নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱৰ জন্মস্থানলৈ আহিব পৰাটোৱে মোৰ পৰম সৌভাগ্য

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ  মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ আদর্শত ৰামৰাজ্যৰ কল্পনা নিহিত হৈ আছে৷ মানৱ জাতিৰ একাত্মবোধ, ভাতৃত্ব আৰু মানৱবোধৰ নিদর্শন ভাৰতীয়ই শংকৰদেৱ আৰু মাধৱদেৱৰ পৰা অনুকৰণ কৰিব লাগিব৷ –এই মন্তব্য কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ৷ আজি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক লগত লৈ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান শ্রীশ্রীবটদ্রৱা থানৰ সৌন্দর্যবর্ধন প্রকল্পৰ মাংগলিক শুভাৰম্ভ কৰি এইদৰে মন্তব্য কৰে৷ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত এই উপলক্ষে আয়োজিত বিশাল জনসভা সম্বোধন কৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে তেওঁৰ ভাষণত কয়– স্বাধীনতাৰ আগতেই মহাত্মা গান্ধীয়ে কৈছিল– আপোনালোক অসমীয়া জাতি সৌভাগ্যৱান৷ জগতগুৰু শ্রীমন্ত শংকৰদেৱে ৫০০ বছৰ পূর্বেই এই পৱিত্র ভূমিত ৰামৰাজ্য প্রতিষ্ঠা কৰি গৈছে৷ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থানলৈ আহিব পৰাটোৱেই পৰম সৌভাগ্য৷ গুৰুজনাৰ ওচৰলৈ আহিবলৈ কৃপাদৃষ্টি লাগিব৷ ভাষণত গৃহমন্ত্রীগৰাকীয়ে কয়– বটদ্রৱাৰ পৰা মহাপুৰুষজনাই ভক্তি–সংস্কৃতিৰ পৰম্পৰা সূচনা কৰি এই আদর্শ কেৱল অসমতেই নহয়, সমগ্র ভাৰততেই বিয়পাই দিছিল৷ শ্রীমন্ত শংকৰদেৱে যি ভক্তি আন্দোলনৰ সূচনা কৰিছিল, সেই আন্দোলনক মহাপুৰুষ মাধৱদেৱে আগুৱাই লৈ গৈছিল৷ শ্রীমন্ত শংকৰদেৱে কেৱল ভক্তিৰ আন্দোলনেই নহয়, ভাৰতৰ একতা আৰু সংহতি শক্তিশালীকৰণৰ বাবে বিভিন্ন পদক্ষেপ লৈছিল৷ উত্তৰ–পূর্বাঞ্চলক দেশৰ সৈতে সাংস্কৃতিক, আধ্যাত্মিকভাৱে সংযুক্তকৰণৰ দিশত গুৰুজনাই মহান বৰঙণি আগবঢ়াই গৈছে৷ মহাপুৰুষৰ এই জন্মস্থানক এখন আদর্শ স্মাৰক হিচাপে গঢ়ি তোলাৰ বাবে ১৮৮ কোটি টকাৰ যি প্রকল্প লৈছে, তাৰ বাবে অসম চৰকাৰ নিশ্চয়কৈ ধন্যবাদৰ পাত্র৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে এই প্রকল্পৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে৷

ভাষণত তেওঁ কয়– ১৫ বছৰ কংগ্রেছে অবিৰতভাৱে ৰাজ্যৰ শাসনত থকা সত্ত্বেও গুৰুজনাৰ জন্মস্থানত এনেধৰণৰ স্মাৰক নির্মাণৰ বাবে পদক্ষেপ নল’লে৷ কিন্তু ২০১৬ চনত বিজেপি নেতৃত্বাধীন বর্তমানৰ ৰাজ্য চৰকাৰখন ক্ষমতালৈ আহি এই কাম সম্ভৱ কৰি তুলিলে৷ বর্তমানৰ চৰকাৰে দায়িত্ব গ্রহণৰ পাছতেই মহাপুৰুষগৰাকীৰ জন্মস্থান বটদ্রৱাক যুগে যুগে মানৱ সমাজক প্রেৰণা দিব পৰা স্থান হিচাপে গঢ়ি তোলাৰ বাবে শক্তিশালী পদক্ষেপ গ্রহণ কৰিছে৷ এই প্রসংগত গৃহমন্ত্রীগৰাকীয়ে স্বাধীনতা সংগ্রামত নগাঁও জিলাৰ আত্মত্যাগ আৰু আত্মবলি দিয়া বীৰ–বীৰাংগনাসকল কথাও স্মৰণ কৰে৷ অসমক ভাৰতৰ লগত সংযুক্ত কৰাৰ বাবে লোকপ্রিয় গোপীনাথ বৰদলৈৰ অৱদানৰ কথা উল্লেখ কৰি গৃহমন্ত্রীগৰাকীয়ে এথলীট হিমা দাস আৰু গায়ক পাপনৰ কথা উল্লেখ কৰে৷ ভাষণ প্রসংগত তেওঁ কয়– নামঘৰসমূহক শক্তিশালী কৰাৰ বাবে বর্তমানৰ ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰিছে৷ ইয়াৰ বাবে চৰকাৰ ধন্যবাদৰ পাত্র৷ মই চৰকাৰক অনুৰোধ কৰিম– এই নামঘৰ, সত্রসমূহক বছৰি ২৫ হাজাৰ টকাকৈ অনুদান আগবঢ়োৱা হওক৷ গঁড় হত্যা এতিয়া বন্ধ হৈছে আৰু এটা কামেই বাকী আছে– সেয়া হ’ল বানপানীৰ পৰা অসমক মুক্ত কৰা৷ প্রতিবাৰে অসমত বানপানীয়ে ভয়ংকৰ ৰূপ লয়৷ বানপানীৰ সৈতে যুঁজ দিব লগা হয় অসমৰ জনতাই৷ খেতিপথাৰ নষ্ট হয়, গৃহহীন হৈ পৰে বহু লোক৷ এনে সমস্যাৰ পৰা অসমক মুক্ত কৰিবলৈ কেন্দ্রীয় চৰকাৰ আগবাঢ়িছে৷ ছেটেলাইট মাধ্যমেৰে ইয়াৰ পর্যবেক্ষণ চলি আছে৷ এনে কিছুমান স্থান বাছি উলিওৱা হৈছে, য’ৰ পৰা পানী ডাইভার্ট কৰি ডাঙৰ ডাঙৰ পুখুৰী নির্মাণ কৰা হ’ব৷ সেই ঠাইক পর্যটনৰ ক্ষেত্র হিচাপে গঢ় দিয়া হ’ব৷ জলসিঞ্চনৰ বাবে এই পুখুৰীসমূহ ব্যৱহূত হ’ব৷

অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ মন্তব্য– মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক বাদ দি অসমীয়া জাতিয়ে কেতিয়াও নিজৰ পৰিচয় বিশ্বৰ বুকুত শক্তিশালীভাৱে দাঙি ধৰিব নোৱাৰে৷ আনহাতে, ‘জয় জয় বটদ্রৱা বৈকুণ্ঠ দুতয়, সেহি স্থানে নিজ গুৰু ভৈলন্ত উদয়’ শীর্ষক বটদ্রৱা থান বর্ণনা গীতেৰে ভাষণৰ আৰম্ভণি কৰা মুখ্যমন্ত্রী সোণোৱালে কয়– গুৰুজনাৰ বিষয়ে গুণানুকীর্তন কৰাৰ ধৃষ্টতা মোৰ নাই৷ মানৱ জাতিৰ শান্তিৰ বার্তা দিবলৈ গুৰুজনাৰ আদর্শৰে অনুপ্রাণিত হ’ব লাগিব৷ নৱপ্রজন্মক শ্রীমন্ত শংকৰদেৱৰ লগতে বৈষ্ণৱ গুৰুসকলক জীৱন দর্শন অধ্যয়নৰ জৰিয়তে বিশ্বৰ মানৱ জাতিৰ সন্মুখত চিনাকি দিব লাগিব৷ মহাপুৰুষগৰাকীৰ জীৱনজোৰা সাধনা, ল’ৰালি কালৰ পৰা জীৱনৰ অন্তিম মুহূর্তলৈকে সমাজখনক দি যোৱা কর্মপ্রেৰণাই শৃংখলাবদ্ধতাৰে সমাজখনক আগুৱাই নিয়াত শক্তিশালী উপাদান প্রদান কৰি গৈছে৷ গুৰুজনাই স্থাপন কৰা নামঘৰ অসমীয়া জাতীয় সংহতিত মূল আধাৰ ৰূপে পৰিগণিত হৈছে৷ মুখ্যমন্ত্রীয়ে কয়– মই নিজে কৃষ্ণভক্ত হিচাপে গৌৰৱবোধ কৰোঁ, বিশ্বৰ ৭০০ কোটি জনসাধাৰণৰ মাজত শান্তি আৰু সম্ভাৱনা শক্তিশালী কৰিবলৈ হ’লে গুৰুজনাৰ আদর্শৰে আমি পৰিচালিত হ’ব লাগিব৷ বিশাল সভাত ভাষণ প্রদান কৰি বিত্ত, স্বাস্থ্য আদি বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– গুৰুজনাই অসমীয়া জাতিক সাংস্কৃতিক, আধ্যাত্মিক