নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ২৪ ঘণ্টাত ক’ভিড–১৯ত ৪১জনৰ প্রাণহানি

সংক্রমণে লৈছে গুৰুতৰ ৰূপঃ শ্মশানত জ্বলিছে শাৰী শাৰী চিতা

নিয়মীয়া বাৰ্তা ৫ মেঃ অসমত নিতৌ ক’ৰোনা আক্রান্তৰ ঊর্ধ্বমুখী গ্রাফ অব্যাহত আছে৷ ক’ৰোনাৰ প্রথম লহৰৰ তুলনাত অধিক ভয়াৱহ হৈ পৰা দ্বিতীয় লহৰত আক্রান্তৰ সংখ্যাৰ লগতে বৃদ্ধি পাইছে মৃতকৰ সংখ্যাও৷ বিগত এসপ্তাহ ধৰি প্রতিদিনে ৰাজ্যত মৃত্যু হৈছে ২০জনতকৈ অধিক লোকৰ৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি যোৱা ২৮ এপ্রিলত ক’ৰোনাত আক্রান্ত হৈ ৰাজ্যত মৃত্যু হৈছিল ২২জন লোকৰ৷ সেইদৰে ২৯ এপ্রিলত ২৬জন, ৩০ এপ্রিলত ২৬জন, ১ মে’ত ২৩জন, ২ মে’ত ৩০জন আৰু ৩ মে’ত ২৯জন লোকৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে৷ আজিৰ দিনটোত ক’ভিডত আক্রান্ত হৈ মৃত্যুক সাবটি লোৱা লোকৰ সংখ্যাই পুনৰ ৰচনা কৰিছে নতুন অভিলেখ৷ বিগত ২৪ ঘণ্টাত ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৪১জন৷ স্বাভাৱিকতেই প্রথম লহৰৰ তুলনাত ক’ৰোনাৰ দ্বিতীয় লহৰত ৰাজ্যত ৰোগীৰ মৃত্যুৰ হাৰ বৃদ্ধি পোৱা কার্যই শংকিত কৰি তুলিছে প্রতিজন লোকক৷

মঙলবাৰে মৃত্যু হোৱা লোকসকলৰ ভিতৰৰ ১৫গৰাকীয়েই হৈছে গুৱাহাটীৰ৷ তদুপৰি বঙাইগাঁৱৰ চাৰিগৰাকী, যোৰহাটৰ তিনিগৰাকী, ওদালগুৰি তিনিগৰাকী, দৰং–গোলাঘাট–কামৰূপত দুগৰাকীকৈ আৰু বাগ্সা–বৰপেটা–ডিব্ৰুগড় এগৰাকীকৰ মৃত্যু হৈছে৷ ক’ভিডত আক্রান্ত হৈ বিভিন্ন হাস্পতালত মৃত্যু হোৱা লোকেৰে ভৰি পৰিছে নির্ধাৰিত শ্মশান তথা কবৰস্থান৷ বিশেষকৈ গুৱাহাটীৰ উলুবাৰী ৰাজহুৱা শ্মশান আৰু ভূতনাথ শ্মশানত দিনে–নিশাই জ্বলিছে শাৰী শাৰী চিতা৷ এই শ্মশান দুখনৰ শেহতীয়া ছবিয়ে সকলোকে মনত পেলাই দিছে নতুন দিল্লীৰ শ্মশানৰ ভয়াৱহ দৃশ্য৷ মৃত্যুৰ হাৰৰ সমান্তৰালকৈ ৰাজ্যত বৃদ্ধি হৈছে ক’ভিডত আক্রান্ত লোকৰ সংখ্যা৷ বিগত এসপ্তাহ ধৰি ক্রমাগতভাৱে বৃদ্ধি পাই আহিছে আক্রান্ত লোক৷

প্রতিদিনে ৰাজ্যত আক্রান্ত হৈছে ৩ সহস্রাধিক লোক৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি যোৱা ২৮ এপ্রিলত ৰাজ্যত ৩,০৪৫জন লোক আক্রান্ত হৈছিল ক’ৰোনাত৷ সেইদিনা মুঠ ৫৫,৪৮০টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ আনহাতে, ২৯ এপ্রিলত ৬৭,২৭৮টা নমুনা পৰীক্ষাৰ অন্তত আক্রান্ত হৈছিল ৩,০৭৯জন লোক৷ ৩০ এপ্রিলত নতুনকৈ আক্রান্ত হৈছিল ৩,১৯৭জন৷ সেইদিনা ৰাজ্যজুৰি পৰীক্ষা কৰা নমুনা আছিল ৭২,২৩৯টা৷ ১ মে’ত ৫৪,০০২টা নমুনা পৰীক্ষাৰ পিছত নতুনকৈ আক্রান্ত হৈছিল ৩,৪৫৩জন লোক৷ একেদৰে ২ মে’ত ২৩,৮১৮টা নমুনাৰ পৰীক্ষা কৰাত ২,৩৮৫জন লোকৰ শৰীৰত ধৰা পৰিছিল ক’ভিডৰ উপস্থিতি৷ একেই ধাৰা অক্ষুণ্ণ থাকিল ৩ মে’তো৷

