নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাখান্দা বিক্রী কৰি পৰিয়াল চলাইছে মাছমৰীয়াই

দীপৰ বিলত হ্রাস পাইছে থলুৱা মাছৰ সংখ্যা

নিয়মীয়া বাৰ্তা ৫ মেঃ এচিয়া মহাদেশৰ অন্যতম বৃহৎ জলাশয় তথা ৰামছাৰ ছাইট খ্যাত দীপৰ বিলত বিভিন্ন প্রজাতিৰ মাছৰ সংখ্যা ক্রমান্বয়ে হ্রাস পাবলৈ ধৰিছে৷ যাৰ ফলত দীপৰ বিলত মাছ ধৰি জীৱিকা নির্বাহ কৰা বহু মাছমৰীয়া পৰিয়ালৰ জীৱিকাৰ প্রতি তীব্র ভাবুকি আহিছে৷ যাৰবাবে পৰিয়াল পোহপাল দিয়াৰ স্বার্থত একাংশ মাছমৰীয়া পৰিয়ালে মাছ ধৰাৰ সলনি দীপৰ বিলত উৎপন্ন হোৱা জলজ উদ্ভিদ ‘মাখান্দা’ বিক্রী কৰিবলৈ লৈছে৷

উল্লেখ্য যে দীপৰ বিলত আজাৰা ৰাজহ চক্র এলেকাৰ অনুসূচিত জাতিৰ মাছমৰীয়াসকলে অতীজৰে পৰা মাছ ধৰি পৰিয়াল পোহপাল দি আহিছে৷ প্রায় ছশ মাছমৰীয়া পৰিয়ালৰ জীৱিকাৰ মূল উৎস হ’ল দীপৰ বিল৷ বিলখনত ৰৌ,বৰালি, ভকুৱা, কুঢ়ি, শ’ল, শাল, কান্দুলি আদিকে ধৰি ডাঙৰ ডাঙৰ মাছৰ লগতে বিভিন্ন প্রজাতিৰ পুঠি, খলিহনা, শিঙৰা, চন্দা, মোৱা, তুৰি,বটীয়া আদি সৰু সৰু মাছৰ সংখ্যা যথেষ্ট আছিল৷ সময়ৰ লগে লগে সৰু সৰু মাছৰ সংখ্যা যথেষ্ট হ্রাস পোৱাই নহয় ইতিমধ্যে বিভিন্ন প্রজাতিৰ কেইবাবিধো সৰু সৰু মাছ বিলুপ্ত হৈছে৷

শেহতীয়াকৈ বিলখনত সৰু মাছৰ সংখ্যা যথেষ্ট হ্রাস পোৱাৰ লগে লগে সৰু সৰু মাছ ধৰা একাংশ মাছমৰীয়া উপায়বিহীন হৈ পৰিছে৷ তেনে এচাম মাছমৰীয়াই উপায়বিহীন হৈ শেহতীয়াকৈ দীপৰ বিলৰ ‘মাখান্দা’ আনি বজাৰত বিক্রী কৰিবলৈ ধৰিছে৷ উল্লেখ্য যে দীপৰ বিলত উৎপন্ন উক্ত ‘মাখান্দা’ হাতীৰ প্রিয় খাদ্য৷ এই ‘মাখান্দা’ ইতিমধ্যে আজাৰাৰ হাটে–বজাৰে অ’ত–ত’ত গোটে প্রতি পাচ–দহ টকাকৈ বিক্রী কৰি এচাম মাছমৰীয়াই পৰিয়াল পোহপাল দিবলগীয়া হৈছে৷

You might also like