নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ বছৰত দেশৰ ১ নম্বৰ ৰাজ্য হ’ব অসম

অমিত শ্বাহৰ অংগীকাৰ

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ  পুনৰ ক্ষমতালৈ অহাৰ লক্ষ্যৰে ৰাজ্যিক বিজেপিয়ে অভিযান তীব্রতৰ কৰি তোলাৰ সময়তে বৃহস্পতিবাৰে  দুখনকৈ বিশাল ৰাজহুৱা সভাত অংশগ্রহণ কৰি নির্বাচনী ৰণডংকা বজালে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ অসমত পুনৰ বিজেপি–অগপ চৰকাৰ গঠন হ’ব বুলি বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত ঘোষণা কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ অংগীকাৰ– অসমক ৫ বছৰৰ ভিতৰত দেশৰ শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলা হ’ব৷ আজি বটদ্রৱা থানত সৌন্দর্যবর্ধন প্রকল্পৰ মাংগলিক শুভাৰম্ভ অনুষ্ঠানত সহস্রাধিক লোকৰ উপস্থিতিত গৃহমন্ত্রী শ্বাহে ঘোষণা কৰে– অসমত পুনৰ বিজেপি আৰু মিত্রজোঁটৰ চৰকাৰ গঠনেৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ হাত শক্তিশালী কৰা হ’ব৷ এই সভাতে ৰাইজক উদ্দেশ্যি অমিত শ্বাহে কয় যে অসমৰ জনতাক ক’বলৈ আহিছোঁ, আমাক পুনৰ সময় দিয়ক, পাঁচ বছৰত অসমক বানমুক্ত ৰাজ্য হিচাপে প্রতিষ্ঠা কৰা হ’ব৷ বানপানী সমস্যাৰ পৰা ৰাজ্যখনক মুক্ত কৰিবলৈ কেন্দ্রীয় চৰকাৰ এতিয়া আগবাঢ়িছে৷ আনহাতে, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলীৰ লগতে ৰাজ্যিক বিজেপিৰ কেইবাজনো শীর্ষ নেতাৰ উপস্থিতিত বিধানসভা নির্বাচনৰ ৰণশিঙা বজাই অমিত শ্বাহ আজি সৰৱ হ’ল মিত্রজোঁটৰ অংশীদাৰ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ বিৰুদ্ধে৷

গৃহমন্ত্রীগৰাকীয়ে কয়– এই মঞ্চৰ পৰাই মই কংগ্রেছক প্রত্যাহ্বান জনাওঁ, ১৫ বছৰীয়া শাসনকালত অসমৰ উন্নয়নৰ বাবে তেওঁলোকে কি কি কৰিলে, সেয়া স্পষ্ট কৰক৷ প্রাক্তন প্রধানমন্ত্রী মনমোহন সিং ৰাজ্যসভাৰ সাংসদ হিচাপে নির্বাচিত হৈছিল অসমৰ পৰা৷ ১৫ বছৰ অসমতো কংগ্রেছৰে চৰকাৰ চলিছিল৷ কি কি কাম কৰিলে, সেয়া লিখিত আকাৰত তেওঁলোকে লৈ আহক৷ মই আমাৰ যুৱ মর্চাৰ সভাপতিক তেওঁলোকৰ ওচৰত থিয় কৰাই দিম৷ কেন্দ্রত কংগ্রেছৰ ৭০ বছৰীয়া কার্যকাল আৰু বিজেপিৰ ৭ বছৰীয়া কার্যকালৰ উন্নয়নৰ হিচাপ স্পষ্ট হৈ পৰিব৷ ৭০ বছৰে কংগ্রেছে যি উন্নয়ন সাধিব নোৱাৰিলে, সেয়া বিজেপিয়ে ৭ বছৰতে কৰি দেখুৱালে৷ কংগ্রেছ আৰু এ আই ইউ ডি এফক সমালোচনা কৰি অমিত শ্বাহে কয়– কংগ্রেছৰ শাসনতে অসমৰ গৌৰৱ এশিঙীয়া গঁড় চোৰাং চিকাৰীৰ হাতত নিধন হৈছিল৷ এই গঁড়ক সুৰক্ষা দিয়াত ব্যর্থ হৈছিল কংগ্রেছ৷ কিয়নো তেওঁলোকে ভোটবেংকৰ মোহত অন্ধ হৈ আছিল৷ আজমলৰ লগত একেলগে বহাৰ বাবেই তেওঁলোকে গঁড়ক সুৰক্ষা দিয়া দূৰৰে কথা, অনুপ্রৱেশো ৰোধ কৰিব নোৱাৰে৷ নির্বাচনত জয়ী হোৱাৰ লক্ষ্যৰে বদৰুদ্দিন আজমলৰ সংগ লোৱা কংগ্রেছে কেতিয়াও অনুপ্রৱেশ ৰোধ কৰিব নোৱাৰে৷ আনহাতে, নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলক সমালোচনা কৰি আজি অমিত শ্বাহৰ স্পষ্ট মন্তব্য– কংগ্রেছক সহায় কৰিবলৈ আন্দোলনকাৰীয়ে জন্ম দিছে নতুন দলৰ৷ অসম আন্দোলনৰ সময়ত কংগ্রেছে আন্দোলন ৰোধ কৰিবলৈ আন্দোলনকাৰীসকলৰ ওপৰত গুলীচালনা কৰিছিল৷ সেই কংগ্রেছক নির্বাচনত জয়ী কৰাবলৈ আজি আন্দোলনকাৰীৰ দ্বাৰা গঠিত নতুন দল নামি পৰিছে৷ তেওঁলোকৰ একমাত্র উদ্দেশ্য বিজেপিৰ ভোট কাঢ়ি কংগ্রেছক জয়যুক্ত কৰোৱা৷ তেওঁলোকেও জানে যে নির্বাচনত নিজে জয়ী হ’ব নোৱাৰে৷