দিশেৰে সমৃদ্ধ কৰি গৈছে৷ অসমীয়া জাতীয় জীৱনৰ বাবে আজি উল্লেখযোগ্য দিন৷ আমি গুৰুজনাক অসমত নহয়, সমগ্র বিশ্বত পৰিচয় কৰাব বিচাৰিছোঁ৷ অসমীয়া জাতিক আগুৱাই নিবলৈ হ’লে শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ আদর্শ অনুকৰণ কৰিব লাগিব৷ আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে শ্রীমন্ত শংকৰদেৱৰ পৱিত্র জন্মভূমিত উপস্থিত হৈ বটদ্রৱা থানৰ সৌন্দর্যবর্ধনৰ কাম শুভাৰম্ভ কৰি অসমবাসীক গৌৰৱান্বিত কৰিছে৷ শ্রীমন্ত শংকৰদেৱে ৫০০ বছৰ আগেয়ে জন্মলাভ কৰি নৱবৈষ্ণৱ আন্দোলনৰ জৰিয়তে জাতিটোক প্রেৰণা যোগাই গৈছিল৷ ভাৰতভূমিৰ লগত সংযুক্ত কৰি মহাপুৰুষগৰাকীয়ে এক নতুন চিন্তা আৰু দর্শনৰ উন্মেষ সাধন কৰিছে৷ পূর্বৰ বহুতো চৰকাৰ আহিল আৰু গ’ল যদিও মহাপুৰুষগৰাকীৰ জন্মস্থানক এনেদৰে সজাই–পৰাই তোলাৰ বাবে কোনো পদক্ষেপ নল’লে বুলিও ড০ শর্মাই আক্ষেপ প্রকাশ কৰে৷ কিন্তু বর্তমানৰ ৰাজ্য চৰকাৰখনে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ প্রেৰণাত বটদ্রৱা থানক পঞ্জাবৰ স্বর্ণ মন্দিৰৰ দৰে জগত বিখ্যাত কৰাৰ বাবে সংকল্প লৈছে বুলি তেওঁ কয়৷

মন্ত্রীগৰাকীয়ে তেওঁৰ ভাষণত সত্র, মন্দিৰ, দেৱালয়ৰ উন্নয়ন, অসমৰ দৰিদ্র জনসাধাৰণৰ বাবে গ্রহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ লগতে ৰাজ্যখনৰ বিকাশৰ বাবে লোৱা বিভিন্ন আঁচনিৰ কথাও উল্লেখ কৰে৷ উল্লেখ্য যে কালি নিশা গুৱাহাটীত উপস্থিত হোৱা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি পুৱা বি এছ এফৰ হেলিকপ্ঢাৰেৰে উপস্থিত হয় পুৰণিগুদামৰ মহামৃত্যুঞ্জয় মন্দিৰত৷ নগাঁও জিলাৰ পুৰণিগুদামৰ সমীপৱর্তী ভেৰভেৰীৰ নৰসিংহ ক্ষেত্র নির্মাণ সম্পূর্ণ হোৱা বিশ্বৰ সর্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰ দর্শনৰ উদ্দেশ্যে উপস্থিত হোৱা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক মন্দিৰ প্রাংগণত উষ্ম সম্বর্ধনা জনোৱা হয়৷ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে প্রথমে নির্মাণ সম্পূর্ণ হোৱা বৃহৎ মন্দিৰটো পৰিদর্শনৰ পাছত মন্দিৰৰ কাষত থকা অস্থায়ী যজ্ঞ মণ্ডপত উপস্থিত হয়৷ অহা ২৭ ফেব্রুৱাৰীৰ পৰা ৫ মার্চলৈ চলিবলগীয়া মন্দিৰৰ প্রাণ প্রতিষ্ঠা মহোৎসৱৰ বাবে চলি থকা যজ্ঞ, বেদপাঠ আৰু আহুতি প্রদান কার্যসূচীত তেওঁলোকে অংশগ্রহণ কৰে৷ মন্দিৰ দর্শন আৰু পূজা–র্চনাৰ পাছতে উপস্থিত ভক্তবৃন্দক সম্বোধন কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয়– বাবা ভৃগুগিৰি মহাৰাজে সংকল্প কৰা এই ভূমিত স্থাপন হোৱা মন্দিৰে এই ভূমিক অধিক পৱিত্র কৰি তুলিলে৷ অসম এতিয়া বিকাশৰ গতিত আগবাঢ়িছে বুলি উল্লেখ কৰি অমিত শ্বাহে