৰ কটন কলেজত সংস্কৃত বিষয়ৰ অধ্যাপক নিযুক্তি লাভ কৰাত গুৱাহাটীলৈ আহি পৰ্যায়ক্ৰমে সোণাৰাম হাইস্কুল আৰু কামৰূপ একাডেমীত পঢ়িবলৈ লয়৷ কিন্তু দুর্ভাগ্যবশতঃ সপ্তম শ্রেণীত পঢ়ি থাকোঁতে পিতৃৰ বিয়োগ ঘটাত সপৰিয়ালে গাঁৱৰ ঘৰলৈ ঘূৰি আহিবলৈ বাধ্য হয়৷ তাৰ পিছত টিহু হাইস্কুলত পঢ়িবলৈ লয় আৰু ১৯৫৬ চনত টিহু হাইস্কুলৰ পৰা মেট্রিক পৰীক্ষাত উত্তীৰ্ণ হয়৷ তাৰ পিছত কটন কলেজত নামভৰ্তি কৰি ১৯৬০ চনত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে৷ পিছত পঢ়াৰ সমান্তৰালকৈ গাঁৱতে নতুনকৈ স্থাপন হোৱা মাখিবাহা হাইস্কুলত শিক্ষকতা কৰিবলৈ লয় আৰু ১৯৬২ চনত বজালী হাইস্কুলত স্নাতক শিক্ষক হিচাপে যোগদান কৰি সাতত্ৰিশ বছৰ কাল চাকৰিৰ অন্তত ১৯৯৯ চনৰ মে’ মাহত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে৷ বজালী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত স্থায়ীভাৱে শিক্ষকতা বৃত্তিত নিয়োজিত হোৱাৰ পিছতো পাঠশালা নৈশ বিদ্যালয়, পাঠশালাৰ প্ৰগতি সংঘই অষ্টম শ্রেণীলৈ পঢ়া তেওঁলোকৰ কেন্দ্ৰসমূহত কাম কৰা মহিলাসকলক মেট্রিক পৰীক্ষা দিব পৰাকৈ খোলা condensed course আদি কেইবাটাও শিক্ষানুষ্ঠানত শিক্ষাদান কৰিছিল৷ আনহাতে, চাকৰিৰ পৰা অৱসৰ গ্ৰহণৰ পিছত পাঠশালাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ‘গিলবার্ট ইংলিছ মিডিয়াম স্কুল’, ‘শংকৰদেৱ শিশু নিকেতন’, ‘পাঠশালা মডেল স্কুল’ তথা ‘আনন্দৰাম বৰুৱা একাডেমী’ত শিক্ষকতা কৰাৰ লগতে বজালীৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে জড়িত আছিল৷ পাঠশালা সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰা তথা এগৰাকী অভিনেতা হিচাপেও সু-পৰিচিত ভট্টাচাৰ্যই শিক্ষা বিষয়ক বার্তালোচনী ‘জিজ্ঞাস’ত আশী আৰু নব্বৈৰ দশকত ইংৰাজী বিষয়ৰ নিয়মীয়া লেখকৰ লগতে ইংৰাজী ব্যাকৰণ, ৰচনাকে আদি কৰি কেইবাখনো গ্ৰন্থ ৰচনা কৰি ইংৰাজী আৰু অসমীয়া ভাষাক চহকী কৰি থৈ গৈছে৷ মৃত্যুৰ সময়ত পত্নী, পুত্ৰ-বোৱাৰী, জী-জোঁৱাই, নাতি-নাতিনীসহ অনেক আত্মীয়ক ইহসংসাৰত এৰি যোৱা শিক্ষাবিদগৰাকীৰ মৃত্যুত মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰঞ্জিত কুমাৰ দাস, বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰী, আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ তথা পৰিচালন সঞ্চালক ড৹ ৰণজিৎ ডেকা আৰু ছিনিয়ৰ ছেকেণ্ডাৰী শাখাৰ অধ্যক্ষ নন্দিতা বৰ্মনসহিতে শিক্ষানুষ্ঠানখনৰ পৰিয়ালবৰ্গ, আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়, কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰ, পাঠশালা প্ৰেছ ক্লাব, বজালী জিলা বাৰ্তাজীৱী সংঘ, উদয়ন সংঘ, ষ্টাৰলিট ক্লাব, নাটমণ্ডল পাঠশালা, বজালী প্ৰগতি সংঘ, পাঠশালা সাহিত্য সভা, পাঠশালা ৰাইটাৰ্ছ ফ’ৰাম, সৃষ্টি-পাঠশালা, পাঠশালা ৰঙালী বিহু সন্মিলনী, গ্ৰীন মিছন বজালীৰ সঞ্চালক আনন্দ খাটনিয়াৰ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতি তথা কেন্দ্ৰীয় সমিতিৰ সহ: সম্পাদক মৃদুল তালুকদাৰ, সদৌ অসম ছাত্ৰ সন্থাৰ পাঠশালা আৰু বজালী জিলা সমিতি সমন্বিতে বিভিন্ন দল-সংগঠন তথা ব্যক্তিয়ে গভীৰ শোক ব্যক্ত কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like