নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইন্দোৰত ৪০ দিনত বিচ্ছেদ ১৫০ দম্পতীৰ, পাৰিবাৰিক সম্পর্কত ‘অভিশাপ’ হৈ পৰিছে ছ’চিয়েল মিডিয়া

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : বিশ্বকাপ জয়ী ভাৰতীয় মহিলা ক্রিকেটাৰ স্মৃতি মান্ধানা আৰু পলাশ মুছলৰ বিবাহ বাতিলৰ ঘটনাই নেটিজেনৰ মাজত ব্যাপক চর্চা লাভ কৰিছে৷ ইয়াৰ মাজতে ৰাষ্ট্রীয় সংবাদ পত্রত প্রকাশিত এক বাতৰি অনুসৰি কেৱল ইন্দোৰ চহৰতে বিগত ৪০ দিনত ১৫০খন বিবাহ বাতিল অথবা দম্পতীৰ বিচ্ছেদ হৈছে৷ ইয়াৰ মূলতে হৈছে ছ’চিয়েল মিডিয়া৷

সংবাদ প্রতিষ্ঠানটোৰ বাতৰি মতে, শেহতীয়া বিবাহ বিচ্ছেদৰ ৬২ শতাংশ ঘটনাই সংঘটিত হৈছে প্রাক্তন সম্পর্ক আৰু পুৰণি ছ’চিয়েল মিডিয়া প’ষ্টৰ বাবে৷ বিয়াৰ সকলো যো–জা হৈ যোৱাৰ পিছত কইনা অথবা দৰাৰ পুৰণি ছ’চিয়েল মিডিয়া প’ষ্টৰ আঁত ধৰিয়েই ইন্দোৰত সর্বাধিকসংখ্যক বিয়া বাতিল হৈছে৷ একাংশ কইনা সংগীতানুষ্ঠানৰ পিছতে নিৰুদ্দেশ হোৱাৰো তথ্য পোহৰলৈ আহিছে৷ ইয়াৰ ফলত বিবাহৰ সৈতে জড়িত হোটেল–কেটাৰিং, বেণ্ড, ডেক’ৰেটৰ আৰু অন্যান্য সেৱা প্রদানকাৰীসকল ক্ষতিগ্রস্ত হৈছে৷

You might also like