নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মার্কিন বিশ্ববিদ্যালয়ত ভাৰতীয় শিক্ষাৰ্থী ৭৫ শতাংশ হ্রাস

নিউজ ডেস্ক, ২২ জানুৱাৰী : মার্কিন বিশ্ববিদ্যালয়ত পঢ়া–শুনা কৰি উচ্চ শিক্ষা অর্জন, কেৰিয়াৰ গঢ়াৰ সপোন দেখা ভাৰতীয় শিক্ষার্থীসকলে দুঃসময়ৰ মুখামুখি হ’বলগীয়া হৈছে ড’নাল্ড ট্রাম্পৰ আমোলত৷ মার্কিন ৰাষ্ট্রপতি হিচাপে ট্রাম্পৰ দ্বিতীয়তো কার্যকালৰ প্রথম বছৰতেই হাজাৰ হাজাৰ ভাৰতীয় শিক্ষার্থীৰ স্বপ্ণভংগ হোৱাৰ উপক্রম হৈছে৷

দেশখনৰ বিশ্ববিদ্যালয়সমূহত ভাৰতীয় শিক্ষার্থীৰ নামভর্তি বা এনৰ’লমেণ্ট প্রায় ৭৫ শতাংশ হ্রাস পাইছে৷ যোৱা কেইবাটাও দশকত নামভর্তিৰ হাৰ কেতিয়াও ইমানখিনি হ্রাস পোৱা নাছিল৷ শিক্ষা সম্পর্কীয় পৰামর্শদাতা কনছালটেণ্ট সংস্থাসমূহে ইয়াৰ নেপথ্যত নানা কাৰণ দেখিবলৈ পাইছে৷ যেনে- ভিছাৰ আবেদন আগৰ তুলনাত অধিকসংখ্যক বাতিল হোৱা, ইণ্টাৰভিউৰ শ্লট একেবাৰে নোপোৱা, আবেদনকাৰী শিক্ষার্থীৰ হাতাশা, উদ্বেগ ক্রমশঃ বৃদ্ধি পোৱা আদি৷

আগষ্টৰ পৰা অক্টোবৰৰ ভিতৰত মার্কিন শিক্ষা প্রতিষ্ঠানসমূহত নামভর্তিৰ বাবে খদমদম লগা সময়তে এইবাৰ ভাৰতীয় শিক্ষার্থীসকলৰ নথিভুক্তিকৰণৰ এই সময়ছোৱাত প্রায় ৭০ শতাংশ হ্রাস পাইছে৷ এটা আগশাৰীৰ পৰামর্শদাতা সংস্থাৰ এগৰাকী কর্মকর্তাই জনোৱা মতে, বহু শিক্ষার্থীয়ে সময় মতে ভিছা ইণ্টাৰভিউৰ এপইণ্টমেণ্ট নোপোৱাত মার্কিন প্রতিষ্ঠানত নামভর্তিৰ পৰিকল্পনা স্থগিত ৰাখিছে বা বাতিল কৰিছে৷ তেওঁ লগতে কয় যে ভিছাৰ আবেদন–পত্র স্ক্রুটিনী অধিক কঠোৰ কৰা হৈছে৷ ইণ্টাৰভিউৰ শ্লট কমিছে, যাতে উন্নত বিশ্ববিদ্যালয়সমূহত আবেদন কৰাৰ পৰা পিছ হুঁহকি আহে মেধাৱী শিক্ষার্থীসকল৷

You might also like