কয়– একমাত্র বিকাশেই নহয়, উদ্যোগ, শিক্ষা আদিৰ ক্ষেত্রতো ৰাজ্যখনত এতিয়া পৰিৱর্তন আহিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত বিজেপি চৰকাৰখনে যোৱা পাঁচটা বছৰত ৰাজ্যত এক নতুন যুগৰ সূচনা কৰিলে৷ মহামৃত্যুঞ্জয় যজ্ঞ আৰু মন্দিৰৰ প্রাণ প্রতিষ্ঠা সমাৰোহৰ কথা উল্লেখ কৰি তেওঁ কয়– ভগৱান শিৱৰ আশীর্বাদ অসম তথা ভাৰতবাসীৰ শিৰত সদায় থাকিব৷ এই অনুষ্ঠানৰ পাছতেই বটদ্রৱাত উপস্থিত হোৱা অমিত শ্বাহে দুপৰীয়াৰ ভাগত কাবি আংলঙত আন এখন বিশাল জনসভাও সম্বোধন কৰে৷ উল্লেখ্য যে বটদ্রৱাত অনুষ্ঠিত বিশাল সমাৰোহত আজি কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, কৃষিমন্ত্রী অতুল বৰা, জলসম্পদ বিভাগৰ মন্ত্রী কেশৱ মহন্ত, মন্ত্রী নৱ কুমাৰ দলে, ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকা, সাংসদ কামাখ্যাপ্রসাদ তাছা, কুইন ওজা, বিধায়কা আঙুৰলতা ডেকা, ৰূপক শর্মা, ডিম্বেশ্বৰ দাস, ৰমাকান্ত দেউৰী, নৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱগোস্বামী, শ’লগুৰি সত্রৰ সত্রাধিকাৰ যোগেন্দ্র নাৰায়ণ দেৱ মহন্ত, কমলাবাৰী সত্রৰ সত্রাধিকাৰ জনার্দন দেৱগোস্বামী আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
কার্বি আংলঙত বিশাল জনসভা সম্বোধন কৰি গৃহমন্ত্রী অমিত শ্বাহ
বিজেপি চৰকাৰে পাহাৰীয়া ৰাইজৰ প্রত্যাশা পূৰণ কৰিবলৈ সক্ষম হৈছে
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি কার্বি আংলঙৰ ডেনগাঁৱত ঐক্য, শান্তি আৰু উন্নয়নৰ বাবে আয়োজিত এখন বিশাল জনসভা সম্বোধন কৰি কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰ আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে লোৱা ফলপ্রসূ পদক্ষেপৰ ফলত আজি অসমলৈ শান্তি ঘূৰি আহিছে আৰু কেইবাটাও উগ্রপন্থী সংগঠনে অস্ত্র সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহিছে৷ আজি কিছু দিনৰ আগতে কার্বি আংলঙৰ পাঁচটাকৈ উগ্রপন্থী সংগঠনৰ ১,০৪০গৰাকী সদস্যই মুখ্যমন্ত্রীৰ সন্মুখত অস্ত্র সম্বৰণ কৰিছে৷ তেওঁ কয়– হিংসাৰ পথ পৰিহাৰ কৰাৰ বাবে আজি কার্বি আংলং, পশ্চিম কার্বি আংলং আৰু ডিমা হাছাও জিলাই ক্ষিপ্রগতিত শান্তি আৰু সমৃদ্ধিৰ পথেৰে ধাৱমান হৈছে৷ শান্তি অবিহনে প্রগতি সম্ভৱ নহয় বুলি উল্লেখ কৰি কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ দায়বদ্ধ পদক্ষেপৰ বাবে বডো উগ্রপন্থী সংগঠনসমূহৰ লগতে বিভিন্ন সংগঠনৰ সদস্যই আজি অস্ত্র সম্বৰণ কৰি মূলসুঁতিলৈ উভতি আহিছে৷ পূর্বৰ কংগ্রেছ চৰকাৰৰ কার্যকালত অসমৰ পার্বত্য জিলাকেইখনক অৱহেলা কৰা হৈছিল৷ সেই সময়ছোৱাত উক্ত অঞ্চলত কোনো ধৰণৰ উল্লেখযোগ্য উন্নয়নী পদক্ষেপ লোৱা হোৱা