🔹 নিশা লখিমপুৰ বাইপাছত গো–ভর্তি ট্রাকত আক্রমণ
বিশেষ বাৰ্তা, ২৭ জুলাই : সাম্প্রতিক সময়ত বিভিন্ন সমস্যা সন্দর্ভত সদৌ অসম সংখ্যালঘু ছাত্র সংস্থা, আমছুৱে ৰাজ্যৰ ভিন্ন প্রান্তত প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰি আহিছে৷ তেনে সময়তে লখিমপুৰত কালি ১২জনকৈ আমছুৰ নেতা–কর্মী ৰঙাঘৰলৈ যাবলগীয়া হৈছে৷ এজন গো-ব্যৱসায়ীক এক লাখ টকা দাবী কৰি মাৰপিট কৰাৰ অভিযোগ উঠে তেওঁলোকৰ বিৰুদ্ধে৷ ব্যৱসায়ীজনৰ পৰা ১৫ হাজাৰ টকা কাঢ়ি নিয়াৰো অভিযোগ উঠে৷ এই ঘটনা সন্দর্ভত লখিমপুৰ সদৰ থানাত পঞ্জীয়ন হোৱা এক গোচৰ মর্মে আৰক্ষীয়ে অভিযুক্ত আটাইকেইজনকে গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰে৷
ঘটনাটোৰ সূত্রপাত হয় পৰহি বিয়লি৷ লখিমপুৰৰ ভৰলুৱা নিৱাসী ৱাহিদুল ইছলামে ধেমাজিৰ গোগামুখৰ পৰা ক্রয় কৰিছিল ৩৪টা গৰু৷ এএছ-০১ এফচি-৭২৯১ নম্বৰৰ ট্ৰাকখনত তেওঁ এই গৰুকেইটা খাৰুপেটীয়ালৈ নিছিল৷ তেওঁৰ মতে, এনেদৰে গৰু সৰবৰাহ আৰু ব্যৱসায়ৰ বাবে চৰকাৰী যি নিয়ম–নীতি আছে সেই সকলোবোৰ সম্পূর্ণ কৰি নীতিগতভাৱে তেওঁ গৰুখিনি নিছিল৷ খাৰুপেটীয়াৰ যিজন ব্যৱসায়ীয়ে গৰুখিনি ক্রয় কৰিব তেওঁ হ’ল লাল মিঞা৷ লাল মিঞাও আছিল তেওঁৰ লগত৷ তেওঁলোকে গৰুভর্তি ট্ৰাক লৈ লখিমপুৰ বাইপাছ পোৱাৰ সময়তে প্রায় ২৫–৩০জন যুৱকে গাড়ীখন আগচি ধৰে৷ যুৱকৰ দলটোৱে এক লাখ টকা দাবী কৰে৷ টকা নাপাই দলটোৱে ৱাহিদুল আৰু সহযোগীক মাৰপিট কৰে৷ ৱাহিদুলৰ হাতত থকা ১৫ হাজাৰ টকাও কাঢ়ি নিয়ে যুৱকৰ দলটোৱে৷ পাছত তেওঁলোকে লখিমপুৰ সদৰ থানাত ঘটনা সন্দর্ভত এজাহাৰ দাখিল কৰে আৰু আৰক্ষীৰ দল গৈ উক্ত দলটোৰ ১২জন যুৱকক আটক কৰি আনে৷
ঘটনা সন্দর্ভত লখিমপুৰৰ আৰক্ষী অধীক্ষক গুণেন্দ্র ডেকাই কালি বিয়লি লখিমপুৰ সদৰ থানাত সংবাদ মাধ্যমৰ আগত কয়- পৰহি বিয়লি লখিমপুৰৰ বাইপাছত এখন গৰু অনা ট্ৰাকক আগচি একাংশ যুৱকে ব্যৱসায়ীজনক এক লাখ টকা দাবী কৰি মাৰপিট কৰে আৰু ১৫ হাজাৰ টকা কাঢ়ি নিয়ে৷ ঘটনা সন্দর্ভত লখিমপুৰ সদৰ থানাত ২৫২/২৫ নম্বৰত আৰু ১২৬(২) /৩১০(২)/১১৮(২) ভাৰতীয় ন্যায় সংহিতাৰ ধাৰাত পঞ্জীয়ন হোৱা গোচৰ মর্মে আৰক্ষীয়ে আটক কৰা ১২জনকৈ যুৱকক গ্রেপ্তাৰ কৰা হয়৷ পিছত আদালতত হাজিৰ কৰি তেওঁলোকক জে’ললৈ প্রেৰণ কৰা হৈছে৷ আনহাতে, ব্যৱসায়ীজনৰ পৰা কাঢ়ি নিয়া ১৫ হাজাৰ টকাৰ ১১ হাজাৰ টকা আৰক্ষীয়ে উদ্ধাৰ কৰে৷ আৰক্ষী অধীক্ষকে আৰু সদৰী কৰা মতে, গ্রেপ্তাৰ হোৱা আটাইকেইজন আমছুৰ নেতা–কর্মী৷ তেওঁলোক হ’ল আমছুৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি জিয়াৰুল ইছলাম, সম্পাদক আল্লাউদ্দিন খিলিজী, মইনুল ইছলাম আৰু কর্মীসকল হ’ল– আব্দুল হুছেইন, বিকি মণ্ডল, নাজমল হক, ছহিদুল আলী, চেলিম লস্কৰ, জাহাৰুল ইছলাম, ফাৰুক হুছেইন, ফৰিজুল হক আৰু ৰফিকুদ্দিন আহমেদ৷
আৰক্ষী অধীক্ষকে আৰু জনোৱা মতে, ঘটনাটোত আৰু কেইবাজনো যুৱক জড়িত আছে আৰু সেইকেইজনৰ বিৰুদ্ধেও ব্যৱস্থা গ্রহণ কৰা হ’ব৷ ঘটনাটোত গ্রেপ্তাৰ কৰাসকলক সদৰ থানাৰ পৰা আদালতলৈ নিয়াৰ পূর্বে স্বাস্থ্য পৰীক্ষা কৰিবলৈ মেডিকেল কলেজলৈ নিয়াৰ সময়ত আমছুৰ জিলা সভাপতি জিয়াৰুল ইছলামে কয়- আমি চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে মাত মাতিছিলোঁ৷ গৰু অনা গাড়ীখন লীলাবাৰী আৰক্ষী চকীলৈ নিয়াৰ বাবেহে আমি চেষ্টা কৰিছিলোঁ৷ আনহাতে, গ্রেপ্তাৰ হোৱা যুৱকসকলৰ আত্মীয়–স্বজনে সদৰ থানাত দিনটো ভিৰ কৰে৷ গ্রেপ্তাৰ কৰা যুৱকসকলক আৰক্ষীয়ে সদৰ থানাৰ পৰা উলিয়াই নিয়াৰ সময়ত তেওঁলোকৰ আত্মীয়–স্বজনে হুৰাওৰাৱে কান্দি থানাৰ চৌহদত এক বিষণ্ণ পৰিৱেশৰ সৃষ্টি কৰে৷