নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপ্রিলৰ পৰা আৰম্ভ হ’ব ২০২১ ৰ শিক্ষাবর্ষ

২৬ মে’ৰ পৰা বিতৰণ কৰিব দ্বাদশ শ্রেণীৰ পাঠ্যপুথি

নিয়মীয়া বার্তা, ১৪ মে’ : লকডাউনৰ এই সময়ছোৱাত সমগ্র দেশৰ লগতে অসমতো বন্ধ হৈ আছে স্কুল–কলেজ ৷ এই সময়ছোৱাত ৰাজ্যৰ লাখ লাখ শিক্ষার্থীৰ যাতে এটা শৈক্ষিক বর্ষ বিনষ্ট নহয়, তাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যৰ শিক্ষা বিভাগে লৈছে কেইবাটাও গুৰুত্বপূর্ণ পদক্ষেপ ৷ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ে জাননীৰ জৰিয়তে সদৰী কৰিছে বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত ৷ ৰাজ্য চৰকাৰৰ শৈক্ষিক বর্ষ জানুৱাৰী–ডিচেম্বৰ মাহৰ পৰিৱর্তে এপ্রিল–মার্চ মাহত কৰাৰ প্রায় আনুষ্ঠানিকতা সম্পন্ন কৰিছে উচ্চ শিক্ষা সঞ্চালকালয়ে ৷ অৱশ্যে এতিয়াও কিছু দল, সংগঠন, বিজ্ঞসকলৰ পৰামর্শৰ অপেক্ষাত আছে শিক্ষা বিভাগ ৷ চি বি এছ ইৰ লেখীয়াকৈ যদি ৰাজ্যৰ নতুন শৈক্ষিক বর্ষ এপ্রিল–মার্চত কৰাৰ অধিকসংখ্যক পৰামর্শ আহে, তেন্তে আগন্তুক ২০২১ বর্ষৰ পৰা অসমত এপ্রিল–মার্চৰ পৰা আৰম্ভ হ’ব নতুন শিক্ষাবর্ষ৷ ইয়াৰ বাবে, অসম মাধ্যমিক শিক্ষা পৰিষদে মুকলি কৰা অনলাইন ৱেবছাইট http//sebaonline.org ত সকলোৱে নতুন শিক্ষাবর্ষ সন্দর্ভত নিজৰ নিজৰ মন্তব্য আগবঢ়াব পাৰিব বুলি উল্লেখ কৰিছে ছেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্র জৈনে ৷

আনহাতে, শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্রীতম শইকীয়াই জাৰি কৰা জাননী অনুসৰি ১ জুলাইৰ পৰিৱর্তে এইবাৰ ১ মে’ৰ পৰা ৩১ মে’লৈ সকলো বিদ্যালয়–মহাবিদ্যালয়ত চলিব গৰমৰ বন্ধ ৷ একেদৰে দূৰ সংযোগী পাঠ্যক্রম পূর্বৰ দৰে অপৰিৱর্তিত ৰূপত থাকিব বুলিও স্পষ্ট কৰে শিক্ষা বিভাগৰ আযুক্ত সচিবগৰাকীয়ে ৷ আনহাতে, লকডাউনৰ এই সময়ছোৱাত অনলাইনৰ জৰিয়তে শিক্ষার্থীসকলে নিজৰ নিজৰ পাঠ্যক্রম আগবঢ়াই নিব লাগিব বুলি জাননীৰ জৰিয়তে উল্লেখ কৰে ৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ দীক্ষা এপ আৰু বিশ্ব বিদ্যা এপ শিক্ষার্থীসকলক ডাউনলোড কৰিবলৈ আহ্বান জনায়৷ ইয়াৰ জৰিয়তে শিক্ষার্থীসকলে এপৰ জৰিয়তে কোনদিনা কি পাঠ্যক্রম গ্রহণ কৰিব, তাৰ সম্পূর্ণ আভাস পাব৷ তদুুপৰি লকডাউনৰ সময়ত ৰাজ্যৰ শিক্ষা বিভাগে হাতত লৈছে আন এক পদক্ষেপ ৷

সমগ্র শিক্ষা অভিযানৰ জৰিয়তে নৱম শ্রেণীৰ পৰা স্নাতক বর্ষৰ শিক্ষার্থীসকলে ৰচনা, কবিতা, চুটি নোট লিখাৰ প্রতিযোগিতাত অংশগ্রহণ কৰিব পাৰিব৷ য’ত শ্রেষ্ঠ অর্জন কৰা শিক্ষার্থীসকলক জিলা আৰু ৰাজ্যিক পর্যায়ত পুৰস্কৃত কৰিব শিক্ষা বিভাগে৷ একেদৰে ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ শিক্ষার্থীসকলেও লকডাউনৰ সময়ত কবিতা, গল্প আৰু বিভিন্ন শিতানত অংশগ্রহণ কৰিব পাৰিব আন এক প্রতিযোগিতাত৷ যাৰ জৰিয়তে শ্রেষ্ঠ হোৱাসকলক পুৰস্কৃত কৰিব শিক্ষা বিভাগে৷ তদুপৰি মেড্রিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল পি ডি এফ ফাইলৰ জৰিয়তে প্রকাশ কৰিব বুলি সদৰী কৰিছে শিক্ষা বিভাগৰ আযুক্ত সচিবগৰাকীয়ে৷ইফালে সময় মতে মেড্রিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল প্রকাশ কৰাৰ পাছত শিক্ষার্থীসকলে লাভ কৰিব ডিজিটেল মার্কশ্বীট৷ এই ডিজিটেল মার্কশ্বীটৰ জৰিয়তে শিক্ষার্থীসকলে কৰিব পাৰিব নামভর্তি ৷ আনহাতে, অহা ২৬ মে’ৰ পৰা ২৮ মে’লৈ ৰাজ্যত বিতৰণ কৰা হ’ব দ্বাদশ শ্রেণীৰ পাঠ্যপুথি৷ ছাত্র–ছাত্রীসকলে সামাজিক দূৰত্ব বর্তাই ৰাখি সংগ্রহ কৰিব লাগিব বিনামূলীয়া পাঠ্যপুথি৷ ইফালে অহা ২২ মে’ৰ ভিতৰত সকলো জিলাৰ বিদ্যালয় পৰিদর্শকক পাঠ্যপুথি সংগ্রহ কৰিবলৈ আহ্বান জনাইছে উচ্চ শিক্ষা সঞ্চালকালয়ে ৷

You might also like