অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটীত যোৱানিশা আৰক্ষীয়ে তালাচী চলাই বুজন পৰিমাণৰ অবৈধ সুৰাসহ এখন ট্ৰাক জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালকক আটক কৰিবলৈ সক্ষম হয়।
প্ৰাপ্ত তথ্য অনুসৰি, যোৱানিশা খটখটী থানাৰ অন্তৰ্গত কালিৰামবস্তিৰ চাৰিলেনযুক্ত পথত আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়ত গুৱাহাটীৰ পৰা মণিপুৰৰ দিশে গৈ থকা এ এছ-০১ টিচি-৬৮৪৭ নম্বৰৰ আইচাৰ ট্ৰাকখনত তালাচী চলায়। উক্ত তালাচীত আৰক্ষীয়ে ট্ৰাকখনৰ পৰা বিভিন্ন ব্ৰেন্ডৰ ৩০০ কাৰ্টন অবৈধ বিলাতী সুৰা জব্দ কৰে। কেৱল মেঘালয়ত বিক্ৰীৰ অনুমতি থকা বুজন পৰিমাণৰ সুৰাখিনি ট্ৰাকখনত বিভিন্ন বৈদ্যুতিক সামগ্ৰীৰ মাজত লুকুৱাই সৰবৰাহৰ চেষ্টা কৰা হৈছিল। জব্দকৃত অবৈধ সুৰাখিনিৰ বজাৰ মূল্য কেইবালক্ষ টকা হ’ব বুলি জানিব পৰা গৈছে।
আনহাতে, ট্ৰাকখনৰ চালকগৰাকীয়েও সৰবৰাহ কৰি অনা সুৰাখিনিৰ কোনো বৈধ নথি-পত্ৰ প্ৰদৰ্শন কৰাত ব্যৰ্থ হয়। এই সন্দৰ্ভত আৰক্ষীয়ে ট্ৰাকখনৰ চালক কাৰ্বি আংলং জিলাৰ ফুলনিৰ আজাদ খাকলাৰীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।