নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিগ বাজেটৰ ছবি ‘ৰামায়ণ’ত অসমৰ সুৰভি দাস

🔹 ছুপাৰষ্টাৰ ৰণবীৰ কাপুৰ–সাই পল্লৱীৰ সৈতে অভিনয়

🔹 নীতেশ তিৱাৰী পৰিচালিত ছবিখনে ২০২৬ৰ নৱেম্বৰত মুক্তি লাভ কৰিব

নিউজ ডেস্ক, ২৭ জুলাই : ব্লকব্লাষ্টাৰ ছবি ‘ডংগল’খ্যাত বলীউডৰ বিশিষ্ট চলচ্চিত্র পৰিচালক নীতেশ তিৱাৰীৰ পৰিচালনাত নির্মাণ হ’ব লগা বিগ বাজেটৰ ছবি ‘ৰামায়ণ’ত অভিনয়ৰ সুযোগ লাভ কৰিছে অসম সন্তান সুৰভি দাসে৷ গুৱাহাটীৰ গড়চুকৰ বাসিন্দা সুৰভি দাসে উক্ত বিগ বাজেটৰ ছবিখনত লক্ষ্মণৰ পত্নী উর্মিলাৰ চৰিত্রত অভিনয় কৰিব৷ অসমীয়া ছবি জগতৰ সৈতে পূর্বতে জড়িত হৈ সুৰভি দাসে ২০২১ চনত কালার্ছ টেলিভিছনত সম্প্রচাৰিত এখন ধাৰাবাহিকত ‘নিমা ডেনজংপা’ নামৰ ছিকিমৰ যুৱতীৰ চৰিত্রত অভিনয়েৰে বলীউডত খোপনি পুতিবলৈ সক্ষম হৈছিল৷

উল্লেখ্য যে উক্ত চৰিত্রটোত মুম্বাইলৈ কামৰ সন্ধানত যোৱা ছিকিমৰ এগৰাকী যুৱতীয়ে কিদৰে বর্ণবৈষম্যৰ বলি হ’বলগীয়া হৈছিল, তাক অসমৰ সুৰভি দাসে সুন্দৰ অভিনয়েৰে ফুটাই তুলিছিল৷ তেতিয়াৰে পৰাই ধাৰাবাহিকখনৰ ‘নিমা ডেনজংপা’ নামৰ চৰিত্রটোৰে বলীউডত পৰিচিত হৈ পৰা সুৰভি দাসৰ এই সফলতাই অসমৰ সাংস্কৃতিক মহলৰ লগতে গুণমুগ্ধসকলক উৎফুল্লিত কৰি তুলিছে৷ ১৯৯৮ চনত নলবাৰীত জন্মগ্রহণ কৰা সুৰভি দাসে গুৱাহাটীত শিক্ষাগ্রহণ কৰিছিল৷ মালিগাঁৱৰ এল চি বি কলেজত উচ্চ শিক্ষা গ্রহণ কৰা সুৰভি দাসৰ পিতৃ চবিন দাস আৰু মাতৃ ৰুক্মিণী দাস৷

জীৱনৰ আৰম্ভণিতে এগৰাকী শিক্ষয়িত্রী হিচাপে কর্মৰত হোৱা সুৰভি দাসে মডেলিঙৰ জৰিয়তে সাংস্কৃতিক ক্ষেত্রখনত সোমাই পৰিছিল৷ অসমীয়া ধাৰাবাহিক ‘ইন্দ্রধনু’ত প্রথম এটা সৰু চৰিত্রত অভিনয় কৰা সুৰভি দাসে পৰৱর্তী সময়ত অসমীয়া ধাৰাবাহিক ‘পৰিণীতা’ত অভিনয়ৰ সুবর্ণ সুযোগ লাভ কৰিছিল৷ উক্ত ধাৰাবাহিকখনত কৰা নিখুঁত অভিনয়ে নিশাটোৰ ভিতৰতে তেওঁক এগৰাকী আগশাৰীৰ অভিনেত্রী ৰূপে প্রতিষ্ঠা কৰিছিল৷ অসমীয়া ধাৰাবাহিকৰ বাদেও কেইবাটাও অসমীয়া মিউজিক ভিডিঅ’ত তেওঁ অভিনয় কৰিছিল৷

