নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ এটা পষেক

ডিজিটেল ডেস্ক, ২২ জানুৱাৰী : মাজত মাত্ৰ এটা পষেক ৷ অহা ৬ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জামুগুৰিহাটত অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱেশন ৷ যাৰ বাবে অধিৱেশনস্থলী জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত যেন ব্যস্ততাৰ অন্ত নাই৷

সেৱকসকলে নিজ নিজ দায়িত্ব পালন কৰাৰ লগতে আইসকলৰ হৰিনামৰ ধ্বনিয়ে অধিৱেশনস্থলীক বৈকুণ্ঠপুৰীত পৰিণত কৰাৰ লগতে সেৱকসকলেও ভাওনাৰ বচন আওৰাই উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়৷ তদুপৰি অধিৱেশনখন সফলভাৱে অনুষ্ঠিত কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱক-সেৱিকাসকলে দিন-ৰাতি একাকাৰ কৰি কৰিছে সকলো কাম। ভকতক আদৰিবলৈ অধীৰ অপেক্ষাৰে সকলোৱে নিজকে সাজু কৰি তুলিছে বুলিও উল্লেখ কৰে সংঘৰ সংগী বাপ-বান্ধৱসকলে৷ লাখ লাখ ভকত-বৈষ্ণৱৰ আগমনত দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ’ব এই জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্র।

You might also like