৫৫,৯৩৯টা নমুনা পৰীক্ষা কৰাৰ অন্তত ৩ মে’ত ৪,৪৮৯জন লোকৰ শৰীৰত ধৰা পৰে ক’ভিডৰ উপস্থিতি৷ আজিৰ দিনটোতো ৰাজ্যত নতুনকৈ আক্রান্ত হৈছে ৪,৪৭৫জন লোক৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ৫৫,০০৩টা নমুনা পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ আক্রান্তৰ হাৰ হৈছে ৮.১৪ শতাংশ৷ আক্রান্তসকলৰ ভিতৰত ১,৪১৭জন কামৰূপ মহানগৰ জিলাৰ৷ আনহাতে ডিব্রুগড়ৰ ৪২২গৰাকী, কামৰূপৰ ৪০৬গৰাকী আৰু নগাঁৱৰ ২২২গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্রান্ত হৈছে৷ ইপিনে, আজি সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ২,৮৫১গৰাকী৷ সম্প্রতি চিকিৎসাধীন হৈ আছে ২৮,০৬০গৰাকী ৰোগী৷ ৰাজ্যত সুস্থতাৰ হাৰ হৈছে ৮৮.৪৯ শতাংশ৷ উল্লেখ্য যে অসম বিধানসভা নির্বাচনৰ পিছতে ৰাজ্যত ক’ৰোনাৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাইছে৷ ইতিমধ্যে বিভিন্ন চৰকাৰী হাস্পতালসমূহৰ লগতে নতুনকৈ নির্মাণ কৰা ক’ভিড কেয়াৰ চেণ্টাৰসমূহৰ বিছনা প্রায় ভৰি পৰিছে ক’ভিড ৰোগীৰে৷ সেইদৰে ক’ভিড ৰোগীৰ বাবে বিশেষভাৱে ব্যৱস্থা কৰা আইচিইউসমূহতো হ্রাস পাইছে বিছনাৰ সংখ্যা৷ ৰাজ্যজুৰি প্রতিষেধক প্রদান প্রক্রিয়া ত্বৰান্বিত কৰা হৈছে যদিও হ্রাস পোৱা নাই আক্রান্তৰ সংখ্যা৷

বিশেষকৈ গুৱাহাটী মহানগৰীত প্রতিদিনে এতিয়া আক্রান্ত হৈছে সহস্রাধিক লোক৷ একপ্রকাৰ ৰাজ্যৰ ভিতৰতে এতিয়া ক’ৰোনাৰ হটস্পটত পৰিণত হৈছে গুৱাহাটী মহানগৰী৷ শেহতীয়াকৈ গুৱাহাটীৰ বেলতলা মহাগাণনিকৰ কার্যালয়ত ৩০জন লোক ক’ৰোনাত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ ইয়াৰে ৫জন লোকৰ মৃত্যু হৈছে বুলিও জানিব পৰা গৈছে৷ মহানগৰীৰ আন কার্যালয়সমূহতো ক’ৰোনা আক্রান্ত লোকৰ সংখ্যা ক্রমাৎ বৃদ্ধি পাবলৈ ধৰিছে৷ উল্লেখ্য যে ক’ৰোনা সংক্রমণ প্রতিৰোধৰ বাবে ৰাজ্য চৰকাৰে কেতবোৰ বিশেষ ব্যৱস্থা গ্রহণ কৰাৰ লগতে নাগৰিকসকলক মাস্ক পৰিধান কৰাৰ উপৰি সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাই আহিছে৷ তৎসত্ত্বেও বিভিন্ন বজাৰ–সমাৰ তথা ৰাজহুৱা স্থানত একাংশ লোকে মাস্ক সঠিকভাৱে পৰিধান নকৰাকৈ ঘূৰি–ফুৰা পৰিলক্ষিত হৈছে৷ যাৰ পৰিপ্রেক্ষিতত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাৰ সম্ভাৱনায়ো দেখা দিছে৷

