নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংস্কৃতিক মহাসংগ্রামৰ নামত স্থগিত পৰীক্ষা

🔹 কোকৰাঝাৰ প্রশাসনৰ আজব কাণ্ড

ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ ডিচেম্বৰ : কোকৰাঝাৰ জিলা প্রশাসনৰ এক আজব নির্দেশনাই বিপাঙত পেলাইছে শিক্ষার্থী–অভিভাৱক–শিক্ষানুষ্ঠানৰ মুৰব্বীসকলক৷ অসম সাংস্কৃতিক মহাসংগ্রামৰ দোহাই দি জিলাখনত ১১, ১২ আৰু ১৩ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাসমূহ স্থগিত ৰখাৰ নির্দেশ দিয়া হৈছে৷ ইতিমধ্যে এই নির্দেশ অতিৰিক্ত জিলা আয়ুক্ত তথা ন’ডেল বিষয়াই প্রেৰণ কৰিছে জিলাখনৰ সকলো স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ, বিদ্যালয়সমূহৰ পৰিদর্শক, জিলা শিক্ষা বিষয়া আৰু প্রাথমিক শিক্ষা বিষয়ালৈকে৷ উল্লেখ্য যে কোকৰাঝাৰ জিলাত অহা ১১ ডিচেম্বৰৰ পৰা ১৩ ডিচেম্বৰলৈ বিধানসভা সমষ্টি পর্যায়ত অসম সাংস্কৃতিক মহাসংগ্রাম অনুষ্ঠিত হ’ব৷ তাৰ বাবেই শিক্ষানুষ্ঠানসমূহৰ পৰীক্ষা উক্ত তিনিওটা দিনত স্থগিত ৰাখিবলৈ আকস্মিকভাৱে জিলা প্রশাসনৰ তৰফৰ পৰা নির্দেশ জাৰি কৰা হৈছে৷ লক্ষণীয়ভাৱে যোৱা ৬ ডিচেম্বৰৰ পৰা জিলাখনত আৰম্ভ হৈছে স্নাতক মহলাৰ প্রথম আৰু পঞ্চম ষাণ্মাসিকৰ পৰীক্ষা৷ অহা ২০ ডিচেম্বৰলৈ এই পৰীক্ষা চলিব৷ অনুৰূপ ধৰণে উচ্চতৰ মাধ্যমিকৰ প্রি–টেষ্ট আৰু বিভিন্ন বিদ্যালয়ত তৃতীয় মূল্যায়ন পৰীক্ষাও আৰম্ভ হৈছে৷ কিন্তু ইয়াৰ মাজতে উক্ত তিনিওটা দিনত পৰীক্ষা স্থগিত ৰাখিবলৈ জিলা প্রশাসনে নির্দেশ দিয়াৰ লগে লগে বিবুধিত পৰিছে শিক্ষার্থী, অভিভাৱক আৰু শিক্ষানুষ্ঠানৰ মুৰব্বীসকল৷ সমান্তৰালভাৱে বিদ্বৎ মহলত সমগ্র বিষয়টোক লৈ বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ গুৰুত্বপূর্ণ কথাটো হ’ল যে স্নাতক মহলাৰ পৰীক্ষাসমূহ অনুষ্ঠিত হয় বিশ্ববিদ্যালয়ৰ অধীনত৷ সেয়েহে বিশ্ববিদ্যালয়ৰ উপাচার্যৰ অনুমতি অবিহনে কোনো মহাবিদ্যালয়ৰ অধ্যক্ষই পৰীক্ষাৰ সময়সূচী সলনি কৰিব নোৱাৰে৷ কোকৰাঝাৰ জিলাত মহাবিদ্যালয়ৰ পৰীক্ষা স্থগিত ৰখা বা সময়সূচী সলনি কৰিবলৈ হ’লে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচার্যই নির্দেশনা দিব লাগিব৷ এনে প্রেক্ষাপটত মহাবিদ্যালয়ৰ অধ্যক্ষসকলে কি সিদ্ধান্ত ল’ব– জিলা প্রশাসনৰ নির্দেশনা মানিব নে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সময়সূচী মতেই পৰীক্ষা অনুষ্ঠিত কৰিব, তাক লৈ জটিলতাৰ সৃষ্টি হৈছে৷

You might also like