নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ট্ৰেজেডী কিং’ দিলীপ কুমাৰ আৰু নাই

নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত আজি ৰাতিপুৱা কিংবদন্তি অভিনেতা দিলীপ কুমাৰৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ।

আশীদশকৰ চলচ্চিত্ৰ দৰ্শকসকলৰ বাবে ‘ট্ৰেজেডী কিং’ হিচাপে পৰিচিত দিলীপ কুমাৰক মঙলবাৰৰ পৰা হিন্দুজা চিকিৎসালয়ৰ আইচিইউ ভৰ্তি কৰোৱা হৈছিল।

অভিনেতাজনৰ চিকিৎসা কৰি থকা ডাঃ জলিল পাৰকাৰে সংবাদ মাধ্যমক কয়, “পুৱা ৭.৩০ বজাত দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে অভিনেতাগৰাকীৰ মৃত্যু হয়।

উল্লেখ্য যে নভেল ক’ৰোনা ভাইৰাছে বিশ্বজুৰি সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছতে বলীউডৰ কিংবদন্তি অভিনেতা দিলীপ কুমাৰে নিজাববীয়াকৈ গ্রহণ কৰিছিল প্রতিৰোধী ব্যৱস্থা৷ দিলীপ কুমাৰে অভিনেত্রী পত্নী ছাইৰা বানুৰ সৈতে আছুতীয়াকৈ থাকিবলৈ লৈছিল৷ কোনোধৰণৰ সংক্রমণে যাতে অভিনেতা দম্পতীলৈ বিপদ মাতি আনিব নোৱাৰে সেই বিষয়টোক দুয়ো বিশেষভাৱে গুৰুত্ব দিয়া বুলি কিছুদিন পূৰ্বে দিলীপ কুমাৰে টুইটাৰযোগে ঘোষণাও কৰিছিল৷

You might also like