ডংগলখ্যাত নীতেশ তিৱাৰী পৰিচালিত ছবিখন ২০২৬ৰ নৱেম্বৰত মুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে। ‘ৰামায়ণ’ শীর্ষক এই বিগ বাজেটৰ ছবিখন মুঠ দুটা খণ্ডত নির্মাণ কৰা হ’ব৷ অহা বছৰৰ নৱেম্বৰ মাহত ছবিখন মুক্তি দিয়া হ’ব৷ মহামুনি বাল্মীকি আৰু তুলসী দাসৰ ৰামায়ণৰ আধাৰত নির্মিত ছবিখনত সুৰভি দাসে লক্ষ্মণৰ পত্নী উর্মিলাৰ চৰিত্রত অভিনয় কৰিব৷ ছবিখনত লক্ষ্মণৰ চৰিত্রত অভিনয় কৰিব অভিনেতা ৰবি ডুবেই৷ আনহাতে, ভগৱান শ্রীৰামৰ চৰিত্রত অভিনয় কৰিব বলীউডৰ জনপ্রিয় অভিনেতা ৰণবীৰ কাপুৰে আৰু সীতাদেৱীৰ চৰিত্রত অভিনয় কৰিব অভিনেত্রী সাই পল্লৱীয়ে৷ ভগৱান হনুমানৰ চৰিত্রত জনপ্রিয় অভিনেতা ছানী দেউলে অভিনয় কৰিব৷

বলীউডৰ জনপ্রিয় অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে একেলগে অভিনয়ৰ সুযোগ পোৱা অসমৰ সুৰভি দাসে এয়া তেওঁৰ জীৱনৰ অন্যতম উপহাৰ বুলি ৰাষ্ট্রীয় সংবাদ মাধ্যমত মন্তব্য কৰিছে৷ ছবিখনৰ শ্বুটিঙৰ সময়ছোৱাত অভিনেত্রী সাই পল্লৱীৰ সৈতে অধিক সময় কটোৱা সুৰভি দাসে এই সান্নিধ্য যথেষ্ট মৰমিয়াল আৰু সৌহার্দ্যপূর্ণ বুলি কয়৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ চর্চিত খবৰ অনুসৰি বিগ বাজেটৰ এই ছবিখনৰ দুটা অংশ ব্যয়ৰ নামত খৰচ হ’ব প্রায় ১,৬০০ কোটি টকা৷ দেশৰ ভিতৰতে অত্যধিক ব্যয়বহুল ছবি ৰূপে নির্মীয়মাণ ‘ৰামায়ণ’ সম্প্রতি ছবি জগতত চর্চিত হৈছে৷ ইতিমধ্যে যোৱা ৩ জুলাইত ছবিখনৰ শ্বুটিঙৰ কিছু মুহূর্তৰ দৃশ্য মুকলি কৰা হৈছে৷ বিগ বাজেটৰ এনে ছবিত অভিনয় কৰাৰ সুৱর্ণ সুযোগ লাভ কৰা সুৰভি দাস সম্প্রতি অসমৰ অভিনয় জগতৰ বাবে এক দৃষ্টান্তত পৰিণত হৈছে৷ অসম সন্তানগৰাকীৰ এই সাফল্যই ৰাষ্ট্রীয় প্রেক্ষাপটত অসমৰ নাম উজলাই তোলাৰ লগতে অভিনয়পিপাসু বহু যুৱক–যুৱতীক আগন্তুক সময়ত ৰাষ্ট্রীয় স্তৰত নিজকে প্রতিষ্ঠা কৰিবলৈ অনুপ্রাণিত কৰিব৷

You might also like