নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাণৰ মমতাত বংগৰ পৰা পলায়ন কৰি চাৰি শতাধিক বিজেপি কর্মীৰ ধুবুৰী জিলাৰ আগমনিত আশ্রয়

নির্বাচনৰ ফলাফলৰ পিছতে তৃণমূল কংগ্রেছৰ আক্রমণ

নিয়মীয়া বাৰ্তা ৫ মেঃ  পশ্চিমবংগত পুনৰ তৃণমূল কংগ্রেছ শাসনলৈ অহাৰ পিছতে চুবুৰীয়া ৰাজ্যখনত ব্যাপক হাৰত সংঘটিত হৈছে নির্বাচনী হিংসা৷ তৃণমূল কংগ্রেছৰ নেতা–কর্মীসকলে নির্বাচনী ফলাফল ঘোষণাৰ দিনটোৰ পৰাই বিজেপিৰ নেতা–কর্মী–সমর্থক ওপৰত আক্রমণ, আতিশয্য চলাই আহিছে৷ তৃণমূল কংগ্রেছৰ অবর্ণনীয় অত্যাচাৰ, আক্রমণৰ বাবেই তিনিশৰ পৰা চাৰিশ বিজেপিৰ নেতা–কর্মীয়ে পৰিয়ালসহ ধুবুৰী সীমান্ত অতিক্রম কৰি অসমত আশ্রয় গ্রহণ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ চুবুৰীয়া ৰাজ্যখনত চলা এই ৰাজনৈতিক আক্রমণৰ বিষয়টো অসমৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰি কয় যে পশ্চিমবংগৰ সেইসকল বিজেপি কার্যকর্তা আৰু তেওঁলোকৰ পৰিয়ালক অসমে আশ্রয় আৰু খাদ্য যোগান ধৰিছে৷ পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীক এনে ধৰণৰ অগণতান্ত্রিক কার্য বন্ধ কৰিবলৈ তেওঁ দাবী জনায়৷

উল্লেখ্য যে পশ্চিমবংগৰ নির্বাচনী হিংসাৰ বলি হৈ পশ্চিমবংগৰ সেইসকল লোকে তিনি দিন ধৰি ধুবুৰী জিলাৰ আগমনি সীমান্তৰ ৰণপাগলীত আশ্রয় লৈ আছে৷ পশ্চিমবংগৰ তুফানগঞ্জ বিধানসভা সমষ্টিৰ অন্তর্গত ঝাওকুটি আৰু গোপালেৰকুটি গাঁৱৰ সেইসকল লোকৰ ওপৰত নির্বাচনী ফলাফল প্রকাশৰ পিছতে তৃণমূলৰ কর্মীয়ে বিজেপিক ভোটদান কৰা বুলি বিভিন্ন ধৰণৰ ডাবি–ধমকিৰে অত্যাচাৰ চলোৱাৰ লগতে ঘৰৰ সা–সম্পত্তি, পশুধন আদি লুটপাত কৰি নিয়ে৷ তৃণমূল কংগ্রেছৰ এনে ধৰণৰ আতিশয্যৰ সন্মুখীন হৈ প্রাণৰ মমতাত তেওঁলোকে অসমত আশ্রয় গ্রহণ কৰিবলগীয়া হয়৷ অসমত আশ্রয় লোৱা লোকসকলে অভিযোগ কৰা অনুসৰি তৃণমূল কংগ্রেছে নির্বাচনী ফলাফল প্রকাশৰ পিছতে পুৰুষ–মহিলা নির্বিশেষে বহুতকে প্রহাৰ পর্যন্ত কৰিছে৷

আনকি বিভিন্নজনৰ ঘৰ–দুৱাৰ ভাঙি, ধন–সম্পত্তি লুট কৰি বংগ নেৰিলে প্রাণনাশৰো ভাবুকি দিয়ে৷ সেয়ে জীৱনৰ মায়াত নিজৰ গাঁও এৰি আগমনি থানাৰ অন্তর্গত ৰণপাগলী সীমান্ত চেতনা মঞ্চৰ গৃহত আশ্রয় ল’বলগীয়া হৈছে৷ ইয়াৰ মাজতে একাংশই অসমত থকা আত্মীয়ৰ ঘৰতো আশ্রয় লৈ আছে৷ মন কৰিবলগীয়া এয়ে যে যি সময়ত বহিঃৰাজ্যৰ পৰা অহা লোকক লৈ ক’ভিডৰ সংক্রমণ বৃদ্ধিৰ শংকাই সকলোকে ত্রস্তমান কৰি ৰাখিছে, সেই সময়তে কোনো ধৰণৰ ক’ভিড পৰীক্ষা অবিহনে সেইসকল লোকে অসমত আশ্রয় গ্রহণ কৰাটো আন এক উদ্বেগৰ বিষয় হিচাপে চিহ্ণিত হৈছে৷ যোৱা তিনিটা দিন অসমত আশ্রয় গ্রহণ কৰাৰ পিছত আজি ধুবুৰীৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রই ৰণপাগলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু কোচবিহাৰৰ আৰক্ষী অধীক্ষকৰ সৈতে বিষয়টো সম্পর্কত আলোচনা কৰে৷ শেহতীয়াকৈ ধুবুৰী জিলা প্রশাসনে চুবুৰীয়া ৰাজ্যখনৰ পৰা প্রাণৰ মমতাত আহিবলগীয়া হোৱা লোকসকলৰ ক’ভিড পৰীক্ষা কৰাৰ ব্যৱস্থা কৰাৰ বিষয়ে জানিব পৰা গৈছে৷

You might also like