নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি–২০ বিশ্বকাপত ভাৰতীয় দলত স্থান নিশ্চিত কোহলি, পণ্টৰ !

🔹 ইংগিত দিলে মুখ্য নির্বাচক অজিত আগৰকাৰে

বিশেষ বাৰ্তা, ১১ এপ্রিল : বিশ্বৰ শক্তিধৰ দেশ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত যুটীয়াভাৱে অনুষ্ঠিত হ’বলগীয়া আইচিচি টি–২০ বিশ্বকাপলৈ দুমাহতকৈও কম সময় বাকী আছে৷ ২ জুনৰ পৰা আৰম্ভ হ’বলগীয়া প্রতিযোগিতাখনৰ বাবে আটাইকেইটা দলে প্রস্তুতি আৰম্ভ কৰিছে৷ এনে পৰিস্থিতিত ভাৰতীয় নির্বাচকসকলেও টি–২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলটো গঠন কৰিবলৈ আৰম্ভ কৰিছে৷ চলিত আইপিএলৰ প্রতিখন মেচতে চকু ৰাখিছে নির্বাচক মণ্ডলীয়ে৷ তেওঁলোকৰ লক্ষ্য  হৈছে টি–২০ বিশ্বকাপত অন্তর্ভুক্ত হ’বলগীয়া খেলুৱৈ আৰু তেওঁলোকৰ প্রদর্শনৰ ওপৰত চকু ৰখা৷ আসন্ন বিশ্বকাপত টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিৰ অংশগ্রহণক লৈ জল্পনা-কল্পনা চলি থকাৰ মাজতে বিচিচিআইৰ নির্বাচক মণ্ডলীৰ মুখ্য নির্বাচক অজিত আগৰকাৰে এক গুৰুত্বপূর্ণ মন্তব্য আগবঢ়াইছে৷ টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিৰ লগতে প্রতিভাৱান উইকেটকীপাৰ–বেটাৰ ঋষভ পণ্টে টি–২০ বিশ্বকাপত ভাৰতীয় দলটোত স্থান লাভৰ পূর্ণ সম্ভাৱনা আছে৷ চলিত আইপিএলত কোহলিৰ দুর্দান্ত প্রদর্শন সন্দর্ভত মুখ্য নির্বাচক অজিত আগৰকাৰে কয় যে আমি বিৰাটৰ ফালেও চোৱা উচিত৷ বিগত ১০–১৫ বছৰ ধৰি খেলি থকা সত্ত্বেও এতিয়াও তেওঁ সম্পূর্ণ ফিট হৈ আছে৷ এনে অৱস্থাত তেওঁ বেটতো ৰান পাবলৈ সক্ষম হৈছে৷ চলিত আইপিএলত এটা শতক আৰু দুটা অর্ধশতকেৰে কোহলিয়ে এতিয়ালৈকে ৫খন মেচ খেলি ৩১৬ ৰান সংগ্রহ কৰিছে৷ তেওঁৰ শক্তিশালী প্রদর্শনৰ পাছত টি–২০ বিশ্বকাপ দলত স্থান লাভ কৰাটো একেবাৰে নিশ্চিত৷ আগৰকাৰে লগতে কয় যে কোহলিৰ ফিটনেচ নৱপ্রজন্মলৈও বিয়পি পৰিছে৷ ইফালে, ভয়াৱহ দুর্ঘটনাৰ পিছত পুনৰ খেলপথাৰলৈ প্রত্যাৱর্তন কৰা ঋষভ পণ্টো বিশ্বকাপত ভাৰতীয় দলৰ অংশ হোৱাৰ সম্ভাৱনা প্রকট৷ চলিত আইপিএলত পণ্টে এতিয়ালৈকে ৫খন মেচ খেলি দুটা অর্ধশতকেৰে ১৫৩ ৰান সংগ্রহ কৰাৰ লগতে উইকেটৰ পিছফালেও উৎকৃষ্ট কীপিং কৰি আছে৷ এই উজ্জ্বল প্রদর্শনৰ পিছত পণ্টে বিশ্বকাপ দলত স্থান লাভৰ বাবে শক্তিশালী দাবীদাৰ হৈ পৰিছে৷

You might also like