নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্রত বছৰি এখনকৈ দলং নির্মাণ নতুন অসমৰ সপোন : মুখ্যমন্ত্রী ড০ শর্মা 

🔹 ধেমাজি–জোনাইত মিছন বসুন্ধৰা–২ৰ পট্টা বিতৰণ মুখ্যমন্ত্রীৰ

বিশেষ বার্তা, ২৩ ফেব্রুৱাৰী : ‘ব্রহ্মপুত্রৰ ওপৰত বছৰি এখনকৈ দলং নির্মাণ কৰাটো মোৰ নতুন অসমৰ সপোন৷’– ধেমাজি জিলাৰ ধেমাজি আৰু জিলাখনৰ জোনাই সমষ্টিৰ অন্তর্গত চিমেন চাপৰিত কালি মিছন বসুন্ধৰা–২.০ৰ পট্টা বিতৰণ কৰি এইদৰে কয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ধেমাজিৰ কাছাৰী ময়দান আৰু চিমেন চাপৰিৰ সতীশ বসুমতাৰী বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত দুখন বিশাল ৰাজহুৱা সভাত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই জনসমুদ্রৰ সন্মুখত এখন নতুন তথা পৰিৱর্তিত অসমৰ ছবি আঁকি ব্রহ্মপুত্রৰ ওপৰত দলং নির্মাণৰ প্রসংগটো প্রতীকী অর্থত উল্লেখ কৰে৷ মুখ্যমন্ত্রীগৰাকীৰ বক্তব্যত নিয়োগৰ পৰা আঁচনিলৈকে কোনো ক্ষেত্রতে উৎকোচ দিবলগীয়া নোহোৱা নতুন অসমখনৰ লগতে আন্দোলন–বর্জিত পৰিৱেশ, স্ব–নিয়োজনৰ নতুন পৰিৱেশ আদি প্রতিফলিত হয়৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যখনৰ খিলঞ্জীয়া তথা ভূমিপুত্রসকলক ভূমিৰ অধিকাৰ দিয়াৰ প্রসংগটো উত্থাপন কৰে৷ তেওঁ কয় যে বিগত ডেৰ বছৰত এইখন চৰকাৰে ৰাজ্যৰ ১৯ লাখ খিলঞ্জীয়া, ভূমিপুত্রক মাটিৰ অধিকাৰ দি পট্টা দিবলৈ সক্ষম হৈছে৷ ‘এতিয়াৰে পৰা অনলাইনত ডিজি লকাৰৰ জৰিয়তে মাটিৰ পট্টা লাভ কৰিব৷’– মুখ্যমন্ত্রীগৰাকীয়ে এইদৰে কয়৷ তেওঁ লগতে কয় যে ধেমাজিত অনুষ্ঠিত প্রথমখন কেবিনেটত লোৱা সিদ্ধান্তৰ বাবে ট্রাইবেল বেল্টত বসবাস কৰা জনজাতীয়–জনজাতি লোকে মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ ফলতে ধেমাজি জিলাত ৩৮ হাজাৰ লোকে পট্টা লাভ কৰিছে৷ তেওঁ মিছন বসুন্ধৰা ৩.০ৰ লক্ষ্যৰ কথা উল্লেখ কৰি ভাষণত কয়– ‘জনজাতি, অনুসূচিত জাতি, অ’বিচি, গোর্খা, আদিবাসী, চাহ জনগোষ্ঠী, মৰাণ, মটক, আহোম, চুতীয়াই তিনিটা প্রজন্মৰ কাগজ নিদিলেও পোনপটীয়াকৈ পট্টা লাভ কৰিব৷ ভূমিপট্টাৰ প্রসংগতে মুখ্যমন্ত্রী ড০ শর্মাই ভৱিষ্যৎ অসমৰ আন এখন শুৱনি ছবি জনসমুদ্রৰ সন্মুখত তুলি ধৰে৷ তেওঁ কয়– ‘মাটিৰ দালাল অসমৰ পৰা নাইকিয়া কৰা হ’ব৷’ ইপিনে, সমষ্টি পুনৰ নির্ধাৰণে খিলঞ্জীয়া লোকৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা বুলি তেওঁ সভাত দৃঢ়তাৰে উল্লেখ কৰে৷ মুখ্যমন্ত্রীগৰাকীয়ে ভাষণত ধেমাজিত চিকিৎসা মহাবিদ্যালয় নির্মাণৰ বিষয়ে উল্লেখ কৰিবলৈ গৈ কয় যে অসমত ২৩খন মেডিকেল কলেজ নির্মাণ হৈ আছে৷ ড০ শর্মাই পুৰণি অংগনৱাড়ী কেন্দ্রক আদর্শ কেন্দ্র হিচাপে নির্মাণ, মুখ্যমন্ত্রী আত্মনির্ভৰ আঁচনি, মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনি আদিৰ বিষয়ে উল্লেখ কৰি এইখনেই আমাৰ সপোনৰ অসম বুলি ভাষণত প্রকাশ কৰে৷ তেওঁ আগন্তুক লোকসভা নির্বাচনত নৰেন্দ্র মোদীক তৃতীয়বাৰৰ বাবে প্রধানমন্ত্রী হিচাপে জয়ী কৰাই অসম নির্মাণ কৰাত সকলোকে আগভাগ ল’বলৈ আহ্বান জনায়৷ তেওঁ কয়– ‘প্রধানমন্ত্রী কৃষক সন্মান নিধিত অসমৰ ১২ লাখ লোক উপকৃত হৈছে৷ আনহাতে, চিমেন চাপৰি সতীশ বসুমতাৰী বডো উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত মিছন বসুন্ধৰা ২.