নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রদূষিত দীপৰ বিলত ওপঙিছে শ শ মাছ

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ ৰামছাৰ চাইট খ্যাত তথা এছিয়া মহাদেশৰ অন্যতম জলাশয় দীপৰ বিলৰ পানী ভয়াৱহভাৱে প্রদূষিত হৈছে৷ যাৰফলত আজি কিছুদিনৰ পৰা দীপৰ বিলৰ পানীত ওপঙি উঠিছে বিভিন্ন প্রজাতিৰ মৃত মাছ৷ ইতিমধ্যে এনে মৃত মাছ লগে লগে বিলখনৰ পৰা তুলি আনি বিলৰ পাৰতে গাঁত খান্দি পুতি থৈছে৷ জানিব পৰা মতে, যোৱা প্রায় এসপ্তাহৰ পৰা দীপৰ বিলৰ পানীত সৰু–ডাঙৰ বিভিন্ন প্রজাতিৰ মাছৰ মৃত্যু হ’বলৈ ধৰিছে৷ এনে মৃত মাছবোৰ বিলখনৰ পানীত ওপঙি উঠিছে৷ দীপৰ বিলত মাছ মাৰি জীৱিকা নির্বাহ কৰা অনুসূচিত জাতিৰ মাছমৰীয়া পৰিয়ালবোৰৰ উমৈহতীয়া সংগঠন দীপৰ বিল পাঁচপাৰা সমবায় সমিতিৰ সভাপতি আৰু সম্পাদক ক্রমে পূর্ণৰাম দাস আৰু প্রদীপ কুমাৰ দাসে সদৰী কৰা মতে, দীপৰ বিলত বিগত কিছুদিনৰ পৰা বিভিন্ন প্রজাতিৰ মাছৰ মৃত্যু হ’বলৈ ধৰিছে৷ ইতিমধ্যে মৃত মাছবোৰ পানীত ওপঙি উঠাত সেইবোৰ লগে লগে তুলি আনি গাঁত খান্দি পুতি থোৱা হৈছে৷ বিলখনৰ পানী ভয়াৱহভাৱে প্রদূষিত হোৱাৰ বাবেই মাছৰ মৃত্যু হোৱা বুলি সদৰী কৰি সভাপতি আৰু সম্পাদকগৰাকীয়ে বিলখনৰ পানীৰ পৰা দুর্গোন্ধ ওলোৱাৰ লগতে বিলৰ পানী স্পর্শ কৰিলে খজুৱতিৰ সৃষ্টি হয়৷ উল্লেখ্য যে দীপৰ বিলত এনেদৰে প্রতিবছৰে মাছৰ মৃত্যু হয়৷ পিছে এই বিষয়ত চৰকাৰৰ সংশ্লিষ্ট ঊর্ধ্বতন কর্তৃপক্ষই কোনো ব্যৱস্থা লোৱা দেখা নাযায় বুলিও তেওঁলোকে দুখ প্রকাশ কৰে৷ বিলটোৰ পানী এনেদৰে প্রতিবছৰে প্রদূষিত হৈ থাকিলে ভৱিষ্যতলৈ বিলটোৰ উদ্ভিদ আৰু প্রাণীৰ প্রতি তীব্র ভাবুকি আহি পৰিব৷

You might also like