নাছিল৷ কিন্তু বিজেপি নেতৃত্বাধীন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ কার্যকালত ৰাজ্যখনৰ কার্বি আংলং, পশ্চিম কার্বি আংলং আৰু ডিমা হাছাও জিলাকেইখনে শিক্ষা, শক্তি, পথ উন্নয়ন আদি সকলো ক্ষেত্রতে দ্রুত উন্নয়নৰ পথেৰে আগবাঢ়িবলৈ সক্ষম হৈছে৷ আজি কার্বি আংলঙত কেইবাকোটি টকাৰ বিভিন্ন প্রকল্প, ডিফুত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লগতে জিলাখনৰ জনসাধাৰণে আইন মহাবিদ্যালয়, আদর্শ মহাবিদ্যালয় স্থাপনৰ বাবে জনাই অহা দাবী অতি সোনকালে পূৰণৰ পথত৷ ভাষণ প্রসংগত গৃহমন্ত্রীগৰাকীয়ে কয়– পূর্বতে অসমে যিকোনো ন্যায্যপ্রাপ্তিৰ বাবে আন্দোলন কৰিবলগীয়া হৈছিল৷ কিন্তু বিজেপি চৰকাৰে পাহাৰীয়া ৰাইজৰ প্রত্যাশা পূৰণ কৰিবলৈ সক্ষম হৈছে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কার্বি আংলং জিলাৰ জনসাধাৰণে প্রদান কৰা মৰম, চেনেহৰ প্রতি সন্মাই জনাই এই অঞ্চলটোক ৰাজ্যখনৰ এক বিশেষ উন্নত অঞ্চল হিচাপে গঢ়ি তোলাৰ বাবে ভৱিষ্যতে আৰু অধিক শক্তিশালী পদক্ষেপ লৈ যাব বুলিও তেওঁ কয়৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কার্বি আংলংবাসীক ধন্যবাদ জ্ঞাপন কৰি কয় যে কার্বি আংলং, পশ্চিম কার্বি আংলংবাসীয়ে আজি প্রমাণ কৰি দেখুৱালে যে তেওঁলোকে কেৱল শান্তি আৰু উন্নয়নহে বিচাৰে৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে পাঁচটা কার্বি উগ্রপন্থী গোটৰ অস্ত্র সম্বৰণ কৰা ১,০৪০গৰাকী সদস্যক তেওঁলোকে মূলসুঁতিলৈ ঘূৰি অহা বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ নীতি সাৰোগত কৰি ৰাজ্য চৰকাৰখনে ৰাজ্যখনক এক সন্ত্রাসবাদমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্প পূৰণ কৰিব পাৰিছে বুলিও তেওঁ কয়৷ অনুষ্ঠানত ভাষণ প্রদান কৰি বিত্ত, স্বাস্থ্য ইত্যাদি বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কার্বি আংলং আৰু পশ্চিম কার্বি আংলং জিলাত ৰূপায়ণ হৈ থকা বিভিন্ন শৈক্ষিক প্রতিষ্ঠান স্থাপনৰ কাম–কাজৰ বিষয়ে সদৰী কৰে৷ মন্ত্রীগৰাকীয়ে লগতে কয় যে কার্বি আংলঙত অতি সোনকালে এখন ৰাজ্যিক বিশ্ববিদ্যালয় আৰু এখন অভিযান্ত্রিক মহাবিদ্যালয় স্থাপন কৰা হ’ব৷ অনুষ্ঠানত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যাবাহী সদস্য তুলিৰাম ৰংহাঙেও ভাষণ প্রদান কৰে৷ আজিৰ এই সভাত পার্বত্য অঞ্চল উন্নয়ন বিভাগৰ মন্ত্রী ছুম ৰংহাং, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱলাল গার্লোছা, সাংসদ হৰেনছিং বে’, বিধায়কসকল বি বি হাগজেৰ, ডাঃ নোমল মমিন, মানছিং ৰংপিৰ লগতে বহুসংখ্যক গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷

You might also like