পুনৰ মৰিগাঁও আৰক্ষীৰ জালত পৰিছে মৰিগাঁও জিলাৰ মৈৰাবাৰী, লাহৰীঘাট আৰু নগাঁও জিলাৰ ধিঙৰ মুঠ ৫ চাইবাৰ অপৰাধী। চাইবাৰ অপৰাধীকেইটাক বৃহস্পতিবাৰে পুৱতি নিশা মৰিগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত যোৱা SPECIAL POLICE TEAM-এ মৈৰাবাৰী, লাহৰীঘাট আৰু নগাঁও জিলাৰ ধিং থানা এলেকাৰ পৰা কৰায়ত্ত কৰে।
ধৃত চাইবাৰ অপৰাধীকেইটাৰ নাম মৈৰাবাৰী হাতীমূৰীয়াৰ আজহাৰুল ইছলাম, নগাঁও জিলাৰ ধিং থানা এলেকাৰ পাণবাৰীৰ মাহমুদ হাছান, লাহৰীঘাট ছাতিয়ানতলীৰ ৰিয়ানুদ জামান, ধিং থানাৰ গায়নগাঁৱৰ ৰাকিবুৰ ৰহমান আৰু মৈৰাবাৰী থানা এলেকাৰ বৰথল কছাৰীগাঁৱৰ বাহাৰুল ইছলাম বুলি জনা গৈছে।
আৰক্ষীৰ অভিযানকাৰী বিশেষ দলটোৱে চাইবাৰ অপৰাধীকেইটাৰ কবলৰ পৰা ৭টা মোবাইল ফোন, ৬খন ডেবিট কাৰ্ড, ২খন চেক বহী, পাছপোৰ্ট, ২টা বেংক পাছবুক, ১খন আধাৰ কাৰ্ড আৰু ১খন পান কাৰ্ড জব্দ কৰে।
ধৃত চাইবাৰ অপৰাধীকেইটাই ভুৱা নথি-পত্ৰৰে Axis Bankৰ পৰা ২৫ লাখ টকাৰো অধিক ধন জালিয়াতিৰে আত্মসাৎ কৰা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ ধাৰাবাহিক অভিযান চলি থাকিব বুলি আৰক্ষী বিষয়া সমীৰণ বৈশ্যই জানিবলৈ দিছে।
নিয়মীয়া বাৰ্তা, মৈৰাবাৰী, ২২ জানুৱাৰী :