আনকি এইদৰে ক’ভিড প্রট’কল ভংগ কৰি চলিলে দিল্লীৰ দৰে অবর্ণনীয় পৰিস্থিতি অসমতো সৃষ্টি হ’ব বুলিও সচেতন মহলে আশংকা প্রকাশ কৰিছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে বহিঃৰাজ্যৰ পৰা অহা একাংশ লোকৰ জৰিয়তে ৰাজ্যত ক’ভিডৰ সংক্রমণে গুৰুতৰ ৰূপ ধাৰণ কৰাত সহায় কৰিছে বুলি চর্চিত হৈ আহিছে৷ ইতিমধ্যে বিমানযাত্রী আৰু ৰে’লযাত্রীসকলৰ বাবে বাধ্যতামূলক ক’ভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে৷ কিন্তু ইয়াৰ বিপৰীতে বাহনেৰে অহা যাত্রীসমূহৰ ক’ভিড পৰীক্ষাৰ ক্ষেত্রত শ্রীৰামপুৰ গেটত প্রশাসনে চূড়ান্ত অৱহেলা কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ প্রাপ্ত তথ্য অনুসৰি শ্রীৰামপুৰ গেটত ১ মে’ৰ পৰা বন্ধ হৈ আছে বাধ্যতামূলক ক’ভিড পৰীক্ষা৷ সম্প্রতি থার্মেল স্কেনাৰৰ জৰিয়তে শৰীৰৰ উত্তাপ জোখাৰ পিছত শ্রীৰামপুৰ গেটেৰে ৰাজ্যত প্রৱেশ কৰিবলৈ অনুমতি দিয়া হৈছে বহিঃৰাজ্যৰ পৰা অহা লোকসকলক৷ ফলত এই লোকসকলৰ পৰা সংক্রমণ অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে৷
ছাগলীয়া ক’ভিড পৰীক্ষণ চকীত আক্রান্ত ১৪
ধুবুৰী জিলাৰ অসম–বংগ সীমান্তৰ ছাগলীয়া ক’ভিড পৰীক্ষণ কেন্দ্রত আজি ৩৫৫জন যাত্রীৰ ক’ভিড পৰীক্ষা কৰা হয়৷ ইয়াৰে ১৪জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিড–১৯ৰ উপস্থিতি৷ আক্রান্তসকলৰ ভিতৰত দুজন কোচবিহাৰৰ, ৪জন ধুবুৰীৰ বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে কোচবিহাৰৰ আক্রান্ত দুুজনক সংশ্লিষ্ট জিলা প্রশাসনক চমজাই দিয়া হৈছে৷ ছাগলীয়া সীমান্তত বিগত ১০ দিন ধৰি বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ ক’ভিড পৰীক্ষা কৰা হৈছে৷
অক্সিজেনৰ উৎস ৰক্ষাত অসম বিজ্ঞান সমিতিৰ গুৰুত্ব
অক্সিজেনৰ অভাৱত ক’ভিড–১৯ত আক্রান্ত বহুসংখ্যক লোকৰ মৃত্যু হোৱাত উদ্বিগ্ণ হৈ পৰিছে অসম বিজ্ঞান সমিতি৷ এক বিজ্ঞপ্তিৰ জৰিয়তে সমিতিৰ প্রধান সচিব জগদীন্দ্র ৰায়চৌধুৰীয়ে অসম চৰকাৰক এই বিষয়ত গুৰুত্বসহকাৰে বিবেচনা কৰি প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনাইছে৷ বিশেষকৈ বাণিজ্যক বা ব্যক্তিগত ভৱন নির্মাণৰ ক্ষেত্রত পকীকৰণ নকৰাকৈ মুক্ত ভূমি সংৰক্ষণ কৰি ৰখা, বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা, বৃক্ষৰোপণ আদি নিশ্চিত কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে৷