০ৰ অধীনত জোনাই বিধানসভা সমষ্টিৰ ১৩,৫০০গৰাকী লোকক ভূমিৰ পট্টা প্রদান কৰে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে আদৰণী ভাষণ আগবঢ়োৱা বিশাল ৰাজহুৱা সভাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় ২০২১ চনৰ মে’ মাহত চৰকাৰখনে দায়িত্ব লোৱাৰ পিছত যুগ যুগ ধৰি খিলঞ্জীয়া, ভূমিপুত্রসকল বঞ্চিত হৈ থকাত তেওঁলোকক ভূমিৰ অধিকাৰ প্রদানৰ বাবে বলিষ্ঠ চিন্তা কৰা হৈছিল৷ মাটি-বাৰী সমস্যা সমাধানৰ বাবে চৰকাৰখনে প্রথমতে মিছন বসুন্ধৰা ১.০ আঁচনি গ্রহণ কৰি বছৰ বছৰ ধৰি কার্যালয়ত পৰি থকা কাগজ–পত্রসমূহ নিষ্পত্তি কৰাৰ চিন্তা হাতত লোৱা হৈছিল৷ তথাপি বহু লোকৰ ভূমি সমস্যা থাকি যোৱাৰ বাবে মিছন বসুন্ধৰা ২.০ আনি চৰকাৰী, চিলিং, চাহ বাগান, একচনীয়াৰ উপৰি জনজাতিসকলে বংশানুক্রমে ভূমিপট্টা পাবৰ বাবে ব্যৱস্থা কৰা হৈছে৷ মাত্র পাঁচশ টকা প্রিমিয়াৰ জমা লৈ মিছন বসুন্ধৰা ২.০ৰ অধীনত ২,০০,৬৫৯গৰাকীয়ে ভূমিপট্টা লাভ কৰিছে৷ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ সমস্যাৰ বাবে পূর্বতে বিভিন্ন জনগোষ্ঠীয়ে ভূমিপট্টা লাভৰ পৰা বঞ্চিত হৈ আছিল৷ কিন্তু এইখন চৰকাৰে আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, গোর্খা সকলোকে ভূমিপট্টা দিয়াৰ বাবে পদক্ষেপ গ্রহণ কৰিছে বুলি উল্লেখ কৰি চৰকাৰে মিছন বসুন্ধৰাৰ কাম সমাপ্ত কৰা নাই, ইয়াৰ পিছতো চৰকাৰে বনাঞ্চল, জলডুবি, ২০২১ চনৰ মে’ত কার্যভাৰ লোৱাৰ পিছতেই ক’ভিড মহামাৰীৰ ফলত এবছৰ অতিক্রম কৰিব লগা হৈছিল৷ চৰকাৰখনে উন্নয়নৰ কাম কৰিবলৈ মাত্র এবছৰ নমাহ সময় পাইছে৷ এই সময়ছোৱাতে খিলঞ্জীয়া, ভূমিপুত্রকে ধৰি সকলো জনগোষ্ঠীক ভূমিৰ অধিকাৰ পোৱাৰ পথ মুকলি কৰিছে৷ কোনো দুর্নীতিৰ আশ্রয় নোলোৱাকৈ এক লাখ চাকৰি, ১২ লাখ পঞ্চাশ হাজাৰ মহিলাক মাইক্র’ ফাইনেঞ্চৰ টকা ঘূৰাই দিয়া, ৩ লাখ মহিলাক অৰুণোদয়, শেহতীয়াকৈ ৪২ লাখ লোকক ৰেচন কার্ডৰ ব্যৱস্থা, ৫ লাখ লোকক আয়ুষ্মানৰ সুবিধা কৰি দিয়া হৈছে৷ ইয়াৰ উপৰি মাজুলীত দলং নির্মাণ, ডেৰ বছৰত ১৯ লাখ লোকক পিএমএৱাই, নিৱনুৱা যুৱক–যুৱতীৰ ব্যৱসায়ৰ বাবে দুই লাখকৈ টকা আগবঢ়োৱা হৈছে বুলি উল্লেখ কৰে। ধেমাজি জিলা পৰিষদৰ মুখ্য প্রকল্প বিষয়া আদিত্য হাজৰিকাই আঁত ধৰা সভাত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰী, অধ্যক্ষ অনিল বসুমতাৰী, কার্যবাহী সদস্য বিনোদ বসুমতাৰী, বিজেপিৰ ধেমাজি জিলা সমিতিৰ সভানেত্রী ৰূপা কামান, মিচিং স্বায়ত্তশাসিত পৰিষদৰ ই এম মলেন্দ্র নার্জাৰী, নৰেশ কুম্বাং, ধেমাজি জিলা পৰিষদৰ সদস্য অতুল পেগু, শোভাৰাণী বসুমতাৰী, জোনাই মহকুমাধিপতি শান্তনু গগৈ প্রমুখ্যে বিজেপি, গণশক্তি দলৰ বহু বিষয়ববীয়া উপস্থিত থাকে৷ কালিৰ সভাতে মুখ্যমন্ত্রীয়ে চেৰেণ সোণোৱাল গাঁৱৰ ইন্দ্রেশ্বৰ সোণোৱাল, ৩ নং উদয়পুৰৰ ধনবাহাদুৰ তামাং, ১ নং চিমেন চাপৰিৰ দেংখৌ বডো, ডেকাপাম ভেলাইমৰাৰ মইনা পায়েঙৰ লগতে আঠগৰাকী লোকক আনুষ্ঠানিকভাৱে ভূমিপট্টা প্রদান কৰে৷

You might also like