নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাংসাৰিত ৪৪টা গৰুসহ বাহন জব্দ, ৬টা পশুৰ মৃত্যু

নিয়মীয়া বাৰ্তা, চাংসাৰি, ৯ ডিচেম্বৰ : সমাগত বৰদিন উপলক্ষে একাংশ গো-মাফিয়া অধিক সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে চোৰাং গৰু সৰবৰাহত । চুবুৰীয়া ৰাজ্য মেঘালয়ত চালান দিয়াৰ অৰ্থে নামনি অসমৰ বৰপেটা, খাৰুপেটীয়াকে ধৰি বিভিন্ন অঞ্চলৰ পৰা এই চোৰাং সৰবৰাহ নিতৌ অব্যাহত ৰাখিছে এটা চক্ৰই ।

ইয়াৰ মাজতে আজি পুৱতি নিশা কামৰূপ জিলাৰ চাংসাৰি আৰক্ষীয়ে ৪৪টা গৰুসহ এখন ১৪চকীয়া বাহন জব্দ কৰিবলৈ সক্ষম হৈছে । অৱশ্যে ইয়াৰে ৬টাকৈ গৰু ইতিমধ্যে বাহনখনতে মৃত অৱস্থাত পোৱা গৈছে । দুই-এটা সংকটজনক হৈ থকা বুলিও জানিব পৰা গৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি, খাৰুপেটীয়াৰ পৰা পশুকেইটা হেঁচা-ঠেলা কৰি অনৈতিকভাৱে ৰছীৰে বান্ধি  বৰ্ণিহাটলৈ বুলি কঢ়িয়াই আনিছিল এএছ-০১ টিচি-৫৪২৭ নম্বৰৰ ট্ৰাকখনত। ২৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি থকা গৰুভৰ্তি ট্ৰাকখনৰ খবৰ আছিল চাংসাৰি আৰক্ষীৰ হাতত । সময় তেতিয়া পুৱা ৪.৩০ মান বাজিছিল। লগে লগে চাংসাৰি আৰক্ষীয়ে থানাখনৰ সন্মুখত নিৰ্দিষ্ট বাহনখন ৰখায় আৰু সেইমতে গৰুকেইটা উদ্ধাৰ কৰে।

কোনো নথি-পত্ৰ অবিহনে জধে-মধে বান্ধি অনাৰ পৰিণতিত ৬টা গৰু মৃত্যুমুখত পৰে । জব্দকৃত গৰুকেইটা ৰঙিয়াৰ কনিহাস্থিত গোশালালৈ স্থানান্তৰ কৰা হৈছে আৰু তাতে মৃত গৰুকেইটাৰো মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। বাহনখন চাংসাৰি আৰক্ষীৰ জিম্মাত আছে ।

আনহাতে, গৰু সৰবৰাহ কাৰ্যৰ লগত জড়িত বাহনখনৰ চালক ছিপাঝাৰ খাণ্ডাজানৰ ইয়াচিন আলীৰ পুত্ৰ ইদুল হক (২৩) আৰু হেণ্ডিমেন মোহন বৰুৱাৰ পুত্ৰ মনোজ বৰুৱাক আটক কৰিছে যদিও মূল অভিযুক্ত পলাতক হৈ আছে। তদুপৰি গৰুভৰ্তি বাহনখন মোকলাবলৈ মূল অভিযুক্তই আৰক্ষীক ৫০ হাজাৰ টকা উৎকোচ দিবলৈ পঠাই দিয়া খাৰুপেটীয়াৰ আলী নামৰ মিঞা এজনকো আৰক্ষীয়ে আটক কৰি ৰাখিছে।

You might also like