নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেউলীয়া হ’ল ঘৰ বিক্রী কৰি বিশ্ব ভ্রমণৰ সপোন দেখা মহিলা

🔹 বিলাসবহুল জাহাজৰ টিকট কাটি হেৰুৱালে ২৬ লক্ষাধিক টকা

বিশেষ বাৰ্তা, ১০ ডিচেম্বৰ : ক্রুইজ জাহাজত উঠি বিশ্ব ভ্রমণৰ সপোন দেখা আমেৰিকাৰ এগৰাকী মহিলা নিশাৰ ভিতৰতে গৃহহীন হ’বলগীয়া হ’ল৷ এতিয়া ভাৰাঘৰত কটাবলগীয়া হৈছে মহিলাগৰাকী৷ নিউয়র্ক পোষ্টৰ খবৰ অনুসৰি মহিলাগৰাকীৰ নাম কেৰি উইটম্যান৷ ৩২ হাজাৰ ডলাৰৰ বিনিময়ত বিলাসবহুল জাহাজত বিশ্ব ভ্রমণৰ টিকট ক্রয় কৰিছিল মহিলাগৰাকীয়ে৷ ভাৰতীয় মুদ্রাৰ হিচাপত ২৬ লাখ ৬৬ হাজাৰ ৭৮৪ টকা৷ চর্ত অনুযায়ী তিনি বছৰ ধৰি জলপথেৰে ১৪৮খন দেশ ভ্রমণ কৰিব লাগিব৷ এই মহিলাগৰাকীয়ে টিকট ক্রয়ৰ বাবে নিজৰ ঘৰ বিক্রী কৰি দিয়ে৷ কিন্তু বিশ্ব ভ্রমণৰ স্বপ্ণ পূৰণ নহ’ল মহিলাগৰাকীৰ৷ ২০২২ চনৰ এপ্রিল মাহত ‘লাইফ এট ছী ক্রুইজ’ কোম্পানীক টিকটৰ মূল্যৰ বৃহৎ অংশ এটা জমা দিয়ে মহিলাগৰাকীয়ে। ১ নৱেম্বৰত ইস্তানবুলৰ পৰা জাহাজখনে যাত্রা আৰম্ভ কৰাৰ কথা আছিল৷ কিন্তু নিৰাপত্তা সম্পর্কীয় সমস্যাৰ বাবে বিশ্ব ভ্রমণ বাতিল কৰিছে কোম্পানীটোৱে৷ এই ঘটনাক লৈ মূৰে–কপালে হাত দিবলগীয়া হৈছে মহিলাগৰাকীয়ে৷ ইতিমধ্যে ঘৰ বিক্রী কৰি ভাৰাঘৰৰ বাসিন্দা হৈছে তেওঁ৷ কোম্পানীৰ তৰফৰ পৰা টিকটৰ মূল্য ওভতাই দিয়াৰ কোনো প্রতিশ্রুতি দিয়া নাই৷ গতিকে কেৰি উইটম্যান গভীৰ সংকটৰ সন্মুখীন হৈছে৷ এতিয়া মহিলাগৰাকীয়ে কোম্পানীৰ সৈতে যোগাযোগ কৰিবলৈও সক্ষম হোৱা নাই৷ গতিকে বৃহৎ পৰিমাণৰ ধন কেনেদৰে লাভ কৰিব, তাক লৈ হাহাকাৰ কৰিবলগীয়া হৈছে৷ একাংশৰ মতে, কোনো প্রৱঞ্চক কোম্পানীয়ে এনেদৰে কেৰি উইটম্যানৰ দৰে বহু লোকৰ ধন আত্মসাৎ কৰিছে৷

You might also like