আন্দোলনকাৰীৰ এই উদ্দেশ্য–লক্ষ্য বৰ দুখদায়ক আৰু গৰিহণাৰ যোগ্য৷ কিন্তু আগন্তুক নির্বাচনত সকলো বিৰোধী দল বিজেপিৰ ওচৰত ধৰাশায়ী হ’ব৷ কিয়নো অসম আন্দোলনৰ দ্বাৰা গঠন হোৱা অসম গণ পৰিষদ বিজেপিৰ লগত আছে৷ সমগ্র দেশক একত্রিত কৰা বিজেপি আৰু অগপৰ মিত্রজোঁটে এইবাৰ পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব৷ সেয়াই নহয়, এই মিত্রজোঁটে এক তৃতীয়াংশ আসন লাভ কৰিব৷ অসমৰ জনতাই বিশ্বাস কৰে, বিজেপিয়ে অগপৰ সৈতে লগ হৈ এখন উন্নয়নমূলক, দুর্নীতিমুখী, বিদেশীমুক্ত অসম নির্মাণ কৰিব পাৰিব৷ অমিত শ্বাহে পুনৰ কয়– কেন্দ্রীয় চৰকাৰে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ প্রতি সদায় আন্তৰিকতা দেখুৱাই আহিছে৷ বিজেপিৰ চৰকাৰ গঠনৰ পাছতেই অসমত ২০ হাজাৰ কিলোমিটাৰৰ অধিক পথ নির্মাণ, লজিষ্টিক পার্ক নির্মাণ, ১,১০০ কোটি টকা ব্যয়েৰে এইমছ নির্মাণ, পেট্র’কেমিকেল খণ্ডলৈ ১,৭০০ কোটি টকাৰ অনুদান, মাজুলী সংযোগী দলং নির্মাণৰ বাবে ৯৫০ কোটি টকা, তৈলখণ্ডৰ বাবে ৪৭,০০০ কোটি টকাৰ অনুদানৰ লগতে বানপানীৰ স্থায়ী সমাধানৰ বাবেও বিশেষ ব্যৱস্থা হাতত লোৱা হৈছে৷

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রতিমুহূর্তত অসমক গুৰুত্ব প্রদান কৰি আহিছে৷ এটা সময় আছিল যেতিয়া অসম হিংসা আৰু আন্দোলনৰ বাবে পৰিচিত আছিল৷ কিন্তু প্রধানমন্ত্রী মোদীয়ে অসমৰ গৌৰৱ বৃদ্ধিৰ বাবে বিগত সময়ছোৱাত বিভিন্ন পদক্ষেপ গ্রহণ কৰিলে৷ অসমৰ সু–সন্তান ভূপেন হাজৰিকাক ‘ভাৰতৰত্ন’ প্রদান কৰি অসমক সন্মানিত কৰিলে৷ বটদ্রৱাৰ বিশাল সভাৰ পাছতে আজি কার্বি আংলঙৰ ডেনগাঁৱত আন এখন বিশাল সভা সম্বোধন কৰি গৃহমন্ত্রী অমিত শ্বাহৰ মন্তব্য– পূর্বৰ কংগ্রেছৰ কার্যকালত চৰমভাৱে অৱহেলা কৰা হৈছিল পাহাৰীয়া জিলাক৷ কিন্তু বিজেপি নেতৃত্বাধীন কেন্দ্র আৰু ৰাজ্য চৰকাৰে কার্বি আংলং, পশ্চিম কার্বি আংলং আৰু ডিমা হাছাও জিলাৰ সামগ্রিক উন্নয়নৰ বাবে পদক্ষেপ গ্রহণ কৰিছে৷ পূর্বতে এই জিলাসমূহত ন্যায্য প্রাপ্তিৰ বাবে আন্দোলন কৰিব লগা হৈছিল৷ কিন্তু এতিয়া বিজেপি চৰকাৰে জনসাধাৰণৰ প্রত্যাশা পূৰণ কৰিবলৈ সক্ষম হৈছে৷

You might also like