নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুধবাৰে ক’ৰোনাত আক্রান্ত ১৮২জন, দুজন ব্যক্তিৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ অসমত ক’ভিড সংক্রমণৰ হাৰ নিম্নগামী আৰু সুস্থতাৰ হাৰ আশাব্যঞ্জকভাৱে বৃদ্ধি পাইছে যদিও মৃত্যুৰ ধাৰা এতিয়াও অব্যাহত আছে৷ বুধবাৰৰ দিনটোতো ৰাজ্যখনত দুগৰাকী ক’ভিড ৰোগীৰ মৃত্যু ঘটে৷ ইয়াৰ লগে লগে অসমত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭৮ গৰাকীলৈ বৃদ্ধি পালে৷

স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি বুধবাৰে ডিব্রুগড়ৰ তুলন বৰুৱা (৮৫) আৰু বৰপেটাৰ কামাখ্যা শর্মাৰ (৭৪) মৃত্যু হয়৷ মন্ত্রী ড০ শর্মাই দুয়োগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ ইপিনে, বুধবাৰে ৰাজ্যখনৰ নতুনকৈ ১৮২ গৰাকী লোক ক’ভিডত আক্রান্ত হয়৷ ইয়াৰে ৬৪ গৰাকী গুৱাহাটী মহানগৰীৰ৷ আজিৰ দিনটোত ৰাজ্যখনত মুঠ ২৪,৪২৬ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ০.৭৫ শতাংশ৷

মন কৰিবলগীয়া এয়ে যে যোৱা মার্চ মাহৰ পৰা এতিয়ালৈ অসমত সর্বমুঠ ২,১২,০২১ গৰাকী লোক ক’ভিডত আক্রান্ত হয়৷ ইয়াৰে ২,০৭,৭৬৩ গৰাকী লোক ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভতিছে৷ বর্তমান বিভিন্ন হাস্পতালত ৩,২৭৭গৰাকী লোক চিকিৎসাধীন হৈ আছে৷ ৰাজ্যখনত বর্তমান সুস্থতাৰ হাৰ ৯৭.৯৯ শতাংশ, সক্রিয় হৈ থকা ৰোগীৰ হাৰ ১.৫৪ শতাংশ আৰু মৃত্যুৰ হাৰ ০.৪৬ শতাংশ৷

You might also like