নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱবৰ্ষৰ পহিলা মাহতে উত্তৰ গুৱাহাটীৰ বাবে দুটা ভাল খবৰ

নৱবৰ্ষৰ পহিলা মাহতে উত্তৰ গুৱাহাটীলৈ আহিব দুটা ভাল খবৰ। কেৱল উত্তৰ গুৱাহাটীয়ে নহয় এই দুয়োটা খবৰে ৰাজ্যবাসীকো উপকৃত কৰিব।

সেই অনুসৰি অসমৰ স্বাভিমান গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰিত হ’ব উত্তৰ গুৱাহাটী ৰংমহলত। ২০২৬ চনৰ জানুৱাৰীত হ’ব উচ্চ ন্যায়ালয়ৰ ভূমি পূজন কৰা হব। ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু  প্ৰশাসনে ভূমি পৰিদৰ্শন কৰি নিৰ্বাচিত কৰিছে ভূমি পূজনৰ স্থান।

গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপনৰ বাবে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত ৰংমহলৰ ১২৯ বিঘা ভূমি সামৰি নিৰ্মাণ হ’ব উচ্চ ন্যায়ালয়, প্ৰশাসনিক ভৱন, বাৰ এছোচিয়েচনসহ জুডিচিয়েল টাউনশ্বিপ।

গুৱাহাটী উচ্চ ন্যায়ালয় নিৰ্মাণৰ বাবে অসম চৰকাৰৰ কেবিনেটে অনুমোদন জনাইছে প্ৰায় ৫০০ কোটি টকা। গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপনৰ বাবে আদৰণি জনাইছে উত্তৰ গুৱাহাটীবাসীয়ে।

ইফালে, জানুৱাৰীতে মুকলি হ’ব বহু প্ৰত্যাশিত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী অত্যাধুনিক দলংখন।

ডিজিটেল ডেস্ক, ৯ ডিচেম্বৰ

You might also like