বৰমাত প্রাক্তন খেলুৱৈৰ ক’ভিডত মৃত্যু
বাক্সা জিলাৰ বৰমাতো ক’ৰোনা আক্রান্তৰ সংখ্যা দৈনিক বৃদ্ধি পাই আহিছে৷ আজি বৰমা কলেজ ৰোড নিৱাসী ধৰম তালুকদাৰ নামৰ প্রাক্তন খেলুৱৈজনৰ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হয়৷ অসম আৰক্ষীত চাকৰি কৰি ২০২০ চনৰ ৩১ মার্চত অৱসৰ গ্রহণ কৰি তেওঁ নিজ ঘৰতে আছিল৷ ক’ৰোনাত আক্রান্ত হোৱাত প্রথমে নলবাৰী আৰু পিছত গুৱাহাটীত চিকিৎসা চলি আছিল যদিও কাল ক’ৰোনাই প্রাণ কাঢ়ি নিলে ধৰম তালুকদাৰৰ৷ তেওঁ বৰমা ক্রীডা সন্থাৰ হৈ খেলি পিছত কামৰূপ পুলিচ আৰু গুৱাহাটী টাউন ক্লাবৰ হৈও খেলিছিল৷ তেওঁৰ মৃত্যুত বৰমাৰ ক্রীডা ক্ষেত্রত শোকৰ ছাঁ পৰে৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্র, কন্যাক ইহসংসাৰত এৰি যায়৷
বেজেৰা সংহত শিশু উন্নয়ন প্রকল্প বিষয়া নিভা বডাৰ ক’ভিডত মৃত্যু
সমাজ কল্যাণ বিভাগৰ এগৰাকী শিশু উন্নয়ন প্রকল্প বিষয়াৰ আজি এখন ব্যক্তিগত চিকিৎসালয়ত ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে৷ কামৰূপ জিলাৰ চাংসাৰিস্থিত বেজেৰা সংহত শিশু উন্নয়ন প্রকল্পৰ প্রকল্প বিষয়া নিভা বডা (৫২)ৰ আকস্মিক বিয়োগত শোকৰ ছাঁ পৰিছে৷ প্রাপ্ত তথ্য মতে, তেওঁ ক’ভিডত আক্রান্ত হোৱাত যোৱা ২৭ এপ্রিলত উত্তৰ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল৷ চিকিৎসাধীন অৱস্থাতে আজি তেওঁৰ মৃত্যু হয়৷গুৱাহাটীৰ পাঞ্জাবাৰীৰ বতাহঘুলি নিৱাসী নিভা বডাই মৃত্যুৰ সময়ত স্বামীৰ লগতে দুই পুত্র সন্তানক ইহসংসাৰত এৰি যায়৷ ইফালে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপৰ মদন কামদেৱ দেৱালয়ৰ ওচৰৰ আলিপূব হীৰা চুবুৰিৰ ৰংমিস্ত্রী প্রদীপ হীৰা (৫৫) নামৰ লোকজনৰ কালি নিশা ক’ভিডত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়৷
জামুগুৰিহাটত ক’ভিডত আক্রান্ত হৈ এজনৰ মৃত্যু
জামুগুৰিহাটত পুনৰ ক’ভিডত আক্রান্ত হৈ আজি এজন লোকৰ মৃত্যু হোৱা ঘটনাই শংকিত কৰি তুলিছে জামুগুৰিবাসীক৷ ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকজন জমিদাৰীচুক গাঁৱৰ অৱসৰপ্রাপ্ত শিক্ষক চন্দ্র নাথ (৬৬)৷ চাৰি দিন পূর্বে ক’ভিডত আক্রান্ত হৈ তেজপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকা লোকজন আজি দিনৰ প্রায় ১১.