নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইহাটা চাৰিআলিৰ চুৰি কাৰ্যত জড়িত ৩ চোৰক কৰায়ত্ত

🔹 আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ দিলীপ বিশ্বাস

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰ : কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানা এলেকাত যোৱা কিছুদিন একেৰাহে সংঘটিত ধাৰাবাহিক চুৰি কাৰ্যৰ সৈতে জড়িত তিনি চোৰক অৱশেষত পৰহি নিশা বাইহাটা চাৰিআলি আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। মন কৰিবলগীয়া কথা যে যোৱা অক্টোবৰ মাহৰ পৰা বাইহাটা চাৰিআলি আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ গাঁওসমূহত চোৰৰ সন্ত্ৰাসত একপ্ৰকাৰ নিদ্ৰাহৰণ হৈছিল ৰাইজৰ।ফলত ৰাইজৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল বাইহাটা চাৰিআলি আৰক্ষী। অৱশেষত পৰহি নিশা বাইহাটা চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুমিত মাহাটোৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে বৰপেটা জিলাৰ বিভিন্ন ঠাইৰ পৰা বাইহাটা চাৰিআলি অঞ্চলত সংঘটিত ধাৰাবাহিক চুৰি কাৰ্যৰ সৈতে জড়িত তিনি দুৰ্ধৰ্ষ চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। অভিযানৰ সময়ত আৰক্ষীয়ে তিনি চোৰৰ লগতে কিছু সোণৰ আ-অলংকাৰ, নগদ ধন আৰু চুৰি কাৰ্যত ব্যৱহাৰ কৰা এ এছ-১৪ এল-৩৮২৩ নম্বৰৰ পালছাৰ মটৰ চাইকেলো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে যোৱা কিছুদিন ধৰি একেৰাহে এ এছ-১৪ এল-৩৮২৩ নম্বৰৰ পালছাৰ মটৰ চাইকেলত অহা-যোৱা কৰা দুজন যুৱক চুৰি কাৰ্যত জড়িত বুলি সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলিছিল। বাইহাটা চাৰিআলিৰ জুনৰু নিৱাসী অজয় ডেকাৰ চি চি কেমেৰাত আবদ্ধ হোৱা সেই নম্বৰৰ পালছাৰ মটৰ চাইকেলখন আৰু আৰোহী দুজনৰ ফুটেজৰ ওপৰত ভিত্তি কৰিয়েই বাইহাটা চাৰিআলি আৰক্ষীয়ে পৰহি নিশা ২নং টংলাৰ আব্দুল কৰিম (২৬), সৰ্থেবাৰীৰ দিলীপ বিশ্বাস (৩৬) আৰু বৰপেটা জিলাৰ খৈৰাবাৰীৰ জাকিৰ আলী মণ্ডলক কৰায়ত্ত কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, চুৰি কাৰ্যৰ সৈতে জড়িত আৰু দুজন চোৰক সোনকালে কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব।

বাইহাটাৰ পুঠিমাৰীত আৰক্ষীৰ এনকাউণ্টাৰ

ইপিনে, বাইহাটাৰ পুঠিমাৰীত আৰক্ষীৰ এক এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয়। যোৱানিশা আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় পৰহি নিশা আৰক্ষীয়ে আটক কৰা দিলীপ বিশ্বাস নামৰ দুৰ্ধৰ্ষ অপৰাধীটো। বাবু আলী নামৰ সহযোগী এজনৰ ঘৰ আৰক্ষীক দেখাবলৈ গৈ থকা অৱস্থাত কমলপুৰৰ পুঠিমাৰীত আৰক্ষীৰ পৰা ছাৰ্ভিচ পিষ্টল কাঢ়ি পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় দিলীপ বিশ্বাস। পিছত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা দিলীপ বিশ্বাসক। বাইহাটা চাৰিআলি আৰক্ষীয়ে আটক কৰিছিল অপৰাধীটোক।

প্ৰেৰক হীৰক ডেকা

You might also like