৩০ বজাত মৃত্যুক আঁকোৱালি লয়৷ ইফালে আজি জামুগুৰি পৰিপূৰক স্বাস্থ্যকেন্দ্রৰ অধীনস্থ কেইবাখনো গাঁৱত হোৱা পৰীক্ষাত মুঠ ১১জনৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে বুলি স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা গৈছে৷ ইয়াৰ ভিতৰত মূঢ়াদলত ৩জন, গোধমৰাচুকত ৫জন, শলগুৰিত এজন আৰু দ্বাদশ অসম আৰক্ষী বাহিনীৰ কার্যালয়ত ২জনৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে৷
আমগুৰিত ক’ভিডত আক্রান্ত হৈ ভাৰতীয় ষ্টেট বেংকৰ বিষয়াৰ মৃত্যু
ক’ভিডত আক্রান্ত হৈ শিৱসাগৰ জিলাৰ আমগুৰিস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখাত কর্মৰত এজন বিষয়াৰ মৃত্যুৰ খবৰে অঞ্চলটোৰ ৰাইজৰ মাজত শোকৰ ছাঁ পেলায়৷ প্রাপ্ত তথ্য মতে ভাৰতীয় ষ্টেট বেংকৰ আমগুৰি শাখা কার্যালয়ত মুখ্য গাণনিক বিষয়া হিচাপে নিয়োজিত প্রশান্ত বৰাই (৫৫) যোৱা ২৬ এপ্রিলত আমগুৰি সামূহিক চিকিৎসা কেন্দ্রত পৰীক্ষা কৰোৱাত তেওঁৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰে৷ চিকিৎসা চলি থকাৰ মাজতে আজি বিয়লি ১ বজাত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেওঁ অকাল মৃত্যুক সাবটি লয়৷ লক্ষণীয় যে আমগুৰিস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখাত কর্মৰত চাৰিজনকৈ লোকৰ দেহত ইতিমধ্যে ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ বাবে যোৱা কেইদিনমানৰ পৰা বেংকটোৰ কাম–কাজ বন্ধ ৰখা হৈছে৷ জানিব পৰা মতে, প্রয়াত প্রশান্ত বৰাৰ ঘৰ যোৰহাট জিলাৰ লাহদৈগডৰ ৰাজৈ অঞ্চলত৷ মৃত্যুৰ সময়ত প্রয়াত বৰাই পত্নী, দুই পুত্রসহ বহু আত্মীয়–স্বজনক ইহসংসাৰত এৰি যায়৷
ক’ৰোনাত অৱসৰপ্রাপ্ত প্রধান শিক্ষক, সমাজকর্মী অনন্ত শর্মাৰ বিয়োগ
আজি নলবাৰী জিলাৰ মূলাৰকুছি গাঁও নিৱাসী অৱসৰপ্রাপ্ত প্রধান শিক্ষক, সমাজকর্মী অনন্ত শর্মাই ক’ভিডত আক্রান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত মৃত্যুক আঁকোৱালি লয়৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮২ বছৰ৷ কিছুদিন ধৰি ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ থাকি অৱশেষত আজি মৃত্যুক আঁকোৱালি লোৱা অনন্ত শর্মাই মূলাৰকুছি প্রাথমিক বিদ্যালয়ত চাকৰি জীৱন আৰম্ভ কৰি পিছলৈ কেইবাখনো বিদ্যালয়ত শিক্ষকতাৰ দৰে পৱিত্র বৃত্তিত নিয়োজিত থাকি ২০০২ বর্ষৰ ৩১ মার্চত বৰসৰকুছি প্রাথমিক বিদ্যালয়ৰ পৰা প্রধান শিক্ষক হিচাপে অৱসৰ গ্রহণ কৰিছিল৷ তেওঁ স্থানীয় আদর্শ বালিকা বিদ্যাপীঠৰ প্রতিষ্ঠা কালৰ সদস্য হোৱাৰ উপৰি শ্রীশ্রীবাৰগোপাল থান, ফুলগুৰি সভা উদ্যাপন সমিতিৰ তিনিবাৰ সভাপতিৰ আসন অলংকৃত কৰাৰ লগতে আদর্শ ক্লাবৰো এসময়ত সভাপতি আছিল৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই পুত্র, দুগৰাকী কন্যাসহ বহু আত্মীয়–স্বজনক ইহসংসাৰত এৰি যায়৷ আজি সন্ধিয়া ক’ভিডৰ নীতি–নিয়মেৰে গুৱাহাটীৰ উলুবাৰী শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’য়৷
ডিমৌত ক’ভিডত দ্বিতীয়জন ব্যক্তিৰ মৃত্যু
ডিমৌত আজি ক’ৰোনাত আক্রান্ত হৈ দ্বিতীয়জন ব্যক্তি মৃত্যু হৈছে৷ মৃত্যু হোৱা ব্যক্তিজন হৈছে ডিমৌ কুশল পথ নিৱাসী বিপিন বৰা (৫৬)৷ ব’হাগ বিহুৰ পিছৰে পৰা তেওঁ জ্বৰত আক্রান্ত হৈ আছিল৷ কিছুদিনৰ পূর্বে ডিমৌ খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্রত টেষ্টত কৰাত তেওঁৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছিল৷ ইয়াৰ পিছতে জয়সাগৰত চিকিৎসাধীন হৈ থকাৰ মাজতে বৰাৰ অক্সিজেনৰ পৰিমাণ হ্রাস পোৱাত উন্নত চিকিৎসাৰ বাবে ডিব্রুগড অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হৈছিল৷ ডিব্রুগড অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাতে আজি পুৱা ৩.৩০ বজাত মৃত্যুক আঁকোৱালি লয়৷ ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্রাপ্ত জোৱানজন অতি অমায়িক স্বভাৱৰ আছিল৷ বৰাৰ মৃত্যুত ডিমৌত শোকৰ ছাঁ পৰিছে৷ মৃত্যুৰ সময়ত বৰাই পত্নীসহ পুত্র–কন্যাক ইহসংসাৰত এৰি যায়৷
যোৰহাটত এজনৰ মৃত্যুঃ ২৪ আক্রান্ত
যোৰহাটত ক’ভিডৰ ভয়ংকৰ সংক্রমণ আৰম্ভ হৈছে৷ আজিৰ দিনটোত জিলাখনত পুনৰ এজন লোকৰ মৃত্যু হয়৷ আজি মৃত্যু হোৱা ব্যক্তিজন হৈছে চেঙলীআটী অঞ্চলৰ ভদাই বৰা (৮০)৷ ইফালে, যোৰহাটৰ গডআলিৰ ইউনিয়নৰ বেংকৰ ৪জন কর্মচাৰীৰ দেহত ক’ভিড পজিটিভ পোৱাত বেংকটো কণ্টেইনমেণ্ট জন ঘোষণা কৰা হৈছে বুলি জিলা প্রশাসনে জনাবলৈ দিছে৷ আজিৰ দিনটোত যোৰহাটত ১২৪জন লোক আক্রান্ত হৈছে মাৰাত্মক ক’ভিডত৷
শিৱসাগৰত ৫৮জন পজিটিভঃ এজনৰ মৃত্যু
শিৱসাগৰ জিলাত আজি পুনৰ ৫৮জন ব্যক্তি ক’ভিডত আক্রান্ত হৈছে৷ জিলা স্বাস্থ্য বিভাগে এই কথা জানিবলৈ দিছে৷ জিলাখনৰ বিভিন্ন স্বাস্থ্য কেন্দ্রৰ ৰেপিড এণ্টিজেন পৰীক্ষণ কেন্দ্রত এইসকল ব্যক্তি পজিটিভ ৰূপে চিনাক্ত হৈছে৷ আনহাতে আজিৰ দিনটোত জিলাখনত এজন ব্যক্তিৰ মৃত্যুৰ তথ্য সদৰী কৰিছে স্বাস্থ্য বিভাগে৷ মৃত লোকজনৰ নাম বীৰেন বৰা বুলি জানিব পৰা গৈছে৷

You might also like